পদুমত দুৰ্গন্ধ আৰু আতৰত সুগন্ধ পাই আজমলে : হিমন্ত বিশ্ব শৰ্মা

By

Published : Oct 24, 2021, 10:25 PM IST

thumbnail

ভৱানীপুৰ বিধানসভা সমষ্টিৰ সাউদৰভিঠাত দেওবাৰে বিজেপি প্ৰাৰ্থী ফণীধৰ তালুকদাৰৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায় মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ মুখ্যমন্ত্ৰীয়ে নিৰ্বাচনী সভাত অসম জাতীয় পৰিষদে খিলঞ্জীয়া মানুহৰ বিপৰীতে মাত মতা আৰু গৰুখুটিৰ কাণ্ডক সমৰ্থন কৰা দলক সমৰ্থন কৰে বুলি উল্লেখ কৰে অসমৰ ৰাইজে সেই দলক প্ৰত্যাখ্যান কৰিব বুলি উল্লেখ কৰে ৷ তেওঁ লগতে কয় যে, ‘‘এ আই ইউ ডি এফৰ প্ৰধান তথা সাংসদ বদৰুদ্দিন আজমলে পদুম ফুলত দুৰ্গন্ধ আৰু আতৰত সুগন্ধ পায় ৷ সেয়ে অসমৰ মানুহে চাব লাগিব আতৰত গোন্ধ আছে নে পদুমত ভাল গোন্ধ আছে’’ ৷ মুখ্যমন্ত্ৰী শৰ্মাই সাউদৰভিঠা অঞ্চলৰ উন্নয়নৰ বাবে কেইবাটাও প্ৰতিশ্ৰুতি দিয়ে ৷ তেওঁ সাউদৰভিঠাৰ সাতখন শংকৰদেৱ শিশু নিকেতনৰ শ্ৰেণীকোঠা উন্নত কৰাৰ লগতে শ্বহিদ খৰ্গেশ্বৰ তালুকদাৰে পঢ়া সাউদৰভিঠাৰ দক্ষিণ বিজনী আদৰ্শ বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত তিনি কোটি টকা দিয়াৰ আশ্বাস দিয়ে ৷ তেওঁ লগতে আনন্দ বজাৰখন উন্নত মানৰ বজাৰ কৰাৰ প্ৰতিশ্ৰুতি দিয়ে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.