ETV Bharat / state

সাপেখাতীত অবৈধ চুলাই মদৰ বিৰুদ্ধে আৰক্ষী আৰু আৱকাৰী বিভাগৰ অভিযান

author img

By

Published : Jul 30, 2021, 8:36 AM IST

অবৈধ সুৰাৰ বিৰুদ্ধে আৰক্ষী আৰু আবকাৰী বিভাগে অব্যাহত ৰাখিছে অভিযান ৷ বৃহস্পতিবাৰে পুনৰ চৰাইদেউ জিলাৰ সাপেখাতীত আৰক্ষী আৰু আবকাৰী বিভাগে অবৈধ চুলাই মদৰ বিৰুদ্ধে অভিযান চলাই দুগৰাকীক আটক কৰে ৷

two-people-arrested-for-illegal-wine-at-sapekhati
সাপেখাতীত অবৈধ চুলাই মদৰ বিৰুদ্ধে আৰক্ষী আৰু আৱকাৰী বিভাগৰ অভিযান

মৰাণ, 29 জুলাই : চৰাইদেউ জিলাৰ সাপেখাতী আৰক্ষী থানাৰ অন্তগৰ্ত বিভিন্ন গ্ৰামাঞ্চলত ব্যাপকভাৱে বৃদ্ধি পাইছে অবৈধ চুলাই মদৰ ৰমৰমীয়া বেহা । সাপেখাতীৰ কানুগাঁও, ভোগবাৰী, টাইৰাই, চতিয়নাগুৰি, বালিখেতিয়া, গৰিয়াছিগা, আদি অঞ্চলত দ্ৰুতগতিত বৃদ্ধি পাইছে অবৈধ চুলাই মদৰ বেপাৰ । বুধবাৰে সাপেখাতীৰ বিভিন্ন অঞ্চলত আবকাৰী বিভাগে সুৰাৰ বিৰুদ্ধে অভিযান চলায় । চৰাইদেউ জিলাৰ আবকাৰী বিভাগে জিলাখনৰ টিঙালীবাম চাহ বাগিচাৰ ৫ নং লাইন, নতুন গোহাঁই গাঁও, ভোগবাৰী, টাইৰাই, বৰাহী আদি অঞ্চলত ব্যাপকভাৱে অভিযান চলায় ।

Two people arrested for illegal wine at Sapekhati
চৰাইদেউৰ সাপেখাতীত অবৈধ চুলাই মদৰ ব্যৱসায়ৰ লগত জড়িত দুগৰাকীক আটক

সাপেখাতী আৰু টিঙালীবাম আৰক্ষীৰ সহযোগত পুৱাৰ ভাগত চলোৱা এই অভিযানত দলটোৱে অবৈধ চুলাই মদ প্ৰস্তুত কৰাৰ বাবে ৰখা প্ৰায় ৬৩০ লিটাৰ গেলা গুৰ, সুৰা তৈয়াৰৰ বাবে ব্যৱহৃত ৭টা যন্ত্ৰ আৰু প্ৰায় ১৫ লিটাৰ বিক্ৰীৰ বাবে সাজু কৰি ৰখা চুলাই মদ জব্দ কৰে ৷ আবকাৰী বিভাগে উদ্ধাৰ কৰা চুলাইখিনি নষ্ট কৰি পেলায় ৷

Two people arrested for illegal wine at Sapekhati
চৰাইদেউৰ সাপেখাতীত অবৈধ চুলাই মদৰ ব্যৱসায়ৰ লগত জড়িত দুগৰাকীক আটক

অভিযানকাৰী দলটোৱে অবৈধ সুৰা প্ৰস্তুত আৰু বিক্ৰীৰ সৈতে জড়িত দুগৰাকী ব্যক্তিকো আটক কৰে । এই সন্দৰ্ভত আবকাৰী বিভাগে অবৈধ সুৰা ব্যৱসায়ী দুজনৰ বিৰুদ্ধে মুঠ ১০ টা গোচৰ ৰুজু কৰা বুলি জানিব পৰা গৈছে । মুঠৰ ওপৰত মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাছত চৰাইদেউ জিলাতো অবৈধ সুৰাৰ বিৰুদ্ধে অভিযান তীব্ৰ কৰি তুলিছে আৰক্ষী আৰু আবকাৰী বিভাগে ।

লগতে পঢ়ক : সুশান্তলৈ প্ৰদেশ কংগ্ৰেছৰ শ্ব'কজ : ৩১ জুলাইলৈকে সময়সীমা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.