BJP Executive meeting : পৌৰ নিৰ্বাচনক লৈ তৎপৰ বিজেপি

author img

By

Published : Jan 20, 2022, 6:42 PM IST

state-bjp-president-bhebesh-kalita-took-part-in-executive-meeting-held-in-guwahati

ৰাজ্যিক বিজেপিৰ বিষয়-ববীয়া সভাত পৌৰ নিৰ্বাচন সন্দৰ্ভত বিশদ আলোচনা (Discussion on municipal elections) ৷ বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই দাবী কৰা অনুসৰি, ঠেঙাল কছাৰী স্বায়ত্ব শাসিত পৰিষদৰ সাধাৰণ নিৰ্বাচনত ৮০ শতাংশ ভোট বিজেপিৰ পক্ষত পৰিছে (80 per cent votes in favour of BJP at TKAC election, says Bhabesh Kalita) ৷ বিপিএফে চৰকাৰৰ পক্ষত থাকিব বিচৰাটো আদৰণীয়, যদিও ইউপিপিএলক অসন্তুষ্ট কৰি ৰাজনীতি নকৰে বিজেপিয়ে ৷

গুৱাহাটী, 20 জানুৱাৰী : পৌৰ নিৰ্বাচনক লৈ বিশেষভাৱে তৎপৰ হৈ পৰিছে গেৰুৱা দল বিজেপি ৷ বৃহস্পতিবাৰে ৰাজ্যিক বিজেপিৰ গুৱাহাটীৰ হেঙেৰাবাৰীস্থিত মুখ্য কাৰ্যালয়ত দলৰ ৰাজ্যিক বিষয়ববীয়া সভা অনুষ্ঠিত হয় ৷ সভাত আগন্তুক পৌৰ নিৰ্বাচন সন্দৰ্ভত বিশদভাৱে আলোচনা কৰি দলীয় ৰণকৌশলৰ ৰূপৰেখা প্ৰস্তুত কৰা হয় (Discussion on municipal elections) ৷ লগতে সাংগঠনিক ভেঁটি আৰু লোকসভা নিৰ্বাচনৰ প্ৰসংগটো আলোচনা কৰা হয় ৷ এই বৈঠকৰ পিছতে সংবাদ মাধ্যমৰ আগত কেইবাটাও বিষয়ত মন্তব্য প্ৰকাশ কৰে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই ৷

সাংবাদিকৰ আগত দলটোৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই কয় যে, বিষয়ববীয়া সভাত পৌৰসভা নিৰ্বাচনৰ কথা আলোচনা কৰা হৈছে ৷ চৰকাৰখনে ৰাজ্যৰ প্ৰগতিৰ হকে কাম কৰি গৈছে আৰু ৰাইজ চৰকাৰখনৰ লগত আছে ৷ বিৰোধী আজি ভাগ ভাগ হৈ আছে বুলি উল্লেখ কৰি কলিতাই কয় যে, বিৰোধীৰ বহুতে চৰকাৰখনৰ সংস্কাৰমুখী যাত্ৰাৰ সমভাগী হ'ব বিচাৰে ৷

ঠেঙাল কছাৰী স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচন সন্দৰ্ভত ভৱেশ কলিতাৰ মন্তব্য

ঠেঙাল কছাৰী স্বায়ত্ব শাসিত পৰিষদৰ সাধাৰণ নিৰ্বাচন সন্দৰ্ভত বিজেপিৰ ৰাজ্যিক সভাপতিগৰাকীয়ে নিৰ্বাচনত ভাল ভোট পৰিছে বুলি সদৰী কৰে ৷ তদুপৰি মুঠ ভোটৰ প্ৰায় ৮০ শতাংশ ভোটে গেৰুৱা দলটোৱে লাভ কৰা বুলিও কলিতাই দাবী কৰে (80 per cent votes in favour of BJP at TKAC election, says Bhabesh Kalita) ৷ ৰাজ্যৰ নৱগঠিত আঞ্চলিক ৰাজনৈতিক দল অসম জাতীয় পৰিষদ চমুকৈ এজেপিৰ প্ৰসংগত ৰাজনীতিবিদে ৰাজনীতিৰ গোন্ধ নাপাই মাছ-মাংসৰ গোন্ধ পাব নেকি বুলি কটাক্ষ কৰে ৷ এজেপিয়ে সেয়ে গুৱাহাটী পৌৰ নিগমৰ সমষ্টি নিৰ্ধাৰণক লৈ ৰাজনীতিৰ গোন্ধ পোৱা বুলিও কলিতাই দলটোক সমালোচনা কৰে ৷

ভৱেশ কলিতাই লগতে কয় যে, বিপিএফ দলে বিৰোধী পক্ষত থাকি ভাল পোৱা নাই ৷ আলহী আহিলে আমি খেদি নিদিও বুলি পৰোক্ষ ইংগিত প্ৰদান কৰি তেওঁ কয় যে বিপিএফে চৰকাৰৰ পক্ষত থাকিব বিচৰাটো আদৰণীয় ৷ কিন্তু ইউপিপিএলক অসন্তুষ্ট কৰি আমি ৰাজনীতি নকৰো বুলিও মন্তব্য কৰে ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীয়ে ৷

পৌৰ নিৰ্বাচনক লৈ তৎপৰ বিজেপি

আনহাতে, বিধায়ক অমিয় ভূঞাৰ সন্দৰ্ভত বিষয়টো দলে বিবেচনা কৰাৰ কথা সদৰী কৰে ৷ লগতে কয় যে, আৰক্ষীয়ো সংযম হ'ব লাগে আৰু জনপ্ৰতিনিধিয়ো

লগতে চাওক: ঠেঙাল কছাৰী স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনলৈ ৰাইজৰ ব্যাপক সঁহাৰি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.