অসম

assam

Compensation to Maina Nayak: মইনা নায়কক দিব লাগিব ১৩ লাখ টকাৰ ক্ষতিপূৰণ

By

Published : Jul 23, 2022, 6:29 PM IST

Compensation to Maina Nayak

দুৰ্ঘটনাত পতিত মইনা নায়কলৈ সাময়িক সকাহ । ভুক্তভোগী নায়কক ক্ষতিপূৰণ দিবলৈ চাহ বাগিছা কৰ্তৃপক্ষক কঠোৰ নিৰ্দেশনা শ্ৰম বিভাগৰ (Tea garden authorities will have to pay Compensation)। তিনি দিনৰ ভিতৰত ক্ষতিপূৰণ হিচাপে চাহ বাগিছা কৰ্তৃপক্ষই মইনা নায়কক দিব লাগিব ১৩ লাখ ৩৩ হাজাৰ ৩৪ টকা ।

মৰাণ,২৩ জুলাই:শেহতীয়াকৈ ডিব্ৰুগড়ৰ লেপেটকটা চাহ বাগিছাত সংঘটিত দুৰ্ঘটনাক লৈ সমগ্ৰ ৰাজ্যতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে (Dibrugarh Tea garden accident)। দুৰ্ঘটনাটোত আহত মইনা নায়ক নামৰ ২৪ বছৰীয়া যুৱতীগৰাকীৰ আৰোগ্যৰ বাবেও ৰাজ্যজুৰি প্ৰাৰ্থনা অব্যাহত আছে (Tea worker Maina Nayak injured)। সম্প্ৰতি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন মইনা নায়ক কিছু সুস্থ হৈ উঠিছে যদিও চাহ বাগিছা কৰ্তৃপক্ষৰ বিৰুদ্ধে ৰাজ্যৰ ভিন্ন প্ৰান্তত প্ৰতিবাদ অব্যাহত আছে (Protest against Lepetkata tea garden in Dibrugarh)।

ইয়াৰ মাজতে কিছু আশাৰ খবৰ । মইনা নায়কৰ প্ৰতি সুদৃষ্টি পৰিছে ৰাজ্য শ্ৰম বিভাগৰ । ইতিমধ্যে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে শ্ৰম বিভাগে । লগতে লেপেটকটা চাহ বাগিছাৰ বিৰুদ্ধে কঠোৰ হৈছে শ্ৰম বিভাগ (Strict instructions of Labour department to Lepetkata tea garden)।

ডিব্ৰুগড়ৰ সহকাৰী শ্রম আযুক্ত কাৰ্যালয়ৰ নিৰ্দেশনা

ডিব্ৰুগড়ৰ সহকাৰী শ্রম আযুক্ত কাৰ্যালয়ে বিষয়টো সন্দৰ্ভত এক নিৰ্দেশনা জাৰি কৰিছে । ভুক্তভোগী মইনা নায়কক ক্ষতিপূৰণ হিচাপে ১৩ লাখ ৩৩ হাজাৰ ৩৪ টকা প্ৰদান কৰিবলৈ বাগিছা কৰ্তৃপক্ষক নিৰ্দেশ দিছে সহকাৰী শ্ৰম আয়ুক্তৰ কাৰ্যালয়ে (Tea garden authorities will have to pay Compensation)। নিৰ্দেশনা অনুসৰি ৩ দিনৰ ভিতৰতে লেপেটকটা চাহ বাগিছা কৰ্তৃপক্ষই মইনা নায়কক এই ক্ষতিপূৰণ দিব লাগিব ।

GMCHত চিকিৎসাধীন মইনা নায়ক

উল্লেখ্য যে যোৱা মঙলবাৰে বাগিছাখনৰ কলঘৰৰ CTC কাটিং মেচিনত সোমাই গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল মইনা নায়ক । লেপেটকটা চাহ বাগিছা কৰ্তৃপক্ষই আইন উলংঘন কৰি এগৰাকী মহিলাক কলঘৰৰ CTC কাটিং মেচিনত কাম কৰিবলৈ দিয়াক লৈ বিভিন্ন মহলত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । সমগ্ৰ ঘটনাক লৈ ৰাজ্য চৰকাৰে তদন্তৰ ঘোষণা কৰিছে । ইয়াৰ মাজতে ভুক্তভোগী মইনা নায়কক ক্ষতিপূৰণ দিবলৈ চৰকাৰে নিৰ্দেশ দিয়াৰ লগে লগে সম্প্ৰতি পৰিয়ালটোৰ বাবে সামান্য সকাহ হিচাপে পৰিগণিত হৈছে ।

লগতে পঢ়ক :AASAA Protest in Moran : মইনা নায়কক উন্নত চিকিৎসা প্ৰদানৰ দাবীত আছাৰ প্ৰতিবাদ

ABOUT THE AUTHOR

...view details