অসম

assam

হোজাই জিলা পৰিদৰ্শন শিক্ষামন্ত্ৰী-স্বাস্থ্যমন্ত্ৰীৰ

By

Published : Jan 20, 2022, 9:25 PM IST

Ranoj Pegu and Keshab Mahanta visit Hojai

হাফলঙৰ কেবিনেট বৈঠকত অংশগ্ৰহণ কৰি উভতাৰ পথত হোজাই জিলা পৃথকে পৃথকে পৰিদৰ্শন কৰে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু আৰু স্বাস্থ্য মন্ত্ৰী কেশব মহন্তই (Ranoj Pegu and Keshab Mahanta visit Hojai) ৷ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে হোজাই জিলাৰ ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ত এখন পৰ্যালোচনা সভাত অংশ গ্ৰহণ কৰাৰ লগতে স্বাস্থ্যমন্ত্ৰী কেশব মহন্তই শঙ্কৰদেৱ নগৰৰ আৱৰ্ত ভৱনত উপস্থিত হৈ হিতাধিকাৰীসকলৰ সৈতে মত বিনিময় কৰে ৷

হোজাই, 20 জানুৱাৰী: অসম মন্ত্ৰীসভাৰ তৃতীয় খন কেবিনেট বৈঠকত অংশ গ্ৰহণ কৰি ডিমা হাছাওৰ হাফলঙ(Cabinet Meeting in Haflong)ৰ পৰা উভতি যোৱাৰ পথত হোজাই জিলাৰ ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ত এখন পৰ্যালোচনা সভাত অংশ গ্ৰহণ কৰে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে(Ranoj Pegu and Keshab Mahanta visit Hojai) ৷

ভাষণ প্ৰসংগত শিক্ষামন্ত্ৰীগৰাকীয়ে কয় যে, কেৱল শিক্ষাগত অৰ্হতাৰ প্ৰমানপত্ৰ গ্ৰহণ কৰিব পৰাকৈ শিক্ষাগুৰুসকলে পাঠদান কৰিলেই নহ’ব, কাৰিকৰী দিশতো অগ্ৰাধিকাৰ পোৱাকৈ শিক্ষাৰ্থীসকলক প্ৰস্তুত কৰিব লাগিব । শিক্ষাৰ্থীসকলে যাতে শিক্ষা গ্ৰহণ কৰাৰ পিছত কি ধৰণেৰে জীৱিকা নিৰ্বাহ কৰিছে সেই সম্পৰ্কে বিশ্ববিদ্যালয়ৰসমূহে খতিয়ান দাঙি ধৰাৰ বাবেও জাননী জাৰি কৰা হ’ব বুলি মন্তব্য দিয়ে শিক্ষামন্ত্ৰীগৰাকীয়ে ৷

হোজাই জিলা পৰিদৰ্শন শিক্ষামন্ত্ৰী-স্বাস্থ্যমন্ত্ৰীৰ

ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰ উপাচার্যৰ লগতে অসম সংখ্যালঘু মৰ্চাৰ অধ্যক্ষ আৰু ভাষিক সংখ্যালঘু পৰিষদৰ অধ্যক্ষয়েও পৰ্যালোচনা সভাখনত অংশগ্ৰহণ কৰে ৷

একেদৰে কেবিনেট বৈঠকৰ পৰা উভতা পথত মূখ্যমন্ত্ৰীৰ নিদেৰ্শ মৰ্মে স্বাস্থ্যমন্ত্ৰী কেশব মহন্তও হোজাই জিলাত উপস্থিত উপস্থিত হয় । জিলাখনত মন্ত্ৰীগৰাকী উপস্থিত হৈ শঙ্কৰদেৱ নগৰৰ আৱৰ্ত ভৱনত অৰুণোদয়, বৃদ্ধ পেঞ্চন, বিধবা পেঞ্চন, স্বয়ম ইত্যাদি কেইবাখনো আঁচনিৰ হিতাধিকাৰীসকলৰ সৈতে মত বিনিময় কৰে ৷

ইয়াৰ লগতে হোজাই জিলাৰ ক’ভিড পৰিস্থিতি সম্পৰ্কেও স্বাস্থ্য বিভাগৰ বিষয়া কৰ্মীসকলৰ পৰা বুজ লয় মন্ত্ৰীগৰাকীয়ে । যিসকল লোকে বন্ধন বেংক তথা অনান্য বেংকত কিস্তি পৰিশোধ কৰিছিল চৰকাৰে ঘোষনা কৰা অনুসৰি সমগ্ৰ ৰাজ্যৰ সমান্তৰালকৈ হোজাই জিলাৰ হিতাধিকাৰীসকলকো চেক প্ৰদান কৰা হ’ব বুলি জানিবলৈ দিয়ে মন্ত্ৰীগৰাকীয়ে ।

লগতে পঢ়ক:BJP Executive meeting : পৌৰ নিৰ্বাচনক লৈ তৎপৰ বিজেপি

ABOUT THE AUTHOR

...view details