অসম

assam

36 ঘণ্টীয়া ডিমাৰাজি বন্ধ প্ৰত্যাহাৰ প্ৰাক্তন ডিএইচডি উগ্ৰপন্থী সংগঠনৰ

By

Published : Oct 4, 2021, 9:56 PM IST

Updated : Oct 4, 2021, 10:02 PM IST

36 hour Dima Hasao bandh withdrawn

36 ঘণ্টীয়া ডিমাৰাজি বন্ধ প্ৰত্যাহাৰ প্ৰাক্তন ডিএইচডি উগ্ৰপন্থী সংগঠৰ । সোমবাৰে এক প্ৰেছ বিবৃত্তি যোগে ডিএইচডি-ৰ অধ্যক্ষ দিলীপ নুনিচাই এই কথা সদৰী কৰে ।

ডিমা হাছাও, 4 অক্টোবৰ : প্ৰাক্তন ডিএইচডি উগ্ৰপন্থী সংগঠনে আহ্বান কৰা 36 ঘণ্টীয়া ডিমাৰাজি বন্ধ প্ৰত্যাহাৰ । সোমবাৰে এক প্ৰেছ বিবৃত্তি যোগে ডিএইচডি-ৰ অধ্যক্ষ দিলীপ নুনিচাই এই কথা সদৰী কৰে । পৃথক ডিমাৰাজি বা (ডিমালেণ্ড) গঠনৰ দাবীৰ লগতে Memorendum of Settlment (মছ) চুক্তিৰ সফল ৰূপায়ন দাবীৰে বন্ধ ঘোষণা ডিএইচডিৰ প্ৰাক্তন সদস্যই ৷

36 ঘণ্টাৰ ডিমা হাছাও বন্ধ প্ৰত্যাহাৰ প্ৰাক্তন ডিএইচডি উগ্ৰপন্থী সংগঠনৰ

পুনঃসংস্থাপন আৰু ডিমা হাছাও জিলাৰ বাহিৰত থকা বৰ্মন কছাৰী সকলৰ বাবে পৃথক স্বায়ত্ব শাসিত উন্নয়ন পৰিষদ গঠনৰ দাবীত মঙলবাৰে ৰাতিপুৱা 5 বজাৰ পৰা আহ্বান কৰা 36 ঘণ্টীয়া ডিমাৰাজি বন্ধ প্ৰত্যাহাৰ কৰে প্ৰাক্তন ডিএইচডি উগ্ৰপন্থী সংগঠনটোৱে । অহা 8 অক্টোবৰত ৰাজ্য চৰকাৰে এক বৈঠকত বহাৰ বাবে ৰাজ্যৰ অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান (SB) হীৰেন নাথে ডিএইচডি প্ৰাক্তন সদস্য সকলক আমন্ত্ৰণ জনাইছে ৷

হীৰেন নাথৰ এই আমন্ত্ৰণৰ পাচতে বন্ধ প্ৰত্যাহাৰ কৰাৰ কথা ঘোষণা কৰে প্ৰাক্তন ডিএইচডি উগ্ৰপন্থী সংগঠনটোৰ সদস্য সকলে ৷

লগতে পঢ়ক:36 ঘণ্টীয়া ডিমা হাছাও জিলা বন্ধ ঘোষণা প্ৰাক্তন ডিএইচডি সদস্যৰ

Last Updated :Oct 4, 2021, 10:02 PM IST

ABOUT THE AUTHOR

...view details