অসম

assam

Congress Slammed BJP : মোদী আৰু আদানিৰ মাজত সম্পৰ্ক কি ? প্ৰশ্ন কংগ্ৰেছ মুখপাত্ৰ ৰঞ্জিত ৰঞ্জনৰ

By

Published : Feb 17, 2023, 11:07 PM IST

গোৱালপাৰাত কংগ্ৰেছৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ তথা ৰাজ্যসভাৰ সাংসদ ৰঞ্জিত ৰঞ্জনৰ সংবাদমেল । সংবাদমেলত গৌতম আদানিৰ বিষয়ে সংসদত প্ৰধানমন্ত্ৰীয়ে কিয় আলোচনা নকৰে বুলি প্ৰশ্ন । আদানি-মোদীৰ মাজত সম্পৰ্কক লৈও প্ৰশ্ন উত্থাপন (Cong spokes person Ranjit Ranjan press conference) ?

Congress Slammed BJP
কংগ্ৰেছৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ তথা ৰাজ্যসভাৰ সাংসদ ৰঞ্জিত ৰঞ্জনৰ সংবাদমেল

কংগ্ৰেছৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ তথা ৰাজ্যসভাৰ সাংসদ ৰঞ্জিত ৰঞ্জনৰ সংবাদমেল

গোৱালপাৰা, ১৭ ফেব্ৰুৱাৰী :আদানি-মোদী সম্পৰ্ক সন্দৰ্ভত বিজেপিক তীব্ৰ সমালোচনা কংগ্ৰেছৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ ৰঞ্জিত ৰঞ্জনৰ (Congress criticized BJP on Adani issue) । শুকুৰবাৰে গোৱালপাৰাত কংগ্ৰেছৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ তথা ৰাজ্যসভাৰ সাংসদ ৰঞ্জিত ৰঞ্জনে এক সংবাদমেল সম্বোধন কৰি বিজেপিক ক্ষুৰধাৰ সমালোচনা কৰে । উক্ত সংবাদমেলত গৌতম আদানিৰ বিষয়টো সংসদত আলোচনাৰ বাবে গ্ৰহণ নকৰাৰ বিষয়ে উল্লেখ কৰি তেওঁ প্ৰশ্ন কৰে যে, গৌতম আদানি আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মাজত কি সম্পৰ্ক আছে ?

উল্লেখ্য, শুকুৰবাৰে গোৱালপাৰাত উপস্থিত হয় ৰাজ্যসভাৰ সাংসদ তথা কংগ্ৰেছৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ ৰঞ্জিত ৰঞ্জন (Congress slammed BJP on Adani issue) । আনহাতে, গোৱালপাৰাত উপস্থিত হোৱাৰ পিচত গোৱালপাৰা জিলা সাংবাদিক সন্থাৰ কাৰ্যালয়ত এক সংবাদমেলযোগে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু উদ্যগোপতি গৌতম আদানিৰ বিষয়ে বিস্ফোৰক মন্ত্যব কৰে সাংসদগৰাকীয়ে (Hindenbarg report on Gautam Adanai) । উদ্যোগপতি গৌতম আদানিৰ বৃহৎ কেলেংকাৰি আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মাজৰ সম্পৰ্কক লৈও প্ৰশ্ন উত্থাপন কৰে এআইচিচিৰ সম্পাদিকা, কংগ্ৰেছৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ তথা ৰাজ্যসভাৰ সাংসদ ৰঞ্জিত ৰঞ্জনে ।

গোৱালপাৰাত আয়োজিত এক সংবাদমেলত এই প্ৰশ্ন উত্থাপন কৰি কংগ্ৰেছৰ মুখপাত্ৰ ৰঞ্জিত ৰঞ্জনে কয়, উদ্যোগপতি গৌতম আদানিৰ সন্দৰ্ভত সদনত কিয় আলোচনা কৰা নহয় ? ভাৰতৰ জনগণৰ ধন এলআইচি বা ভাৰতীয় ষ্টেট বেংকত কিমান সুৰক্ষিত, ইয়াৰ উত্তৰ দিয়ক চৰকাৰে ? আনহাতে, যুটীয়া সংসদীয় কমিটীৰ দ্বাৰা আদানিৰ শ্বেয়াৰ কেলেংকাৰিৰ তদন্ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৰিবনে বুলিও প্ৰশ্ন উত্থাপন কৰে । আনহাতে, বিজেপিৰ কাৰ্যকালত উদ্যোগপতিৰ সম্পত্তি ভয়াৱহ ৰূপত বৃদ্ধি হোৱা বুলিও তেওঁ দাবী কৰে ।

ইয়াৰ বিপৰীতে কংগ্ৰেছ চৰকাৰৰ দিনত উদ্যোগপতি গৌতম আদানি বিশ্বৰ ধনী ব্যক্তিৰ তালিকাত ১০৩ নম্বৰ স্থানত থকা বুলি উল্লেখ কৰি নৰেন্দ্ৰ মোদীয়ে চৰকাৰ গঠন কৰাৰ পিছত কেনেদৰে বিশ্বৰ ধনী তালিকাত দুই নম্বৰ স্থান পালে তাৰ উত্তৰ দিয়ক বুলিও মোদীক উভতি ধৰে ৰঞ্জিত ৰঞ্জনে । উল্লেখ্য, এই সংবাদমেলত সাংসদ ৰঞ্জিত ৰঞ্জনৰ উপৰি এপিচিচিৰ সভাপতি ভূপেন কুমাৰ বৰাৰ লগতে স্থানীয় বিধায়ক এ কে ৰছিদ আলম, সাংসদ আব্দুল খালেকৰ লগতে কেইবাগৰাকীও কংগ্ৰেছ নেতা উপস্থিত থাকে ।

লগতে পঢ়ক :Sivsena Symbol in Shinde Faction : শিৱসেনাৰ নাম-প্ৰতীক শিণ্ডে গোটৰ হাতত, নিৰ্বাচন আয়োগৰ নিৰ্দেশ

ABOUT THE AUTHOR

...view details