অসম চাহ পৰিষদৰে ক্ষুদ্ৰ খেতিয়ক সন্থাৰ বৈঠক, কৃষি মন্ত্ৰীৰ সৈতে আলোচনাৰ আশ্বাস - Assam Chah Parishad
Small tea planters: চৰকাৰে ক্ষুদ্ৰ চাহ খেতিয়কৰ সমস্যাক গুৰুত্ব নিদিয়াক লৈ ডিব্ৰুগড়ত অসম চাহ পৰিষদৰে বৈঠক ক্ষুদ্ৰ খেতিয়ক সন্থাৰ ৷ ক্ষুদ্ৰ চাহ খেতিয়ক সকলৰ সমস্যা সমূহ সমাধানৰ বাবে মুখ্যমন্ত্ৰী আৰু কৃষি মন্ত্ৰী অতুল বৰাৰ সৈতে আলোচনাৰ আশ্বাস অগপৰ অসম চাহ পৰিষদৰ ৷

Published : June 13, 2024 at 10:58 PM IST
ডিব্ৰুগড়, 13 জুন : আন্তঃৰাষ্ট্ৰীয় বজাৰত অসমৰ চাহে ফেৰ মাৰিব পৰাকৈ প্ৰতিযোগিতামূলকভাৱে গুণগত চাহ উৎপাদনত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে অসমৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলে ৷ কিন্তু চাহ কোম্পানী সমূহৰ শোষণৰ সন্মুখীন হৈ এতিয়া হতাশ আৰু দিশহাৰা হৈ পৰিছে দুৰ্ভগীয়া ক্ষুদ্ৰ চাহ খেতিয়কসকল ৷ কেঁচা চাহপাতৰ নিম্নগামী মূল্যই জুৰুলা কৰাৰ সময়তে ক্ষুদ্ৰ চাহ খেতিয়কৰ কেঁচা চাহপাত পহিলা জুনৰ পৰা কলঘৰত নোলোৱাৰ বাবে যি সিদ্ধান্ত গ্ৰহণ কৰিছে ইয়াৰ পাচতে হাহাকাৰ লাগিছে ৰাজ্যৰ হাজাৰ হাজাৰ ক্ষুদ্ৰ চাহ খেতিয়কৰ ৷
অসম বটলিফ চাহ নির্মাতা সন্থাই (ABLMTA) 1 জুনৰ পৰা ক্ষুদ্ৰ চাহ খেতিয়ক সকলৰ কেঁচা চাহপাত ক্ৰয় কৰা নাই ৷ যাক লৈ এতিয়া গভীৰ অনিশ্চয়তাত সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ লগতে চাহ খেতিয়কসকল ৷ কেঁচা চাহপাতত ৰাসায়নিক পদাৰ্থৰ সংমিশ্ৰণৰ গইনা লৈ ৰাজ্যৰ কলঘৰ সমূহে 1 জুনৰ পৰা কেঁচা চাহপাত লোৱা বন্ধ কৰিছে ৷ ফলত ক্ষুদ্ৰ চাহ খেতিয়ক সকলে কম মূল্যত চাহ কোম্পানী সমূহত কেঁচা চাহপাত সমূহ দিব লগা হৈছে ৷ ক্ষুদ্ৰ চাহ খেতিয়কৰ এই সমস্যা সমাধানৰ বাবে আজি পৰ্যন্ত ৰাজ্য চৰকাৰৰ উদ্যোগ বিভাগ আগবাঢ়ি অহা নাই ৷
লগতে পঢ়ক : বটলিফ ফেক্টৰীয়ে কিয় নলয় ক্ষুদ্ৰ চাহ খেতিয়কৰ কেঁচা চাহপাত ? - Small tea growers
ৰাজ্যখনৰ লাখ লাখ চাহ খেতিয়কৰ সমস্যাক লৈ ৰাজ্য চৰকাৰে নীৰৱতা অৱলম্বন কৰা সময়ত আজি ডিব্ৰুগড়ৰ আৱৰ্ত ভৱনত অগপৰ ভাতৃ সংগঠন অসম চাহ পৰিষদৰে গুৰুত্বপূৰ্ণ বৈঠক সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ ৷ ক্ষুদ্ৰ চাহ খেতিয়কসকলে সন্মুখীন হৈ অহা সমস্যা সমূহক লৈ আলোচনা অগপৰ চাহ পৰিষদৰ ৷ চাহ পৰিষদৰ কেন্দ্ৰীয় সভাপতি পৰেশ চন্দ্ৰ বৈশ্যৰ সভাপতিত্বত অনুষ্ঠিত বৈঠকত ক্ষুদ্ৰ চাহ খেতিয়ক সকলৰ দ্বাৰা উৎপাদিত কেঁচা চাহপাতৰ মূল্য বৃদ্ধি কৰা, ক্ষুদ্ৰ চাহ খেতিয়ক সকলৰ মাটি ম্যাদীকৰণ আদি বিষয়সমূহ আলোচনা কৰা হয় ৷ তদুপৰি বটলিফ ফেক্টৰীয়ে টী-বৰ্ডৰ নীতি-নিৰ্দেশনাক বিৰোধিতাৰ নামত অজুহাত দেখুৱাই ক্ষুদ্ৰ খেতিয়ক সকলৰ পৰা কেঁচা চাহপাত ক্ৰয় নকৰাৰ সিদ্ধান্তৰ সম্পৰ্কতো ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাই আলোচনা কৰে ৷
লগতে পঢ়ক : গভীৰ অনিশ্চয়তাত ৰাজ্যৰ লাখ লাখ ক্ষুদ্ৰ চাহ খেতিয়কৰ ভৱিষ্যৎ - Small Tea Planters
ইফালে কেঁচা চাহপাতত নিষিদ্ধ সাৰ প্ৰয়োগ নকৰিবলৈ ক্ষুদ্ৰ চাহ খেতিয়কসকলক আহ্বান জনালে চাহ পৰিষদে ৷ অন্যহাতে ক্ষুদ্ৰ চাহ খেতিয়ক সকলৰ সমস্যাসমূহ সমাধানৰ বাবে মুখ্যমন্ত্ৰী আৰু কৃষি মন্ত্ৰী অতুল বৰাৰ সৈতে আলোচনাৰ আশ্বাস প্ৰদান কৰে অসম চাহ পৰিষদে ৷ এই বৈঠকত ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ সাধাৰণ সম্পাদক ৰাজেশ দত্ত, অগপৰ জিলা সভাপতি আদিত্য গোস্বামী, জ্যোতি চিত্ৰবনৰ উপাধ্যক্ষ সুনীল ৰাজকোঁৱৰো উপস্থিত থাকে ৷
গুৰুত্বপূৰ্ণ বিষয়টো হ'ল যে, চৰকাৰে ক্ষুদ্ৰ চাহ খেতিয়কৰ স্বাৰ্থ ৰক্ষাৰ বাবে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ ইচ্ছা প্ৰকাশ নকৰাৰ সময়ত বিজেপিৰ সৈতে মিত্ৰজোঁটত থকা অগপৰ ভাতৃ সংগঠন অসম চাহ পৰিষদৰে সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ সৈতে আলোচনাৰ মিলিত হোৱা বিষয়টোৱে ক্ষুদ্ৰ চাহ খেতিয়কক ৰাজ্য চৰকাৰে কিমান গুৰুত্ব প্ৰদান কৰিছে সেই কথাই প্ৰমাণ কৰিছে ৷
লগতে পঢ়ক : অইলক সকীয়নি আলফা স্বাধীনৰ : জনালে কেবাটাও দাবী - Oil India Limited

