অসম

assam

ৰে'ল লাইনত পাথৰ যোগান ধৰাৰ নামত 20 কোটি টকাৰ কেলেংকাৰী

By

Published : Sep 25, 2021, 5:18 PM IST

BARPATHAR RAILWAY BALLAST SUPPLY SCAME

ৰেল বিভাগৰ লামডিং সংমণ্ডলৰ অধীনত এক বৃহৎ কেলেংকাৰীৰ অভিযোগ উত্থাপন হৈছে । ৰে'ল পথত পাথৰ যোগানৰ নামত কোটি কোটি টকাৰ অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰিছে একাংশ লোকে ৷

সৰুপথাৰ, 25 ছেপ্টেম্বৰ :গোলাঘাটৰ বৰপথাৰত ৰে'ল বিভাগৰ কোটি টকাৰ এক বৃহৎ কেলেংকাৰীৰ অভিযোগ উত্থাপন হৈছে । ৰে'ল পথত পাথৰ যোগানৰ নামত কোটি কোটি টকাৰ অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰিছে একাংশ লোকে ৷ এই সন্দৰ্ভত এগৰাকী সচেতন লোকে ৰে'লৱেৰ উৰ্ধতম কৰ্তৃপক্ষৰ ওচৰত অভিযোগ দাখিল কৰিছে ৷

লোক গৰাকীয়ে সংবাদ মাধ্যমৰ আগত সদৰী কৰা মতে, ফৰকাটিং জংচনৰ পৰা বৰলাংফাৰ ৰে'ল ষ্টেচনৰ মাজৰ ৰেল লাইনত পাথৰ (BALLAST) যোগান ধৰাৰ প্ৰায় ২০ কোটি টকাৰ ঠিকা লাভ কৰিছিল তেজপুৰৰ বাবুল নাথ নামৰ এজন ৰে'ল বিভাগৰ ঠিকাদাৰে । সেই অনুসৰি ঠিকাদাৰ জনে ৰে'ল বিভাগৰ দ্বাৰা নিৰ্দিষ্ট কৰি দিয়া আকৃতি ৬৫ হেজাৰ CM পাথৰ যোগান ধৰিব লাগে ৰেলৱে ট্ৰেকত ।

ৰে'ল লাইনত পাথৰ যোগান ধৰা নামত 20 কোটি টকাৰ কেলেংকাৰী

লগতে পঢ়ক:মাটিৰ সমস্যা সমাধানৰ বাবে ৰাজ্য চৰকাৰৰ ‘মিছন বসুন্ধৰা’

কিন্তু বৰপথাৰ ৰে'ল ষ্টেচনত মজুত কৰা পাথৰ খিনিত নিৰ্দিষ্ট কৰি দিয়া আকৃতিৰ বিপৰীতে বিভিন্ন আকৃতিৰ আৰু নিম্ন মানদণ্ডৰ পাথৰ দেখিবলৈ পোৱা গৈছে । ফলত ৰেল বিভাগৰ RDSOৰ নীতি নিৰ্দেশনা উলংঘা কৰাৰ অভিযোগ উত্থাপন কৰিছে একাংশ লোকে । ইপিনে একেখিনি পাথৰকে কেইবাবাৰো জুখ মাখ কৰি একাধিক বাৰ যোগান ধৰা দেখুওৱাই ধন সৰকাই নিয়াৰো অভিযোগ উত্থাপন কৰিছে ৰাইজে ।

ঠিকাদাৰ আৰু ৰেল কৰ্মচাৰী মিলি অধিক মুনাফা লাভৰ আশাত ৰে'ল যাত্ৰীৰ জীৱনক লৈ হেতালি খেলাৰ অভিযোগ কৰি ক্ষীৰেশ্বৰ বড়ো নামৰ এইজন যুৱকে ৰেল বিভাগৰ লামডিং সংমণ্ডলত অভিযোগ দাখিল কৰিছে ৷ কিন্তু অভিযোগৰ ভিত্তিত বিষয়টোক এতিয়া গুৰুত্ব প্ৰদান কৰা নাই ৰে'ল বিভাগে ৷

লগতে পঢ়ক:দাস, কলিতা, বৰুৱা হ'লে ভূপেন বৰাৰ চোলা চিঙি দেখুওৱাৰ দম নাই : পীযুষ হাজৰিকা

ABOUT THE AUTHOR

...view details