অসম

assam

যোৰহাটৰ ৰাজমাও পুখুৰীত উপঙি থকা অৱস্থাত মৃতদেহ উদ্ধাৰ

By

Published : Sep 30, 2022, 10:41 AM IST

যোৰহাটৰ ৰাজমাও পুখুৰীত উপঙি থকা অৱস্থাত মৃতদেহ উদ্ধাৰ

যোৰহাটৰ ৰাজমৌ পুখুৰীত উদ্ধাৰ কৰা হৈছে এটা মৃতদেহ ৷ মৃতদেহটোৰ কাষতে পোৱা গৈছে চুইচাইড নোট ৷ মৃত লোকজন পুলিবৰৰ পৰ্বতীয়া গাঁৱৰ ধ্ৰুৱজ্যোতি পাঠক (৫১) বুলি চিনাক্ত কৰা হৈছে (Dead body rescued in Jorhat) ।

যোৰহাট, 30 ছেপ্টেম্বৰ: যোৰহাটৰ ৰাজমৌ পুখুৰীত ওপঙি থকা অৱস্থাত উদ্ধাৰ মৃতদেহ ৷ মৃতদেহৰ কাষতে উদ্ধাৰ হৈছে এখন চুইছাইড নোট ৷ প্ৰাতঃভ্ৰমণ কৰিবলৈ অহা লোকে পুখুৰীত ওপঙি থকা অৱস্থাত প্ৰত্যক্ষ কৰে মৃতদেহটো (Dead body rescued in Jorhat)।

মৃতদেহটো প্ৰত্যক্ষ কৰি স্থানীয় ৰাইজে আৰক্ষীক খবৰ দিয়াৰ পাচতে আৰক্ষী উক্ত স্থানত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰে ৷ ইতিমধ্যে মৰণোত্তৰ পৰীক্ষাৰ বাবে মৃতদেহটো যোৰহাট চিকিৎসা মহাবিদ্যালয় ও চিকিৎসালয়লৈ(Jorhat Medical College and Hospital) প্ৰেৰণ কৰা হৈছে । আৰক্ষীয়ে জানিবলৈ দিয়া মতে, যোৰহাট চহৰৰ মাজমজিয়াৰ ৰাজমাও পুখুৰীত(Rajmao Pukhuri Jorhat) মৃত অৱস্থাত উদ্ধাৰ হোৱা ব্যক্তিজন পুলিবৰৰ পৰ্বতীয়া গাঁৱৰ ধ্ৰুৱজ্যোতি পাঠক (৫১) বুলি চিনাক্ত কৰা হৈছে ।

যোৰহাটৰ ৰাজমাও পুখুৰীত উপঙি থকা অৱস্থাত মৃতদেহ উদ্ধাৰ

আৰক্ষীয়ে পাঠক পৰিয়ালক ঘটনা সন্দৰ্ভত অৱগত কৰাত পৰিয়ালৰ লোক উক্ত স্থানত উপস্থিত হৈ মৃতদেহটো চিনাক্ত কৰে । পৰিয়াল লোকে জনোৱা মতে, শেহতীয়াকৈ তেওঁলোকৰ ঘৰত এক বিবাহ কাৰ্যসূচী অনুষ্ঠিত হ’ব । সেই সময়তে পাঠকৰ এই সিদ্ধান্তক লৈ আচৰিত হৈ পৰিছে তেওঁৰ পৰিয়াল তথা আত্মীয় স্বজন । অৱশ্যে পাঠকৰ আত্মহত্যাৰ আঁৰৰ সঠিক কাৰণ এতিয়াও জানিব পৰা হোৱা নাই যদিও তেওঁ লিখি থৈ যোৱা ছুইচাইড নোটৰ ভিত্তিত এয়া এক আত্মহত্যা বুলি আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে ৷

এই প্ৰসংগত গোচৰ ৰুজু কৰি আৰক্ষীয়ে প্ৰাথমিক তদন্ত চলোৱাৰ পাচতহে গম পোৱা যাব এইয়া হত্যা নে আত্মহত্যা । প্ৰশ্ন উত্থাপিত হৈছে যে, ঘৰত এখন বিবাহ অভ্যথনা অনুষ্ঠানৰ যো-জা চলি থকা সময়ত ব্যক্তিজনে এই চৰম সিদ্ধান্ত গ্ৰহণ কৰিবলৈ কি কাৰণে বাধ্য হৈ পৰিল ? উল্লেখ্য যে, যোৰহাটৰ ৰাজমাও পুখুৰীত বিগত সময়চোৱাতো বহুকেইটা মৃতদেহ উদ্ধাৰ হৈ আহিছে । এয়া এক অশুভ বাৰ্তা বুলি সচেতন মহলে মত প্ৰকাশ কৰিছে ।

লগতে পঢ়ক:নলবাৰীৰ মুকালমুৱাত ভয়াৱহ পথ দুৰ্ঘটনা: আহত পাঁচগৰাকী লোক

ABOUT THE AUTHOR

...view details