অসম

assam

সোমবাৰে থাওৰাত নিৰ্বাচনী প্ৰচাৰ চলাব কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে

By

Published : Oct 25, 2021, 8:10 AM IST

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা, বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাৰ পাছত থাওৰা সমষ্টিত নিৰ্বাচনী প্ৰচাৰ চলাব প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে । সোমবাৰে বিজেপি প্ৰাৰ্থী সুশান্ত বৰগোঁহাইৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাব কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ৷

minister-keshab-mahanta-and-atul-bora-campaign-for-sushanta-borgohain-at-thowra
কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালs

মৰাণ, 25 অক্টোবৰ : সোমবাৰে থাওৰাত সুশান্ত বৰগোঁহাইৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাব প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে । কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে থাওৰাত তিনিখনকৈ সভাত অংশগ্ৰহণ কৰিব । ইতিমধ্যে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ নিৰ্বাচনী প্ৰচাৰ সভাৰ সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰি তোলা হৈছে ।

থাওৰাত অতুল বৰা আৰু কেশৱ মহন্তৰ নিৰ্বাচনী প্ৰচাৰ

সোণোৱালৰ পিছতে মঙলবাৰে সমষ্টিটোত পুনৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই সুশান্তৰ হৈ প্ৰচাৰ চলাব । মুখ্যমন্ত্ৰীগৰাকীয়েও সমষ্টিটোত তিনিখন সভাত অংশগ্ৰহণ কৰিব বুলি জানিব পৰা গৈছে । ইতিমধ্যে উজনিৰ সকলো বিধায়কে প্ৰচাৰ চলাই আছে থাওৰাত । মুঠৰ ওপৰত থাওৰাত শাসক দলে বিৰোধীক অলপো সুযোগ দিব বিচৰা নাই ।

থাওৰাত অতুল বৰা আৰু কেশৱ মহন্তৰ নিৰ্বাচনী প্ৰচাৰ

উপ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগেই মিনি দিছপুৰলৈ পৰিণত হৈছে থাওৰা সমষ্টি । শাসকীয় দলে বিজেপি প্ৰাৰ্থীৰ জয় নিশ্চিত বুলি দাবী কৰিলেও সহজভাৱে লোৱা নাই সমষ্টিটোত হ’ব লগা নিৰ্বাচনী যুঁজখনক । অসম গণ পৰিষদে থাওৰাত কোনো প্ৰাৰ্থী প্ৰক্ষেপ কৰা নাই যদিও বিজেপিৰ সৈতে থকা মিত্ৰতাৰ ধৰ্ম পালন কৰি দেওবাৰে অগপৰ দুই মন্ত্ৰীয়ে সমষ্টিটোত বিজেপি প্ৰাৰ্থী সুশান্ত বৰগোঁহাইৰ হৈ চলোৱা দেখা যায় নিৰ্বাচনী প্ৰচাৰ ৷

থাওৰাত অতুল বৰা আৰু কেশৱ মহন্তৰ নিৰ্বাচনী প্ৰচাৰ

অগপৰ দুই মন্ত্ৰী ক্ৰমে অতুল বৰা আৰু কেশৱ মহন্তই থাওৰা বিধানসভা সমষ্টিৰ অন্তৰ্গত বিভিন্ন স্থানত বিজেপি প্ৰাৰ্থী সুশান্ত বৰগোঁহাইৰ হৈ প্ৰচাৰ চলোৱাৰ লগতে এখন নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে । মন্ত্ৰীদ্বয়ৰ এই প্ৰচাৰ কাৰ্যসূচীত জোনাই সমষ্টিৰ বিধায়ক ভূৱন পেগু, অগপৰ উপ সভাপতি সুনীল ৰাজকোঁৱৰ, সাধাৰণ সম্পাদক প্ৰবীণ হাজৰিকা, হিৰণ্য কোঁৱৰ, সম্পাদক তুলসী গগৈ, দেউৰী স্বায়ত্ব শাসিত পৰিষদৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য, শিৱসাগৰ জিলা বিজেপিৰ সাধাৰণ সম্পাদক প্ৰাঞ্জল কটকী, শিৱসাগৰ জিলা অগপৰ সভাপতি ঘন গগৈ উপস্থিত থাকে।

থাওৰাত অতুল বৰা আৰু কেশৱ মহন্তৰ নিৰ্বাচনী প্ৰচাৰ

লগতে পঢ়ক :পদুমত দুৰ্গন্ধ আৰু আতৰত সুগন্ধ পাই আজমলে : হিমন্ত বিশ্ব শৰ্মা

ABOUT THE AUTHOR

...view details