অসম

assam

Assam Gaurav Hemaprabha Chutia: অসম গৌৰৱ হেমপ্ৰভা চুতীয়াক মৰাণত উষ্ম আদৰণি

By

Published : Jan 25, 2022, 8:39 PM IST

Assam Gaurav Hemaprabha Chutia
অসম গৌৰৱ হেমপ্ৰভা চুতীয়াক মৰাণত উষ্ম আদৰণি

শেহতীয়াকৈ অসম চৰকাৰে মৰাণৰ কাজী শিপিনী হেমপ্ৰভা চুতীয়াক প্ৰদান কৰিছে অসম গৌৰৱ বঁটা (Assam Gaurav Award to Hemaprabha Chutia)। বঁটা গ্ৰহণ কৰি মৰাণৰ নিজ বাসগৃহত উপস্থিত হেমপ্ৰভা চুতীয়া । বিভিন্ন দল-সংগঠন, ৰাইজে উষ্ম আদৰণি জনালে অসম গৌৰৱ হেমপ্ৰভা চুতীয়াক ।

মৰাণ,২৫ জানুৱাৰী :তাঁ‌তশালত বহুকেইটা ভাষাত চাৰিখনকৈ ধৰ্মগ্ৰন্থ বৈ উলিয়াই ৰাজ্যত চৰ্চিত হৈ পৰা মৰাণৰ কাজী শিপিনী হেমপ্ৰভা চুতীয়াক অসম চৰকাৰে ২৪ জানুৱাৰীত অসম গৌৰৱ বঁ‌টা প্ৰদান কৰিছে (Assam Gaurav Award to Hemaprabha Chutia)। বঁটা গ্ৰহণ কৰি মঙলবাৰে মৰাণস্থিত নিজ বাসগৃহত উপস্থিত হয় অসম গৌৰৱ হেমপ্ৰভা চুতীয়া । নিজ গৃহত উপস্থিত হোৱাৰ লগে লগে উৎসৱমুখৰ পৰিৱেশে বিৰাজ সমগ্ৰ অঞ্চলত ।

বাসগৃহত উপস্থিত হৈ আবেগিক হৈ পৰে অসম গৌৰৱ বঁটা প্ৰাপক কাজী শিপিনী হেমপ্ৰভা চুতীয়া । ফটিকাছোৱা গাওঁবাসীৰ লগতে মৰাণবাসী, বিভিন্ন দল-সংগঠনে গায়ন বায়নেৰে আদৰণি জনায় হেমপ্ৰভা চুতীয়া । লগতে ফুলাম গামোচা, জাপি আদিৰে সম্বৰ্দ্ধনাও জ্ঞাপন কৰে ।

অসম গৌৰৱ হেমপ্ৰভা চুতীয়াক মৰাণত উষ্ম আদৰণি

উল্লেখ্য যে হেমপ্ৰভা চুতীয়াই ২০১৩ চনৰ পৰাই আৰম্ভ কৰিছিল এই যাত্ৰা । তেওঁ প্ৰথমে মুগা সূতা আৰু গুণাৰ আখৰ ঊণ সূতাৰে তাঁ‌তশালত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ বিৰচিত ৮০ ফুট দৈৰ্ঘ্য আৰু ১৭ ইঞ্চি প্ৰস্থৰ 'গুণমালা' বৈ চমক সৃষ্টি কৰিছিল । ইয়াৰ পাছতে ক্ৰমে তেওঁ‌ ২০০ ফুট দৈৰ্ঘ্যৰ মহাপুৰুষ মাধৱদেৱ বিৰচিত 'নামঘোষা', ১৫০ ফুট দৈৰ্ঘ্যৰ 'শ্ৰীমদ্ভাগৱত গীতা' সংস্কৃতত আৰু শেহতীয়াকৈ ২৮০ ফুট দৈৰ্ঘ্যৰ 'শ্ৰীমদ্ভাৱত গীতা' ইংৰাজীত লিখি চমক সৃষ্টি কৰাৰ লগতে সমগ্ৰ অসমতে পৰিচিত হৈ পৰিছিল । হেমপ্ৰভা চুতীয়াৰ এই কৰ্মৰাজীৰ বাবে অসমৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে বিগত সময়ছোৱাত তেওঁলৈ বিভিন্ন বঁ‌টাও আগবঢ়াইছে ।

লগতে পঢ়ক :Assam Gaurav Award: তাঁ‌তশালত ধৰ্মগ্ৰন্থ বৈ সমাদৃত হোৱা হেমপ্ৰভা চুতীয়ালৈ অসম গৌৰৱ বঁ‌টা

ABOUT THE AUTHOR

...view details