অসম

assam

ডিব্ৰুগড়ত স্থাপন হ'ব NDRFৰ আঞ্চলিক সঁহাৰি কেন্দ্ৰ

By

Published : Jul 30, 2021, 12:11 PM IST

ডিব্ৰুগড় জিলাৰ উপায়ুক্ত পল্লৱ গোপাল ঝাই এন.ডি.আৰ.এফৰ ইটানগৰৰ কামাণ্ডেণ্ট ৰাজেশ ঠাকুৰৰ লগত ডিব্ৰুগড়ত এন.ডি.আৰ.এফৰ আঞ্চলিক সঁহাৰি কেন্দ্ৰ (R.R.C) স্থাপন সন্দৰ্ভত এক আলোচনাত মিলিত হয় । সভাত প্ৰস্তাৱিত আঞ্চলিক সহাঁৰি কেন্দ্ৰ স্থাপনৰ বাবে এক উপযুক্ত ভূমি প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় যাতে দুৰ্যোগ প্ৰৱণ অঞ্চলৰ বাসিন্দাসকল ইয়াৰদ্বাৰা উপকৃত হ'ব পাৰে ।

ndrf response centre
ডিব্ৰুগড়ত স্থাপন হ'ব NDRFৰ আঞ্চলিক সঁহাৰি কেন্দ্ৰ

ডিব্ৰুগড়, ৩০ জুলাই :ডিব্ৰুগড়ত স্থাপন কৰা হ'ব এন ডি আৰ এফৰ (NDRF) আঞ্চলিক সঁহাৰি কেন্দ্ৰ । ইতিমধ্যে আঞ্চলিক সঁহাৰি কেন্দ্ৰ (Regional Response Centre) স্থাপনৰ বাবে প্ৰস্তুতি অব্যাহত ৰাখিছে ডিব্ৰুগড় জিলা প্ৰশাসনে (Dibrugarh Administration) । প্ৰাকৃতিক দুৰ্যোগৰ সময়ত যাতে উজনি অসমৰ ৰাইজে তাৎক্ষণিক সহায় লাভ কৰিব পাৰে তাৰ বাবে এই সঁহাৰি কেন্দ্ৰ স্থাপনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ডিব্ৰুগড় জিলা প্ৰশাসনে ।

ইয়াৰ মাজতে ডিব্ৰুগড় জিলাৰ উপায়ুক্ত পল্লৱ গোপাল ঝাই (Pallab Gopal Jha) এন ডি আৰ এফ (National Disaster Response Force)ৰ ইটানগৰৰ কামাণ্ডেণ্ট ৰাজেশ ঠাকুৰৰ লগত ডিব্ৰুগড়ত এন ডি আৰ এফৰ আঞ্চলিক সঁহাৰি কেন্দ্ৰ (R.R.C) স্থাপন সন্দৰ্ভত এক আলোচনাত মিলিত হয় । সভাত প্ৰস্তাৱিত আঞ্চলিক সহাঁৰি কেন্দ্ৰ স্থাপনৰ বাবে উপযুক্ত ভূমি প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় যাতে দুৰ্যোগ প্ৰৱণ অঞ্চলৰ বাসিন্দাসকল ইয়াৰ দ্বাৰা উপকৃত হ'ব পাৰে । বৰ্তমান স্থায়ী কাঠামো নিৰ্মাণৰ আগতে অস্থায়ীভাৱে হ'লেও প্ৰায় ১২০ গৰাকী কৰ্মী থাকিব পৰাকৈ উপযোগী আঞ্চলিক সহাঁৰি কেন্দ্ৰৰ বাবে জৰুৰী ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলিও জানিব পৰা গৈছে ।

ডিব্ৰুগড়ত স্থাপন হ'ব NDRFৰ আঞ্চলিক সঁহাৰি কেন্দ্ৰ

উল্লেখ্য যে, আঞ্চলিক সঁহাৰি কেন্দ্ৰ স্থাপন হ'লে এন ডি আৰ এফৰ কৰ্মীসকলৰ সহজ আৰু ক্ষীপ্ৰ সঞ্চালনত সহায় হ'ব যিহেতু উজনি অসমৰ ৯ খন জিলাৰ লগতে অৰুণাচল, মণিপুৰ আৰু নাগালেণ্ড ৰাজ্যও তেওঁলোকৰ কৰ্মক্ষেত্ৰৰ অন্তৰ্ভুক্ত ।

উক্ত বৈঠকত ডেপুটি কামাণ্ডেণ্ট প্ৰণৱ দৈমাৰী, ডেপুটি কামাণ্ডেণ্ট ব্ৰীজেশ কুমাৰ উপাধ্যায়, সহকাৰী কামাণ্ডেণ্ট সঞ্জয় প্ৰসাদ শৰ্মা, জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ প্ৰকল্প বিষয়া আদিও উপস্থিত থাকে । ইফালে আঞ্চলিক সঁহাৰি কেন্দ্ৰ স্থাপনৰ জৰিয়তে যথেষ্ট পৰিমাণে উপকৃত হ'ব দুৰ্যোগপীড়িত জনতা । উল্লেখ্য যে, প্ৰাকৃতিক দুৰ্যোগ অথবা দুৰ্ঘটনাৰ সময়ত উদ্ধাৰকাৰী দলে সঠিক সময়ত উপস্থিত হ'ব নোৱাৰাৰ বাবে যথেষ্ট অসুবিধাৰ সন্মুখীন হোৱা দেখা যায় । ৰাইজৰ সুবিধাৰ্থে প্ৰশাসনে লোৱা এই গুৰুত্বপূৰ্ণ সিদ্ধান্তকলৈ এতিয়া যথেষ্ট আনন্দিত জিলাবাসী ।

লগতে পঢ়ক:সাপেখাতীত অবৈধ চুলাই মদৰ বিৰুদ্ধে আৰক্ষী আৰু আৱকাৰী বিভাগৰ অভিযান

ABOUT THE AUTHOR

...view details