ETV Bharat / city

সুশান্তলৈ প্ৰদেশ কংগ্ৰেছৰ শ্ব'কজ : ৩১ জুলাইলৈকে সময়সীমা

author img

By

Published : Jul 29, 2021, 8:56 PM IST

বিধায়ক সুশান্ত বৰগোঁহাইয়ে বিজেপিত যোগদান কৰাৰ কাৰণ কি ? উত্তৰ বিচাৰি অসম প্ৰদেশ কংগ্ৰেছৰ নৱ নিযুক্ত সভাপতি ভূপেন বৰাৰ নিৰ্দেশত দলৰ সাধাৰণ সম্পাদক অপূৰ্ব কুমাৰ ভট্টাচাৰ্যই বিধায়ক সুশান্ত বৰগোঁহাইলৈ জাৰি কৰিছে কাৰণ দৰ্শোৱাৰ জাননী ।

APCC show cause notice to susanta borgohain
সুশান্তলৈ প্ৰদেশ কংগ্ৰেছৰ শ্ব' ক'জ

গুৱাহাটী, ২৯ জুলাই : উজনি অসমৰ এগৰাকী শক্তিশালী নেতাৰূপে পৰিচিত থাওৰা সমষ্টিৰ কংগ্ৰেছ বিধায়ক সুশান্ত বৰগোঁহাই বিজেপিলৈ যোৱাটো একপ্ৰকাৰ নিশ্চিত হৈ পৰিছে ৷ বাকী আছে কেৱল আনুষ্ঠানিকতাহে । বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই ইতিমধ্যে সংবাদ মাধ্যমৰ আগত ঘোষণা কৰিছে যে সুশান্ত বৰগোঁহাইয়ে বিজেপিত যোগ দিয়াটো নিশ্চিত ।

এই কথা প্ৰকাশ পোৱাৰ পাচতে অসম প্ৰদেশ কংগ্ৰেছৰ নৱ নিযুক্ত সভাপতি ভূপেন বৰাৰ নিৰ্দেশত দলৰ সাধাৰণ সম্পাদক অপূৰ্ব কুমাৰ ভট্টাচাৰ্যই বিধায়ক সুশান্ত বৰগোঁহাইলৈ জাৰি কৰিছে কাৰণ দৰ্শোৱাৰ জাননী । ভৱেশ কলিতাৰ উক্ত মন্তব্য সন্দৰ্ভত নিজৰ স্থিতি পৰিস্কাৰ কৰিবলৈ সুশান্ত বৰগোঁহাইক ৩১ জুলাই পৰ্যন্ত সময়সীমা ধৰি দিছে প্ৰদেশ কংগ্ৰেছে ৷

APCC show cause notice to susanta borgohain
সুশান্তলৈ প্ৰদেশ কংগ্ৰেছৰ শ্ব'কজ

লগতে পঢ়ক: বিজেপিমুখী সুশান্তই ফোন নধৰা হ'ল কংগ্ৰেছ নেতাৰ

স্বাভাৱিকতে প্ৰদেশ কংগ্ৰেছৰ এনে কাৰণ দৰ্শোৱাৰ জাননীৰ উত্তৰ সুশান্ত বৰগোঁহাইয়ে দিব নে নিদিয়ে সেয়াহে এতিয়া চৰ্চাৰ বিষয় হৈ পৰিছে । কিয়নো ১ বা ২ আগষ্টত তেওঁ কংগ্ৰেছ ত্যাগ কৰি আনুষ্ঠানিকভাৱে বিজেপিত যোগ দিয়াটো ইতিমধ্যে নিশ্চিত ।

ইফালে, ভৱানীপুৰ সমষ্টিৰ এআইইউডিএফৰ বিধায়ক ফণীধৰ তালুকদাৰ বিজেপিত যোগদান কৰাতো ইতিমধ্যে নিশ্চিত হৈ পৰিছে ৷ এই সন্দৰ্ভত ১৫ আগষ্টৰ আগত আনুষ্ঠানিক ঘোষণা কৰিব বুলি সংবাদ মাধ্যমৰ আগত মন্তব্য প্ৰকাশ কৰিছে ফণী তালুকদাৰে । সাংবাদিকৰ আগত সদৰী কৰা মতে সমষ্টি উন্নয়নৰ স্বাৰ্থত সংখ্যালঘু ভোটাৰৰ 40 শতাংশ সমৰ্থন লাভ কৰিলেই বিজেপিত যোগ দিব ভৱানীপুৰৰ বিধায়কগৰাকীয়ে ৷

লগতে পঢ়ক: সংখ্যালঘুৰ 40 শতাংশ সমৰ্থন পালেই বিজেপিলৈ যাব ফণীধৰ তালুকদাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.