অসম

assam

আলফাক সমৰ্থন জনাই ৰঙাঘৰত উদীয়মান খেলুৱৈ

By

Published : Jun 20, 2022, 2:46 PM IST

সামাজিক মাধ্যমৰ জৰিয়তে আলফা (স্বা)ক মুকলি সমৰ্থন কৰি আৰক্ষীৰ জালত পৰিল মৰাণৰ ২৩ বছৰীয়া এগৰাকী বক্সাৰ (Moran girl supporting ULFA) । চাকৰি নোপোৱাৰ বাবে সামাজিক মাধ্যমত পোষ্ট লিখাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে ৷

আলফাক সমৰ্থন জনাই ৰঙাঘৰত উদীয়মান খেলুৱৈ
আলফাক সমৰ্থন জনাই ৰঙাঘৰত উদীয়মান খেলুৱৈ

মৰাণ, 20 জুন : সামাজিক মাধ্যমত নিষিদ্ধ ঘোষিত সংগঠন আলফা (স্বা)লৈ মুকলি সমৰ্থন আগবঢ়াই আৰক্ষীৰ জালত পৰিল মৰাণৰ এগৰাকী প্ৰতিভাৱান খেলুৱৈ (Moran girl supporting ULFA)। ২৩ বছৰীয়া এগৰাকী বক্সাৰগৰাকী হৈছে মৰাণ আৰক্ষী থানাৰ অন্তৰ্গত ৰাইদঙীয়া গাঁৱৰ পদ্ম চুতীয়াৰ কন্যা মাইনা চুতীয়া ওৰফে প্ৰণিতা বৰুৱা (Boxer Maina Chutia arrested)।

কিছুদিন পূৰ্বে সংবাদ মাধ্যমত প্ৰচাৰিত এক বাতৰি সন্দৰ্ভত ফেচবুকত আপত্তিজনক মন্তব্য কৰিছিল মাইনাই । কমেণ্টত মাইনা চুতীয়াই 'আলফাৰ লিংক পালে ময়ো যাম, আই লাভ আলফা' বুলি লিখিছিল ৷

আলফাক সমৰ্থন জনাই ৰঙাঘৰত উদীয়মান খেলুৱৈ

শুকুৰবাৰে চৰাইদেউ জিলাৰ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ (Charaideu District SP office) পৰা অহা আৰক্ষীৰ এটা দলে মৰাণহাট আৰক্ষীৰ সহযোগত আটক কৰে মাইনাক । উল্লেখ্য যে উক্ত মন্তব্যৰ বাবেই মাইনাৰ বিৰুদ্ধে মৰাণহাট আৰক্ষী থানাত (Moranhat police station) এটা গোচৰ ৰুজু কৰা হয় ।case no- 36/22, u/s- 120 (B)/121/121A IPC, R/W- Sec- 10/13/18 (B) UA(P) Act & R/W- Sec- 67 of IT Act 2000 গোচৰৰ ভিত্তিতে মাইনা চুতীয়াক আটক কৰা হয় ।

ইয়াৰ পিছতে এই ঘটনা সম্পৰ্কে মাইনাৰ আত্মীয়ই প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৷ মাইনাৰ পিতৃয়ে সংবাদমাধ্যমৰ আগত কয় যে তাই অকল খেল খেলাৰ কথাহে কয় ৷ তাই এইবোৰ সম্পৰ্কে কোৱা নাছিল ৷ তাইক আৰক্ষীয়ে থানালৈ লৈ যোৱাৰ কথাও মই গম পোৱা নাছিলো ৷ তাইৰ মাতৃয়ে তাইক খবৰ লৈ আছেগৈ ৷

ইফালে মাইনাৰ ওচৰ চুবুৰীয়া লোকে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়-তেখেতে এনে এটা পোষ্ট লিখা বুলি আমি গম পোৱা নাছিলো ৷ চাকৰি নোপোৱাৰ বাবে মাজে মাজে হতাশ হৈ থাকে ৷ চাকৰি নোপোৱাৰ বাবে সামাজিক মাধ্যমত এনে পোষ্ট লিখি দিব পাৰে ৷

লগতে পঢ়ক :আলফাক মুকলি সমৰ্থন জনাই আৰক্ষীৰ জালত মৰাণৰ যুৱতী

ABOUT THE AUTHOR

...view details