সংখ্যালঘুৰ 40 শতাংশ সমৰ্থন পালেই বিজেপিলৈ যাব ফণীধৰ তালুকদাৰ

By

Published : Jul 29, 2021, 7:07 PM IST

thumbnail

বিজেপিত যোগদান কৰাৰ কথা পোহৰলৈ অহাৰ পাচতে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ কৰিছে ভৱানীপুৰ সমষ্টিৰ বিধায়ক ফণীধৰ তালুকদাৰে ৷ বিধায়ক ফণীধৰ তালুকদাৰৰ মন্তব্যত বিজেপিত যোগদান কৰাতো এক প্ৰকাৰ নিশ্চিত হৈ পৰিছে ৷ এই সন্দৰ্ভত সকলো কথা ১৫ আগষ্টৰ আগত আনুষ্ঠানিক ঘোষণা কৰিব ফণী তালুকদাৰে । সমষ্টি উন্নয়নৰ স্বাৰ্থত সংখ্যালঘু ভোটাৰৰ 40 শতাংশ সমৰ্থন লাভ কৰিলেই বিজেপিত যোগ দিব ভৱানীপুৰৰ বিধায়কগৰাকীয়ে ৷ পোন্ধৰ বছৰে কৰিব নোৱাৰা কাম মুখ্যমন্ত্ৰীয়ে তিনি মাহত কৰি দিব বুলি প্ৰতিশ্ৰুতি দিয়াৰ পিছতে বিজেপিত যোগ দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ফণীধৰ তালুকদাৰে । বিধায়কগৰাকী বিজেপিলৈ গ'লে ভৱানীপুৰ সমষ্টিৰ বাবে মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিব বিশেষ পেকেজ ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.