অসম

assam

বিদ্যালয়ৰ শিক্ষক আৰু ৱাৰ্ড মেম্বাৰৰ বিৰুদ্ধে কৃষক মুক্তিৰ প্ৰতিবাদ

By

Published : Apr 25, 2019, 5:31 PM IST

Updated : Apr 25, 2019, 7:29 PM IST

এজন প্ৰধান শিক্ষক আৰু এজন ৱাৰ্ড মেম্বাৰক গ্ৰেপ্তাৰৰ দাবীত হোজাই জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত ধৰ্ণা সংগঠনটোৰ ৷  প্ৰধান শিক্ষক জনৰ বিৰুদ্ধে হোজাই জিলাৰ যুটীয়া সম্পাদক কাছেম আলিক প্ৰাণে মৰাৰ ভাবুকি প্ৰদানৰ অভিযোগ উত্থাপন কৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ৷

বিদ্যালয়ৰ শিক্ষক আৰু ৱাৰ্ড মেম্বাৰৰ বিৰুদ্ধে কৃষক মুক্তিৰ প্ৰতিবাদ

হোজাই , 25 এপ্ৰিল : হোজাই জিলা উপায়ুক্ত কাৰ্যলয়ৰ সন্মুখত কৃষক মুক্তিৰ ধৰ্ণা|এজন প্ৰধান শিক্ষক আৰু এজন ৱাৰ্ড মেম্বাৰক গ্ৰেপ্তাৰৰ দাবীত হোজাই জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত ধৰ্ণা সংগঠনটোৰ ৷

বিদ্যালয়ৰ শিক্ষক আৰু ৱাৰ্ড মেম্বাৰৰ বিৰুদ্ধে কৃষক মুক্তিৰ প্ৰতিবাদ


হোজাই জিলাৰ লংকা শিক্ষাখণ্ডৰ অন্তৰ্গত এখন বিদ্যালয়ৰ প্ৰধান শিক্ষক আৰু এজন ৱাৰ্ড মেম্বাৰৰ বিৰদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে হোজাই জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে | এটা ৰাজনৈতিক দলৰ হৈ প্ৰচাৰ চলোৱা নতুন বজাৰ জনপ্ৰিয় মুক্তাৱ স্কুলৰ প্ৰধান শিক্ষক জমিৰ উদ্দিন আহমেদ আৰু চাৰ্কেবস্তি গাও পঞ্চায়তৰ ৱাৰ্ড মেম্বাৰ ফৰজুল ইছলামক গ্ৰেপ্তাৰ কৰাৰ দাবী জনাই সাব্যস্ত কৰে প্ৰতিবাদ ৷

লগতে পঢ়ক : আলফা স্বাধীনত অন্তঃকন্দল

উল্লেখ্য যে, অভিযুক্ত দুয়োগৰাকীয়ে নিৰ্বাচনত এটা বিশেষ ৰাজনৈতিক দলৰ হৈ প্ৰচাৰ চলোৱাৰ বিৰুদ্ধে হোজাই জিলা উপায়ুক্তক ষ্মাৰক পত্ৰ প্ৰদান কৰিছিল কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ৷ জিলা উপায়ুক্তৰ তৰফৰ পৰা কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণ কৰাৰ পাচতে প্ৰধান শিক্ষক জনৰ বিৰুদ্ধে হোজাই জিলাৰ যুটীয়া সম্পাদক কাছেম আলিক প্ৰাণে মৰাৰ ভাবুকি প্ৰদানৰ অভিযোগ উত্থাপন কৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ৷ লগতে আৰক্ষীৰ বিৰুদ্ধেও বিষয়টো গুৰুত্ব সহকাৰে নোলোৱাৰ অভিযোগ কৰে ৷

Intro:হোজাই জিলা উপায়ুক্ত কাৰ্যলয়ৰ সন্মুখত কৃষক মুক্তিৰ ধৰ্না | Body:এজন প্ৰধান শিক্ষক আৰু এজন ৱাৰ্ড মেম্বাৰক গ্ৰেপ্তাৰৰ দাবিত হোজাই জিলা উপায়ুক্ত কাৰ্যলয়ৰ সন্মুখত কৃষক মুক্তিৰ ধৰ্না |

হোজাই জিলাৰ লংকা শিক্ষাখণ্ডৰ অন্তৰ্গত এখন বিদ্যালয়ৰ প্ৰধান শিক্ষক আৰু এজন ৱাৰ্ড মেম্বাৰৰ বিৰদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে হোজাই জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে | আজি হোজাই জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনটোৱে | এটা ৰাজনৈতিক দলৰ হৈ প্ৰচাৰ চলোৱা নতুন বজাৰ জনপ্ৰিয় মুক্তাৱ স্কুলৰ প্ৰধান শিক্ষক জমিৰ উদ্দিন আহমেদ আৰু চাৰ্কেবস্তি গাও পঞ্চায়তৰ ৱাৰ্ড মেম্বাৰ ফৰজুল ইছলামক গ্ৰেপ্তাৰ কৰাৰ দাবি জনাই এই প্ৰতিবাদ সাব্যস্ত কৰে | উল্লেখ্য যে, অভিযুক্ত দুয়োগৰাকীয়ে নিৰ্বাচনত এটা বিশেষ ৰাজনৈতিক দলৰ হৈ প্ৰচাৰ চলোৱাৰ বিৰুদ্ধে হোজাই জিলা উপায়ুক্তক অভিযোগ পত্ৰ প্ৰদানৰ পিছতে হোজাই জিলাৰ যুটিয়া সম্পাদক কাছেম আলিক প্ৰাণে মৰাৰ চেষ্টা চলোৱাৰ প্ৰতিবাদত দুয়োজনকে গ্ৰেপ্তাৰৰ দাবিত বৃহস্পতিবাৰে হোজাই জিলা উপায়ুক্ত কাৰ্যলয়ৰ সন্মুখত কৃষক মুক্তিয়ে এই ধৰ্না কাৰ্যসূচী ৰূপায়ন কৰে |

Conclusion:
হোজাই ৰ পৰা মানস প্ৰতিম তামুলী ফুকন । ETV Bharat Assam
Last Updated :Apr 25, 2019, 7:29 PM IST

ABOUT THE AUTHOR

...view details