অসম

assam

দুৰ্গা পূজাৰ মাজতেই বৰপথাৰত নিষিদ্ধ ড্ৰাগছ সেৱন কৰি ছাত্ৰৰ মৃত্যু

By

Published : Oct 13, 2021, 6:04 PM IST

দুৰ্গা পূজাৰ মাজতেই বৰপথাৰত নিষিদ্ধ ড্ৰাগছ সেৱন কৰি ছাত্ৰৰ মৃত্যু

ড্ৰাগছৰ ঘাটিলৈ পৰিণত হৈছে এতিয়া গোলাঘাট জিলাৰ সমগ্ৰ বৰপথাৰ অঞ্চল । স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি বৰপথাৰ আৰক্ষীৰ নিলিপ্ত ভূমিকাৰ বাবেই নিতৌ অঞ্চলটোতে বৃদ্ধি পাইছে নিষিদ্ধ আৰু মাৰাত্মক ড্ৰাগছ আসক্ত যুৱকৰ সংখ্যা ।

সৰুপথাৰ, 13 অক্টোবৰ:গোলাঘাট জিলাৰ ধনশিৰি মহকুমাৰ বৰপথাৰত অতিমাত্ৰা ড্ৰাগছ সেৱনৰ ফলত মৃত্যু হৈছে অবিনাশ ফুকন নামৰ এজন ছাত্ৰৰ । বৰ পথাৰ নগৰৰ বাসিন্দা মুকুল ফুকনৰ পুত্ৰ তথা বৰপথাৰৰ ধনশিৰি ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান কেন্দ্ৰৰ ছাত্ৰ আছিল অবিনাশ ফুকন ।

সপ্তমীৰ নিশা প্ৰায় ১১ মান বজাত সংঘটিত হয় এই চাঞ্চ্যলকৰ ঘটনাটো । উল্লেখযোগ্য যে, ড্ৰাগছৰ ঘাটিলৈ পৰিণত হৈছে এতিয়া গোলাঘাট জিলাৰ সমগ্ৰ বৰপথাৰ অঞ্চল । স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি বৰপথাৰ আৰক্ষীৰ নিলিপ্ত ভূমিকাৰ বাবেই নিতৌ অঞ্চলটোতে বৃদ্ধি পাইছে নিষিদ্ধ আৰু মাৰাত্মক ড্ৰাগছ আসক্ত যুৱকৰ সংখ্যা ।

দুৰ্গা পূজাৰ মাজতেই বৰপথাৰত নিষিদ্ধ ড্ৰাগছ সেৱন কৰি ছাত্ৰৰ মৃত্যু

ঘটনাৰ বিৱৰণী অনুসৰি, বৰপথাৰ নগৰৰ গেলাবিল তিনি আলিৰ কিছু সমীপত ৰাস্তাৰ কাষতে মঙলবাৰে নিশা প্ৰায় ৯:৩০ মান বজাত মটৰ চাইকেলত থকা পাঁচ জন যুৱকৰ সৈতে ড্ৰাগছ সেৱন কৰিছিল মৃত অবিনাশ ফুকনে । ইফালে বৰপথাৰৰ নগৰৰ মাজমজিয়াৰ এক ৰাজহুৱা স্থানত এনেদৰে মাৰাত্মক আৰু নিষিদ্ধ ড্ৰাগছ সেৱন কৰি ছাত্ৰৰ মৃত্যু হোৱা ঘটনাই এতিয়া বৰপথাৰ আৰক্ষীৰ ফোঁপোলা স্বৰূপটোকে উদঙাই দিছে ।

দুৰ্গা পূজাৰ মাজতেই বৰপথাৰত নিষিদ্ধ ড্ৰাগছ সেৱন কৰি ছাত্ৰৰ মৃত্যু

উল্লেখযোগ্য যে, দীৰ্ঘদিনৰ পৰা ড্ৰাগছ আসক্ত আছিল ছাত্ৰজন । সম্প্ৰতি বৰপথাৰৰ বিভিন্ন দল সংগঠনৰ লগতে স্থানীয় ৰাইজে এই এই নিচাজাচীয় সামগ্ৰীৰ ব্যৱসায়ৰ লগত জড়িত লোক সকলক অতি শীঘ্ৰেই আটক কৰি কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে আৰু ভয়ানক ড্ৰাগছৰ কৱলৰ পৰা সমগ্ৰ বৰপথাৰখনক মুক্ত কৰিবলৈ দাবী জনাইছে ।

জানিবপৰা মতে, আৰক্ষীয়ে ইতিমধ্যে ঘটনা সন্দৰ্ভত কেইবাজনো যুৱকক আটক কৰিছে ।

লগতে পঢ়কঃ টীয়কৰ ঐতিহাসিক হিন্দু ধৰ্মোৎসৱ সংঘৰ মন্দিৰত মহাষ্টমী পূজা

ABOUT THE AUTHOR

...view details