অসম

assam

কাজিৰঙাত যোগাসন ৰাজ্যৰ কেইবাগৰাকী কেবিনেট মন্ত্ৰীৰ

By

Published : Sep 25, 2022, 12:17 PM IST

Golaghat

কাজিৰঙাত আয়োজিত চিন্তন শিবিৰৰ দ্বিতীয় দিনাৰ কাৰ্যসূচীত উপস্থিত গুৰু ৰবি শংকৰ (Guru Ravi Shankar at Chintan Shivir)। মন্ত্ৰী আৰু উচ্চ পদস্থ বিষয়াৰ সৈতে বাৰ্তালাপ কৰিব গুৰু ৰবি শংকৰে । যোগ শিবিৰত অসমৰ কেইবাগৰাকী কেবিনেট মন্ত্ৰীৰ অংশগ্ৰহণ ।

কাজিৰঙা,২৫ ছেপ্টেম্বৰ :অসমক সামাজিক, সাংস্কৃতিক, আধ্যাত্মিক আৰু অৰ্থনৈতিক উন্নয়নৰ দিশত সুপৰিকল্পিতভাৱে আগুৱাই নিয়াৰ বাবে নৱচিন্তা-চৰ্চাৰ উদ্দেশ্যে ২৪ ছেপ্টেম্বৰৰ পৰা ২৬ ছেপ্টেম্বৰলৈ তিনিদিনীয়া কাৰ্যসূচীৰে গোলাঘাট জিলাৰ কাজিৰঙাত চিন্তন শিবিৰ অনুষ্ঠিত হয় (Chintan Shivir at Kaziranga)। আজি এই চিন্তন শিবিৰৰ দ্বিতীয় দিনাৰ কাৰ্যসূচী । দ্বিতীয় দিনাৰ কাৰ্যসূচী উপলক্ষে পুৱাৰ পৰা যোগ শিবিৰৰ আয়োজন কৰা হয় ।

অসমৰ চৰকাৰৰ কেইবাগৰাকী কেবিনেট মন্ত্ৰীৰ লগতে উচ্চ পদস্থ বিষয়াসকলে এই যোগ শিবিৰত অংশগ্ৰহণ কৰে । ৰাজ্য চৰকাৰৰ মন্ত্ৰী বিমল বড়া, অতুল বৰা, কেশৱ মহন্ত, পৰিমল শুক্লবৈদ্য, নন্দিতা গাৰলোছাই এই যোগ শিবিৰত অংশগ্ৰহণ কৰে ।

কাজিৰঙাত যোগাসন ৰাজ্যৰ কেইবাগৰাকী কেবিনেট মন্ত্ৰীৰ

উল্লেখ্য যে, শনিবাৰৰ পৰা আৰম্ভ হোৱা চিন্তন শিবিৰৰ প্ৰথম দিনটোত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ লগতে উপস্থিত আছিল সদ্ গুৰু । আনহাতে দ্বিতীয় দিনাৰ চিন্তন শিবিৰত মুখ্যমন্ত্ৰীৰ সৈতে আধ্যাত্মিক গুৰু ৰবি শংকৰ উপস্থিত থাকি ৰাজ্য চৰকাৰৰ বিষয়া আৰু মন্ত্ৰীসকলৰ সন্মুখত প্ৰবচন আগবঢ়াব । ইতিমধ্যে কাজিৰঙা বৰগছত আয়োজিত চিন্তন শিবিৰত উপস্থিত হৈছে আধ্যাত্মিক গুৰু ৰবি শংকৰ (Guru Ravi Shankar at Kaziranga)।

ইফালে চিন্তন শিবিৰৰ প্ৰথম দিনা সদ্ গুৰু উপস্থিত থাকি তেওঁৰ মূল্যবান প্ৰৱচন আগবঢ়াইছিল (Sadhguru to participate in Chintan Shivir)।

লগতে পঢ়ক :তিনিদিনীয়া কাৰ্যসূচীৰে কাজিৰঙাত আৰম্ভ হ’ল চিন্তন শিবিৰ

ABOUT THE AUTHOR

...view details