অসম

assam

বৰাকত অসমীয়া ভাষাক অপমান; সৰুপথাৰত বীৰ লাচিত সেনাৰ এজাহাৰ দাখিল

By

Published : Oct 19, 2021, 7:43 PM IST

বৰাকত অসমীয়া ভাষাক অপমান, সৰুপথাৰত বীৰ লাচিত সেনাৰ এজাহাৰ দাখিল

মঙলবাৰে ধনশিৰি মহকুমাৰ বীৰ লাচিত সেনা আৰু বীৰ লাচিত সেনাৰ ধনশিৰি মহিলা পৰিষদে যুটীয়াভাৱে উক্ত বেংগলী ফেডাৰেচনৰ নেতা প্ৰদীপ দত্ত ৰয়ৰ লগতে সংগঠনটোৰ নেতাৰ বিৰুদ্ধে সৰুপথাৰ আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে ।

সৰুপথাৰ,19 অক্টোবৰ: বৰাকত অসমীয়া ভাষাক অপমান কৰাকলৈ সমগ্ৰ ৰাজ্যজুৰি অব্যাহত আছে প্ৰতিবাদ ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দৰে গোলাঘাট জিলাৰ ধনশিৰি মহকুমাতো জাঙোৰ খাই উঠিছে বিভিন্ন দল-সংগঠন ।

মঙলবাৰে ধনশিৰি মহকুমাৰ বীৰ লাচিত সেনা আৰু বীৰ লাচিত সেনাৰ ধনশিৰি মহিলা পৰিষদে যুটীয়াভাৱে উক্ত বেংগলী ফেডাৰেচনৰ নেতা প্ৰদীপ দত্ত ৰয়ৰ লগতে সংগঠনটোৰ নেতাৰ বিৰুদ্ধে সৰুপথাৰ আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে ।

বৰাকত অসমীয়া ভাষাক অপমান, সৰুপথাৰত বীৰ লাচিত সেনাৰ এজাহাৰ দাখিল

দল সংগঠনৰ নেতৃত্বই বৰাকৰ ঘটনাটোক দুৰ্ভাগ্যজনক বুলি আখ্যা দিয়াৰ লগতে অসমীয়া ভাষাক লৈ ভৱিষ্যতে এনেধৰণৰ দুস্কাৰ্য কৰাৰ পৰা বিৰত থাকিবলৈ সকিয়নি প্ৰদান কৰে বেংগলী ফেডাৰেচন নামৰ তথাকথিত সংগঠনটোক ।

ইয়াৰ উপৰিও সমগ্ৰ বিষয়টোৰ ওপৰত উচিত তদন্ত কৰি অসম চৰকাৰে দোষীক কঠোৰ শাস্তি বিহিবলৈ দাবী জনাইছে বীৰ লাচিত সেনাৰ নেতৃত্বই ।

লগতে পঢ়কঃ ভাওনা সংস্কৃতিক বিকৃত ৰূপত উপস্থাপনক লৈ প্ৰতিক্ৰিয়া সত্ৰাধিকাৰ হেমচন্দ্ৰ গোস্বামীৰ

ABOUT THE AUTHOR

...view details