অসম

assam

হোজাই জিলাত সমাজ কল্যাণ বিভাগৰ গুৰুত্বপূৰ্ণ সভা

By

Published : Dec 29, 2021, 7:55 PM IST

ৰাজ্যৰ শিশুসকলক স্বাস্থ্য নিৰীক্ষণৰ জৰিয়তে সুস্থ শিশু নিৰ্ধাৰণ কৰাৰ উদ্দেশ্যে মঙলবাৰে উপায়ুক্ত কাৰ্যালয়ৰ সভা গৃহত উপায়ুক্ত অনুপম চৌধুৰীৰ অধ্যক্ষতাত এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত কৰা হয় ৷

dfvf
cvbf

হোজাই, 29 ডিচেম্বৰ :ভাৰত চৰকাৰৰ মহিলা আৰু শিশু উন্নয়ন বিভাগ(Department of Women and Child Development of Assam)ৰ উদ্যোগত সমগ্ৰ দেশব্যাপী অহা আগন্তুক 2022 বৰ্ষৰ জানুৱাৰী মাহৰ ৮ পৰা ১৪ তাৰিখলৈকে সপ্তাহজোৰা এক অভিযান আৰম্ভ কৰাৰ কথা সদৰী কৰে । এই অভিযানৰ জৰিয়তে জন্মৰ পৰা ছবছৰীয়া শিশু সকলৰ স্বাস্থ্য নিৰীক্ষণৰ জৰিয়তে সুস্থ শিশু নিৰ্ধাৰণ কৰাৰ লগতে এখনি প্ৰমাণ পত্ৰ অনলাইন এপৰ জৰিয়তে প্ৰদান কৰা হয় ৷

হোজাই জিলাত সমাজ কল্যাণ বিভাগৰ গুৰুত্বপূৰ্ণ সভা
এই উপলক্ষে মঙলবাৰে উপায়ুক্ত কাৰ্যালয়ৰ সভা গৃহত উপায়ুক্ত অনুপম চৌধুৰীৰ অধ্যক্ষতাত সমাজ কল্যাণ বিভাগৰ মূখ্য সেৱীকা সকলৰ উপস্থিতত শিশু সকলৰ স্বাস্থ্যজনিত যাৱতীয় তথ্য নিৰ্ধাৰিত অনলাইন এপত সন্নিবিষ্টকৰণ প্ৰক্ৰিয়া সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ আলোচনা সভা অনুষ্ঠিত কৰা হয় । সভাৰ আৰম্ভণিতে পাৱাৰ পয়েন্ট প্ৰেজেনটেছনৰ জৰিয়তে উপস্থিত মুখ্য সেৱীকা সকলক তথ্য সন্নিবিষ্টকৰণ প্ৰক্ৰিয়া সন্দৰ্ভত সম্যক জ্ঞান প্ৰদান কৰা হয় ।
হোজাই জিলাত সমাজ কল্যাণ বিভাগৰ গুৰুত্বপূৰ্ণ সভা
এই প্ৰক্ৰিয়াটোক সুকলমে আৰু নিৰ্ধাৰিত সময়ৰ ভিতৰত সম্পূৰ্ণ কৰাৰ লক্ষ্যৰে সকলোকে এটি দল হিচাপে কাম কৰি যাবলৈ উপায়ুক্তগৰাকীয়ে আহ্বান জনোৱাৰ লগতে এই ক্ষেত্ৰত কোনো ধৰণৰ সমস্যাৰ সন্মুখীন হ'লে অনতিপলমে তেওঁৰ লগত যোগাযোগ কৰিবলৈ আহ্বান জনায় ৷


উক্ত সভাত অতিৰিক্ত উপায়ুক্ত ৰক্তিম বৰুৱা, জিলা সমাজ কল্যাণ বিষয়া মনিকা বৰঠাকুৰ, পোষণ অভিযানৰ জিলা সমন্বয়ক সম্প্ৰীতি তামুলী ফুকনৰ লগতে সমাজ কল্যাণ বিভাগৰ বিভিন্ন বিষয়া, কৰ্মচাৰী সকল উপস্থিত থাকে ।

লগতে পঢ়ক :কৰ্মচাৰী অবিহনে পৰিচালিত হৈছে হোজাই মহকুমা মীন উন্নয়ন বিষয়া কাৰ্যালয়

TAGGED:

ABOUT THE AUTHOR

...view details