কাজিৰঙা, ২৯ ছেপ্টেম্বৰ : আহিনৰ আবতৰীয়া বানত কাজিৰঙাত আপদ (flood in Kaziranga National Park) । আহিনৰ বানত আহুকলীয়া পৰিস্থিতি ৰাষ্ট্ৰীয় উদ্যান কাজিৰঙাত । ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে পুনৰ প্লাবিত কৰিছে বিশ্ব ঐতিহ্যক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান (world heritage site Kaziranga) ৷
উদ্যানখনৰ দুখনকৈ বনাঞ্চলত প্ৰৱেশ কৰিছে ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানী । বুঢ়াপাহাৰ বনাঞ্চলৰ নামনি অংশৰ ৪০ শতাংশ অঞ্চল বৰ্তমান জলমগ্ন বুলি জনাইছে উদ্যান কৰ্তৃপক্ষই ৷