নলবাৰীৰ মুকালমুৱাত ভয়াৱহ পথ দুৰ্ঘটনা: আহত পাঁচগৰাকী লোক

author img

By

Published : Sep 30, 2022, 10:05 AM IST

Road accident at Mukalmua in Nalbari 5 injured

বৃহস্পতিবাৰে নিশা নলবাৰীৰ মুকালমুৱাত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা (Road accident at Mukalmua) । দুৰ্ঘটনাটোত পাঁচগৰকাৰকী লোক আহত হয় ( 5 injured in Road accident) ।

নলবাৰী, ৩০ ছেপ্টেম্বৰ: নলবাৰীৰ মুকালমুৱাত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা (Road accident at Mukalmua) । বৃহস্পতিবাৰে নিশা হোৱা দুৰ্ঘটনাটোত পাঁচগৰাকী লোক আহত হয় । হাজো-দৌলাশাল পথত সংঘটিত হয় এই দুৰ্ঘটনাটো ।

এখন টেম্পো আৰু চাৰিচকীয়া বাহনৰ মুখামুখি সংঘৰ্ষৰ ফলত সংঘটিত হয় দুৰ্ঘটনাটো । পথ দুৰ্ঘটনাটোত আহত কেইজনৰ নাম আলমিনা খানম, তাইজুদ্দিন আলী, চাহেদ আলী, মফিজুৰ ৰহমান আৰু মাইজান বুলি জানিব পৰা গৈছে (5 injured in Road accident) । ইতিমধ্যে আহত সকলক মুকালমুৱা চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও ইয়াৰে তিনিজনৰ আঘাত গুৰুতৰ হোৱাত চিকিৎসকে GMCHলৈ প্ৰেৰণ কৰে ।

নলবাৰীৰ মুকালমুৱাত পথ দুৰ্ঘটনা: আহত পাঁচজন

আহত আটাইকেইগৰাকীৰে ঘৰ মুকালমুৱাৰ সমীপৰ লাৰকুছিত । উল্লেখ্য যে, আহত লোককেইজনৰ মাজৰ আলমিনা খানম নামৰ মহিলাগৰাকী গৰ্ভৱতী আছিল, যাৰ বাবে পৰিয়ালৰ লোকে টেম্পো এখনত মুকালমুৱা চিকিৎসালয়লৈ চিকিৎসাৰ বাবে লৈ আহি আছিল । সেই সময়তে দুৰ্ঘটনাটো সংঘটিত হয় ৷

লগতে পঢ়ক: BREAKING NEWS: জম্মু-কাশ্মীৰত প্ৰচণ্ড গুলীয়াগুলী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.