ETV Bharat / bharat

Sivsena Symbol in Shinde Faction : শিৱসেনাৰ নাম-প্ৰতীক শিণ্ডে গোটৰ হাতত, নিৰ্বাচন আয়োগৰ নিৰ্দেশ

author img

By

Published : Feb 17, 2023, 10:11 PM IST

ভাৰতৰ নিৰ্বাচন আয়োগে শুকুৰবাৰে ঘোষণা কৰিছে যে 'ধনু আৰু তীৰ' প্ৰতীকৰ লগতে 'শিৱসেনা' নামটো একনাথ শিণ্ডে নেতৃত্বাধীন গোটে ৰাখিব (Shiv Sena name symbol retained by Shinde faction) । উল্লেখ্য, একনাথ শিণ্ডেয়ে যোৱা বছৰ প্ৰাক্তন মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেৰ বিৰুদ্ধে বিদ্ৰোহ ঘোষণা ক বিজেপিৰ সৈতে হাত মিলাই পশ্চিমীয়া ৰাজ্যখনত ক্ষমতা দখল কৰে ।

Shiv sena
Shiv sena

নিউজ ডেস্ক, ১৭ ফেব্ৰুৱাৰী : শুকুৰবাৰে ভাৰতৰ নিৰ্বাচন আয়োগে (Election Commission of India) ঘোষণা কৰে যে মহাৰাষ্ট্ৰৰ শেহতীয়া ৰাজনৈতিক পৰিঘটনাৰ পিচত শিৱসেনা দলটোৰ নাম 'শিৱসেনা'ৰ লগতে 'ধনু আৰু তীৰ' নিৰ্বাচনী প্ৰতীকটো দলটোৰ একনাথ শিণ্ডে গোটৰ হাতত থাকিব (Shiv Sena name retained by Shinde faction) । শিৱ সেনাৰ বৰ্তমানৰ দলীয় সংবিধান অগণতান্ত্ৰিক বুলি উল্লেখ কৰি নিৰ্বাচনী সংস্থাটোৱে লগতে উল্লেখ কৰে যে "কোনো নিৰ্বাচন নোহোৱাকৈ অগণতান্ত্ৰিকভাৱে কোনো বিশেষ লোকক কাৰ্যালয়ৰ বিষয়া হিচাপে নিযুক্তি দিয়া হৈছে (Shiv Sena symbol retained by Eknath Shinde) ।" এএনআই সূত্ৰত এই কথা প্ৰকাশ ।

উল্লেখ্য, ২০১৮ চনত সংশোধন কৰা শিৱসেনাৰ সংবিধানখন নিৰ্বাচন আয়োগক হস্তান্তৰ কৰা হোৱা নাছিল । লগতে নিৰ্বাচন আয়োগে এইটোও লক্ষ্য কৰে যে সংশোধনীটোৱে দলটোৰ সৰ্বোচ্চ নেতা প্ৰয়াত বালাচাহেব থাকৰেৰ (Shiv Sena supremo late Balasaheb Thackeray) দ্বাৰা কাৰ্যকৰী কৰা "১৯৯৯ চনৰ দলীয় সংবিধানত গণতান্ত্ৰিক নিয়ম প্ৰৱৰ্তনৰ কাৰ্য বাতিল কৰিছে ।" ইয়াত লগতে উল্লেখ কৰা হৈছে যে, ১৯৯৯ চনৰ সংস্কাৰত পৰিৱৰ্তন কৰা "শিৱসেনাৰ মূল সংবিধানৰ অগণতান্ত্ৰিক নিয়মসমূহ" ‘গোপনে’ ঘূৰাই অনা হৈছে ।

নিৰ্বাচন আয়োগে ৰাজনৈতিক পক্ষসমূহক নিয়মীয়াকৈ দলটোৱে কেনেদৰে কাম কৰে, আভ্যন্তৰীণ সংগঠন, নিৰ্বাচন অনুষ্ঠিত কৰা, আৰু মুখ্য কাৰ্যালয়ৰ তালিকা আদিৰ দৰে দিশবোৰ নিয়মীয়াকৈ প্ৰকাশ কৰিবলৈ পৰামৰ্শ দিয়ে । লগতে দলবোৰক তেওঁলোকৰ অফিচিয়েল ৱেবছাইটত বিৱৰণ আপলোড কৰিবলৈ আহ্বান জনায় । লগতে উল্লেখ কৰা হৈছে যে, সংবিধানত ৰাজনৈতিক দলবোৰে "কাৰ্যবাহী পদৰ বাবে মুক্ত, নিৰপেক্ষ আৰু স্বচ্ছ নিৰ্বাচন"ৰ সহজ প্ৰৱেশাধিকাৰ নিশ্চিত কৰাৰ কথা আছিল ।

ইফালে, এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি উদ্ধৱ গোটৰ মুখপাত্ৰ আনন্দ ডুবেয়ে কয় যে, দলটোৱে সন্দেহ কৰিছিল যে পৰিস্থিতি ইমানলৈকে আহিব পাৰে । "আদেশটো আমি সন্দেহ কৰা ধৰণেই হৈছে । আমি কৈ আছিলোঁ যে আমি নিৰ্বাচন আয়োগক বিশ্বাস নকৰোঁ । যেতিয়া উচ্চতম ন্যায়ালয়ৰ সন্মুখত বিষয়টো বিচাৰাধীন হয় আৰু কোনো চূড়ান্ত সিদ্ধান্ত লোৱা হোৱা নাই, নিৰ্বাচন আয়োগৰ এই খৰখেদাই প্ৰমাণ কৰে যে ই কেন্দ্ৰীয় চৰকাৰৰ অধীনত বিজেপি এজেণ্ট হিচাপে কাম কৰে । আমি ইয়াৰ গৰিহণা দিছোঁ ।" তেওঁ কয় ।

লগতে পঢ়ক :Chetan Sharma Resign: BCCI ৰ মুখ্য নিৰ্বাচক চেতন শৰ্মাৰ পদত্যাগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.