ETV Bharat / state

পুনৰ পুত্তলিকা জ্বলিছে: বৃহৎ নদী-বান্ধৰ বিৰুদ্ধে দল-সংগঠনৰ প্ৰতিবাদ

author img

By

Published : Sep 3, 2021, 3:49 PM IST

ethnic-organizations-protest-against-big-dam-starts-again-in-assam
পুনৰ পুত্তলিকা জ্বলিছে : বৃহৎ নদী-বান্ধৰ বিৰুদ্ধে দল-সংগঠনৰ প্ৰতিবাদ

নামনি-সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ বিৰুদ্ধে তীব্ৰ হৈছে দল-সংগঠনৰ প্ৰতিবাদ ৷ শুকুৰবাৰে, লখিমপুৰত নিৰ্মীয়মান জলবিদ্যুৎ প্ৰকল্পটোৰ বিৰুদ্ধে প্ৰতিবাদত নামিল চুতীয়া ছাত্ৰ সন্থা ৷ ইয়াৰ পূৰ্বে 7 খন জিলাৰ প্ৰতিনিধিৰ এটা বৃহৎ দল লগত লৈ প্ৰকল্প স্থলীত উপস্থিত হৈ বুধবাৰে আছুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই ইয়াৰ বিৰুদ্ধে চৰকাৰক হুংকাৰ দিছিল ৷

লখিমপুৰ, ৩ ছেপ্টেম্বৰ : শুকুৰবাৰে, লখিমপুৰত নিৰ্মীয়মান নামনি-সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ বিৰুদ্ধে চুতীয়া ছাত্ৰ সন্থাই সাব্যস্ত কৰিলে প্ৰতিবাদ । এই প্ৰতিবাদী কাৰ্যসূচীৰ অংশ স্বৰূপে মুখ্যমন্ত্ৰী, এন এইচ পি চি( NHPC )ৰ পুত্তলিকা দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনটোৱে । আন কেইবাটাও সংগঠনৰ লগতে এইদৰে লখিমপুৰত জলবিদ্যুৎ প্ৰকল্পটোৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্য্যসূচী গ্ৰহণ কৰে চুতীয়া ছাত্ৰ সন্থাই ।

পুত্তলিকা দাহ কৰি কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰ আৰু এন এইচ পি চিৰ বিৰুদ্ধে শ্লোগান দি জনগোষ্ঠীয় সংগঠনটোৰ কৰ্মী সকলে উত্তাল পৰিবেশ সৃষ্টি কৰে । ৰাইজৰ জীৱন সম্পত্তি বিনষ্টকাৰী এই প্ৰকল্পটো কোনো কাৰণতে নিৰ্মাণ কৰিবলৈ দিয়া নহ’ব বুলি স্পষ্ট কৰি দিয়ে প্ৰতিবাদকাৰী সকলে । চৰকাৰে বলপূৰ্বক প্ৰকল্পটো নিৰ্মাণ সম্পুর্ণ কৰিব বিচাৰিলে তীব্ৰ আন্দোলন গঢি তোলা হ’ব বুলিও সংগঠনটোৱে চৰকাৰক সকিয়নী প্ৰদান কৰে ।

পুনৰ পুত্তলিকা জ্বলিছে : বৃহৎ নদী-বান্ধৰ বিৰুদ্ধে দল-সংগঠনৰ প্ৰতিবাদ

উল্লেখযোগ্য যে, ইয়াৰ পূৰ্বে যোৱা বুধবাৰে লখিমপুৰ, ধেমাজিকে ধৰি 7 খন জিলাৰ সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতিনিধিসহ এটা সঁজাতি দলক লগত লৈ আছুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই NHPC ৰ প্ৰকল্পৰ নিৰ্মাণ থলী পৰিদৰ্শন কৰে ৷ প্ৰকল্প থলী পৰিদৰ্শন কৰি তেওঁ কয় যে, নামনিৰ ৰাইজৰ জীৱন-সম্পত্তিৰ নিৰাপত্তা নিশ্চিত নোহোৱা পৰ্যন্ত চৰকাৰে প্ৰকল্প নিৰ্মাণৰ কাম বন্ধ ৰাখিবই লাগিব ।

ইয়াৰোপৰি বিশেষজ্ঞ সমিতিৰ প্ৰতিবেদন অনুসৰি, ৰাইজৰ মত আওকাণ কৰি নিৰ্মাণ কৰি থকা প্ৰকল্পটোত প্ৰতিবছৰে বাৰিষাৰ সময়চোৱাত অঘটন ঘটি আহিছে আৰু ইয়াক লৈ ৰাইজ শংকিত হৈ পৰিছে বুলিও তেওঁ মন্তব্য কৰিছিল ৷ এন এইচ পি চি আৰু চৰকাৰক তীব্ৰ সমালোচনা কৰি বৰুৱাই বিগত সময়চোৱাত বৃহৎ নদীবান্ধৰ বিৰোধিতা কৰা বিজেপি চৰকাৰে ক্ষমতালৈ আহি ওলোটা খৰ মাৰাৰ অভিযোগ উত্থাপন কৰে । ইয়াৰোপৰি নামনিৰ ৰাইজৰ জীৱন-সম্পত্তিৰ নিৰাপত্তা নিশ্চিত নোহোৱা পৰ্যন্ত প্ৰকল্পটো নিৰ্মাণ কৰিবলৈ দিয়া নহ’ব বুলিও এক হুংকাৰ দিয়া পৰিলক্ষিত হৈছিল আছুৰ সাধাৰণ সম্পাদক গৰাকীক ৷

লগতে পঢ়ক : বিপদসংকুলভাৱে নাৱেৰে কৰ্তব্য পালন বনকৰ্মীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.