বৰপেটাৰ মাজদিয়া গৰেমাৰী গো-ৰিজাৰ্ভত বেদখলকাৰীৰ দপদপনি

author img

By

Published : Sep 3, 2021, 2:59 PM IST

Cattle reserve encroachment at Barpeta

বেদখলকাৰীৰ কবলত বৰপেটাৰ মাজদিয়া গৰেমাৰী গো-ৰিজাৰ্ভ । ইতিমধ্যে দখল কৰিছে গো-ৰিজাৰ্ভৰ প্ৰায় ২০০ বিঘা মাটি । এই সন্দৰ্ভত বুধবাৰে মাজদিয়া-গৰেমাৰী গাঁও উন্নয়ন সমিতিৰে আলোচনা কৰিলে অসম গণ পৰিষদৰ ৰাজ্যিক মুখপাত্ৰ ধৰ্মেশ্বৰ ৰয়ে ।

বৰপেটা, ৩ ছেপ্তেম্বৰ: ঐতিহাসিক মাজদিয়া গৰেমাৰী গো-ৰিজাৰ্ভৰ অস্তিত্বৰ প্ৰতি ভাবুকি । বৰপেটা জিলাৰ সৰ্থেবাৰীৰ মাজদিয়া গো-ৰিজাৰ্ভৰ মাটি অবৈধভাৱে দখল কৰি একাংশ লোকে বসতি স্থাপন কৰিছে । গো-ৰিজাৰ্ভখন বেদখলমুক্ত কৰাৰ বাবে ৰাইজে দাবী জনাই আহিছে যদিও সেয়া হৈ উঠা নাই । বুধবাৰে বিয়লি এই সন্দৰ্ভত মাজদিয়া-গৰেমাৰী গাঁও উন্নয়ন সমিতিৰ কাৰ্যালয়ত এক আলোচনা সভাৰ আয়োজন কৰা হয় । গৰেমাৰী গাঁও উন্নয়ন সমিতিৰ কাৰ্যকৰী সভাপতি কামৰুজ জামানৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত অসম গণ পৰিষদৰ ৰাজ্যিক মুখপাত্ৰ ধৰ্মেশ্বৰ ৰয় উপস্থিত থাকে ।

বৰপেটাৰ মাজদিয়া গৰেমাৰী গো-ৰিজাৰ্ভত বেদখলকাৰীৰ দপদপনি

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই বেদখল হোৱা সকলো ৰিজাৰ্ভ বেদখল মুক্ত কৰিবলৈ প্ৰচেষ্টা হাতত লোৱা বুলি সভাত প্ৰকাশ কৰে অগপ নেতা গৰাকীয়ে । লগতে চৰকাৰে শীঘ্ৰেই মাজদিয়া গো- ৰিজাৰ্ভো বেদখল মুক্ত কৰিব বুলি স্থানীয় খিলঞ্জীয়া ৰাইজক তেওঁ আশ্বাস দিয়ে । উল্লেখ্য যে, ২২৮ বিঘা মাটি বিস্তৃত হৈ থকা মাজদিয়া গো-ৰিজাৰ্ভ বেদখল মুক্ত কৰিবলৈ ইতিমধ্যে সৰ্থেবাৰী ৰাজহ চক্ৰৰ চক্ৰ বিষয়া ত্ৰিদিব কোঁৱৰক স্মাৰক পত্ৰ প্ৰদান কৰিছে মাজদিয়া-গৰেমাৰী গাঁও উন্নয়ন সমিতিয়ে । ইয়াৰ পাছতে চক্ৰ বিষয়া ত্ৰিদীৱ কোঁৱৰে মাজদিয়া গো-ৰিজাৰ্ভ পৰিদৰ্শন কৰে ।

ঐতিহাসিক খিলঞ্জীয়া মুছলমান অধ্যুষিত মাজদিয়া-গৰেমাৰী গাঁৱৰ পশুধনৰ সুবিধাৰ্থে মাজদিয়া গো-ৰিজাৰ্ভখনৰ ব্যৱস্থা কৰা হৈছিল যদিও এতিয়া গো-ৰিজাৰ্ভখনত চলিছে দুস্কৃতিকাৰীৰ অবৈধ দখল । এতিয়া চৰকাৰে এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰি গো-ৰিজাৰ্ভখন সুৰক্ষিত কৰিব বুলি ৰাইজে আশা ব্যক্ত কৰিছে ।


লগতে পঢ়ক:বৈদ্যুতিক তাঁৰে প্ৰাণ কাঢ়িলে এটা বনৰীয়া হাতীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.