অসম

assam

বোকাখাতত গঁড়ৰ খৰ্গ সৰবৰাহকাৰী দুটা চোৰাং চিকাৰী আটক

By

Published : Aug 30, 2022, 7:57 PM IST

Two poachers detained with rhino horn

বোকাখাতত গঁড়ৰ খৰ্গ সহিতে দুটা চোৰাং চিকাৰীক আটক কৰে আৰক্ষীয়ে (Two poachers detained with rhino horn)৷ দুই খৰ্গ সৰবৰাহকাৰীক লৈ বোকাখাত আৰক্ষীয়ে আন চিকাৰীৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে ৷ জব্দ হোৱা খৰ্গটোৰ ওজন ২ কেজি ৩০০ গ্ৰাম বুলি আৰক্ষীয়ে জনাইছে (Rhino horn rescued in Bokakhat)৷

বোকাখাত, 30 আগষ্ট:বোকাখাতত গঁড়ৰ খৰ্গসহ দুটা চোৰাং চিকাৰী আটক (Poacher detained in Bokakhat)৷ প্ৰথমে আটক হোৱা গঁড় চিকাৰীটোৰ নাম ভক্ত বাহাদুৰ থাপা ৷ আনটোৰ নাম বুধেশ্বৰ চিন্তে ওৰফে বুধাই চিন্তে ৷ বোকাখাত আৰক্ষীয়ে বিশেষ সূত্ৰৰ পৰা পোৱা তথ্যৰ ভিত্তিত অভিযান চলাই প্ৰথমে আটক কৰে চোৰাং চিকাৰী ভক্ত বাহাদুৰ থাপাক ৷ চোৰাং চিকাৰীটোৰ পৰা এটা গঁড়ৰ খৰ্গ জব্দ কৰে আৰক্ষীয়ে (Rhino horn seized from poacher)৷ বোকাখাত চিপাহী গাঁৱৰ নিজৰ ঘৰৰ ভিতৰত থাপাই এটা মোনাৰ ভিতৰত লুকুৱাই ৰাখিছিল খৰ্গটো ৷ পূৰ্বেও গঁড়ৰ চোৰাং চিকাৰৰ সৈতে জড়িত আছিল ভক্ত বাহাদুৰ থাপা ৷

বোকাখাতত গঁড়ৰ খৰ্গ সৰবৰাহকাৰী দুটা চোৰাং চিকাৰী আটক

ইফালে ভক্ত বাহাদুৰ থাপাৰ স্বীকাৰোক্তিৰ ভিত্তিত বোকাখাত আমটেঙাৰ বুধেশ্বৰ চিন্তে ওৰফে বুধাই চিন্তে নামৰ আন এটা গঁড়ৰ খৰ্গ সৰবৰাহকাৰীক বোকাখাত আৰক্ষীয়ে বোকাখাত ৰাজহুৱা খেলপথাৰৰ সমীপৰ পৰা আটক কৰে ৷ দুই খৰ্গ সৰবৰাহকাৰীক লৈ বোকাখাত আৰক্ষীয়ে আন চিকাৰীৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে ৷ জব্দ হোৱা খৰ্গটোৰ ওজন ২ কেজি ৩০০ গ্ৰাম বুলি আৰক্ষীয়ে জনাইছে (Rhino poacher detained) ৷

উল্লেখ্য যে, গঁড় খৰ্গৰ কোনো মূল্য নাই বুলি যোৱা বৰ্ষৰ ২১ ছেপ্তেম্বৰত বোকাখাত ৰাজহুৱা খেলপথাৰত বৃহৎ আয়োজনেৰে ২ হাজাৰতকৈও অধিক গঁড়ৰ খৰ্গ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত জ্বলাই দিয়া হৈছিল ৷ তাৰ পাছতো গঁড়ৰ খৰ্গৰ ব্যৱসায় অব্যাহত থকাটোৱে সকলোকে চিন্তিত কৰি তুলিছে (Rhino poaching in Assam) ৷

তথ্য অনুসৰি, এমাহ পূৰ্বে যোৰহাটৰ পুলিবৰ আৰক্ষীয়ে এক গোপন সূত্ৰৰ পম খেদি অভিযান চলাই তিতাবৰৰ চেঙেলী চেতিয়া গাঁৱৰ কাদিৰ আহমেদ নামৰ খৰ্গ সৰবৰাহকাৰীটোক আটক কৰে ৷ লগতে আৰক্ষীয়ে কাদিৰৰ পৰা এটা গঁড়ৰ খৰ্গ জব্দ কৰে (Rhino horn seized in Jorhat) ৷ গোলাঘাটৰ কমাৰবন্ধাৰ পৰা কাদিৰে খৰ্গটো লৈ অহাৰ সন্দেহ প্ৰকাশ কৰিছিল আৰক্ষীয়ে ৷

তাৰোপৰি, মে’ মাহত ওৰাং ৰাষ্ট্ৰীয় উদ্যানত জীৱিত অৱস্থাতে এটা গঁড়ৰ খৰ্গ কাটি নিয়ে চোৰাং চিকাৰীয়ে (Poachers cut off rhino horns) ৷ ৰাষ্ট্ৰীয় উদ্যানখনৰ 15 নং মাগুৰমাৰীত সংঘটিত হয় এই ঘটনা ৷

লগতে পঢ়ক:Smugglers arrested with horn: গঁড়ৰ খৰ্গসহ আটক সৰবৰাহকাৰী

ABOUT THE AUTHOR

...view details