ETV Bharat / state

অৱশেষত ত্ৰিপুৰা পালৈগে ইন্ধনভৰ্তি ৰে’ল - Lumding To Badarpur Train

author img

By ETV Bharat Assamese Team

Published : May 12, 2024, 9:51 PM IST

Lumding Divison Train Service: ইন্ধনৰ সংকটৰ ক্ষেত্ৰত কিছু সকাহ পালে ত্ৰিপুৰাই ৷ অসমত আৱদ্ধ হৈ থকা ইন্ধনভৰ্তি ৰে’ল কোনোমতে ৰাজ্যখনত প্ৰৱেশ কৰিলে ৷

Lumding Divison Train Service
অৱশেষত ডিমা হাছাওৰ পৰা ত্ৰিপুৰা পালৈগে ইন্ধনভৰ্তি ৰে’ল (NF railway)

হাফলং, 12 মে’ : প্ৰায় 15 দিন যাত্ৰাপথত আৱদ্ধ হৈ থকা পিচত ত্ৰিপুৰাত উপস্থিত হৈছে এখন ইন্ধনভৰ্তি ৰে’ল ৷ লামডিং-বদৰপুৰ পাহাৰ লাইন পথত আৱদ্ধ হৈ পৰা ৰে’লখন ইতিমধ্য ত্ৰিপুৰাত উপস্থিত হৈছে ৷ উল্লেখ্য যে যোৱা 25 এপ্ৰিলৰ পৰা লামডিং-বদৰপুৰ পাহাৰ লাইনত মালবাহী ৰে’লৰ চলাচল বন্ধ হৈ আছিল ৷

যোৱা 25 এপ্ৰিলত ধাৰাসাৰ বৰষুণৰ ফলত লামডিং-বদৰপুৰ পাহাৰ লাইনৰ হাৰেংগাজাও আৰু জাতিংগা লামপুৰ ষ্টেচনৰ মাজতে 110/7 কিলোমিটাৰত ৰেল লাইনৰ তলৰ মাটি বহি গৈছিল ৷ ফলত উক্ত অংশত এখন মালবাহী ৰে’লৰ চকা লাইনচ্যুত হোৱাৰ ফলতে ৰে’লসেৱা ব্যাহত হৈ পৰিছিল ।

পৱৰৰ্তী সময় দূৰণিবটীয়া যাত্ৰীবাহী ৰে’লৰ সময় পৰিৱৰ্তন কৰি চলাচল অব্যাহত ৰাখিছিল যদিও বিগত 15 দিনৰ পৰা মালবাহী ৰে’লৰ চলাচল বন্ধ আছিল । যাৰ ফলত বৰাক উপত্যকা, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাত খাদ্য সংকটে দেখা দিয়াৰ আশংকা হৈছিল ।

বিশেষকৈ ত্ৰিপুৰাত দেখা দিছিল ইন্ধনৰ সংকট । কিন্তু শনিবাৰে লামডিং-বদৰপুৰ পাহাৰ লাইনৰ হাৰেংগাজাও আৰু জাতিংগা লামপুৰৰ 110/7 কিলোমিটাৰ অংশ পাৰ হৈ যায় 49 ওয়াগণযুক্ত এখন ইন্ধনৰ ৰেলগাড়ী । ইন্ধন লৈ ৰে’লগাড়ীখন ত্ৰিপুৰাৰ ধৰ্মনগৰত উপস্থিত শনিবাৰে নিশা । যাৰ বাবে এতিয়া ত্ৰিপুৰাত ইন্ধনৰ সংকট কিছু হ’লেও দূৰ হৈছে ।

শনিবাৰে মুঠ চাৰিখন মালবাহী ৰে’ল পাৰ হৈ যায় জাতিংগা-লামপুৰ অংশৰে । বৰ্তমানো লামডিং-বদৰপুৰ পাহাৰ লাইনত শিলচৰ-গুৱাহাটী-শিলচৰ এক্সপ্ৰেছ, গুৱাহাটী-দুল্লভচৰা-গুৱাহাটী এক্সপ্ৰেছ, গুৱাহাটী-বদৰপুৰ-গুৱাহাটী ট্যুৰিষ্ট ৰে’লগাড়ীখনৰ চলাচল বাতিল কৰা হৈছে যদিও পাহাৰ লাইনত ধীৰে ধীৰে সুচল হৈ উঠিছে ৰে’লৰ চলাচল ।

দেওবাৰে মালিগাঁৱৰ পৰা এখন বিশেষ ৰে’লযোগে উত্তৰ-পূব সীমান্ত ৰে’লৱে’ নিৰ্মান শাখাৰ মহা প্ৰবন্ধক সুনীল কুমাৰ ঝাই হাৰেংগাজাও আৰু জাতিংগা লামপুৰ ষ্টেচনৰ মাজতৰ 110/7 কিলোমিটাৰ অংশ পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লয় ।

লগতে পঢ়ক: ক্ষীপ্ৰ গতিত চলিছে লামডিং-শিলচৰ পাহাৰ লাইনৰ কাম

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.