36 ঘণ্টীয়া ডিমা হাছাও জিলা বন্ধ ঘোষণা প্ৰাক্তন ডিএইচডি সদস্যৰ

author img

By

Published : Oct 2, 2021, 10:32 PM IST

Dima Hasao district bandh declared former DHD member

36 ঘণ্টীয়া ডিমা হাছাও জিলা বন্ধৰ আহ্বান প্ৰাক্তন ডিএইচডি উগ্ৰপন্থী সংগঠনৰ সদস্য সকলৰ । 5 অক্টোবৰৰ পুৱা 5 বজাৰ পৰা 6 অক্টোবৰৰ বিয়লি 5 বজালৈ ডিমা হাছাও জিলাৰ বন্ধ ঘোষণা কৰিছে প্ৰাক্তন ডিএইচডি সদস্য সকলে ।

ডিমা হাছাও, 2 অক্টোবৰ: পৃথক ডিমালেণ্ড গঠনৰ দাবীত 36 ঘণ্টীয়া ডিমা হাছাও জিলা বন্ধৰ আহ্বান প্ৰাক্তন ডিএইচডি উগ্ৰপন্থী সংগঠনৰ সদস্য সকলৰ । 5 অক্টোবৰৰ পুৱা 5 বজাৰ পৰা 6 অক্টোবৰৰ বিয়লি 5 বজালৈ ডিমা হাছাও জিলা বন্ধ ঘোষণা কৰিছে প্ৰাক্তন ডিএইচডি সদস্য সকলে ।

ভাৰতৰ সংবিধানৰ 2 আৰু 3 অনুচ্ছেদ অনুসৰি পৃথক ডিমালেণ্ড গঠনৰ দাবীৰ লগতে ডিএইচডিৰ লগত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ যি চুক্তি স্বাক্ষৰিত হৈছিল এই চুক্তিৰ সফল ৰূপায়ণৰ দাবীত এই বন্ধ ঘোষণা কৰিছে প্ৰাক্তন ডিএইচডি সদস্য সকলে । চুক্তি অনুসৰি ডিএইচডি আৰু ডিএইচডি (জে) উগ্ৰপন্থী সংগঠনৰ পুনৰ সংস্থাপন কৰা লগতে ডিমা হাছাও জিলাৰ বাহিৰত থকা বৰ্মন কছাৰী সকলৰ বাবে পূৰ্ণ পৰ্যায়ৰ স্বায়ত্ব শাসিত উন্নয়ন পৰিষদ গঠন কৰাৰ দাবী উত্থাপন কৰিছে সংগঠনৰ সদস্য সকলে ।

উল্লেখ্য যে, 2012 চনৰ 8 অক্টোবৰত নতুন দিল্লীৰ নৰ্থ ব্লকত ডিমাচা সমস্যাৰ সমাধান কৰাৰ ক্ষেত্ৰত ডিএইচডি আৰু ডিএইচডি (জে) উগ্ৰপন্থী সংগঠনৰ লগতে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ ত্ৰিপাক্ষিক শান্তি চুক্তি আৰু মচ চুক্তি স্বাক্ষৰিত হৈছিল ৷ কিন্তু এই চুক্তি স্বাক্ষৰিত হোৱাৰ 9 বছৰ পাৰ হৈ যোৱাৰ পাচতো চুক্তিত সন্নবিষ্ট চৰ্ত সমূহ আজিও ৰূপায়ন হোৱা নাই বুলি অভিযোগ কৰিছে প্ৰাক্তন ডিএইচডি-ৰ সদস্য সকলে ।

লগতে পঢ়ক: অসম চুক্তি ৰূপায়ণঃ চৰকাৰে গঠন কৰি দিলে বিশেষ সমিতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.