অসম

assam

দিল্লীত বাহৰ পাতি গেৰুৱা হোৱাৰ প্ৰস্তুতি কংগ্ৰেছ নেতা প্ৰাঞ্জল ঘাটোৱাৰৰ !

By

Published : Sep 24, 2022, 9:35 PM IST

দিল্লীত বাহৰ পাতি গেৰুৱা হোৱাৰ প্ৰস্তুতি কংগ্ৰেছ নেতা প্ৰাঞ্জল ঘাটোৱাৰৰ !

প্ৰায়েই চৰ্চালৈ আহে পৱন সিং ঘাটোৱাৰৰ পুত্ৰ প্ৰাঞ্জল ঘাটোৱাৰৰ(Congress leader Pranjal Ghatowar) বিজেপিত যোগদানৰ প্ৰসংগ ৷ এই কথাই পুনৰ চৰ্চা লাভ কৰিছে ৰাজনৈতিক মহলত ৷ কংগ্ৰেছ নেতাগৰাকীয়ে দিল্লীত বাহৰ পাতি বিজেপিত যোগদানৰ কুচকাৱাজ আৰম্ভ কৰা বুলিয়েই এইবাৰ খবৰ ওলাইছে ৷

মৰাণ, 24 ছেপ্টেম্বৰ: পুনৰ চৰ্চালৈ আহিছে প্ৰাঞ্জল ঘাটোৱাৰে বিজেপিত যোগদানৰ প্ৰসংগ ৷ ডিব্ৰুগড়ৰ প্ৰাক্তন সাংসদ তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী পৱন সিং ঘাটোৱাৰ(EX minister Paban Singh Ghatowar) আৰু মৰাণ সমষ্টিৰ তিনিবাৰৰ বিধায়িকা জীৱনতাৰা ঘাটোৱাৰৰ পুত্ৰ, যুৱ কংগ্ৰেছ নেতা প্ৰাঞ্জল ঘাটোৱাৰে বিজেপিত যোগদান কৰিব বুলি ওলোৱা খবৰে ৰাজনৈতিক মহলত ব্যাপক চৰ্চা লাভ কৰিছে ।

পূৰ্বেও কংগ্ৰেছ নেতা প্ৰাঞ্জল ঘাটোৱাৰে(Congress leader Pranjal Ghatowar) বিজেপিত যোগদান কৰিব বুলি খবৰ ওলাইছিল যদিও সেই কথা নস্যাৎ কৰি আহিছিল নেতাজনে । ২০২১ ৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছ দলৰ হৈ মৰাণ সমষ্টিত প্ৰাৰ্থীত্ব আগবঢ়াই বিধায়ক চক্ৰধৰ গগৈৰ(MLA Chakradhar Gogoi) হাতত পৰাস্ত হৈছিল প্ৰাঞ্জল ঘাটোৱাৰ । ইয়াৰ পাছৰে পৰা নিজৰ ৰাজনৈতিক ভৱিষ্যত সুৰক্ষিত কৰাৰ স্বাৰ্থত বিজেপিলৈ যোৱাৰ চেষ্টা কৰি আহিছে উজনিৰ শক্তিশালী কংগ্ৰেছ নেতা পৱন সিং ঘাটোৱাৰৰ পুত্ৰ প্ৰাঞ্জল ঘাটোৱাৰে ।

ৰাজ্যৰ কেইবাজনো কংগ্ৰেছ নেতাৰ সৈতে প্ৰাঞ্জল ঘাটোৱাৰে বিজেপিত যোগদান কৰিব বুলি খবৰ ৰাজহুৱা হোৱাৰ পাছতে ধুমুহা আৰম্ভ হৈছে বিজেপিৰ ভিতৰচৰাত । খবৰ ওলাইছে অমিত শ্বাহ আৰু জে পি নাড্ডাৰ উপস্থিতিত বিজেপিত যোগ দিবলৈ সাজু কেইবাগৰাকীও কংগ্ৰেছী নেতাসহ প্ৰাঞ্জল ঘাটোৱাৰ (Pranjal Ghatowar to Possibly Joins BJP)।

উল্লেখ্য যে, বৰ্তমান দিল্লীত বাহৰ পাতি আছে প্ৰাঞ্জল ঘাটোৱাৰে । এক বিশ্বস্ত সুত্ৰই জানিবলৈ দিয়া মতে, দিল্লীত বাহৰ পাতি ৰাজনৈতিক অংক কৰাত ব্যস্ত হৈ পৰিছে প্ৰাঞ্জল ঘাটোৱাৰ । প্ৰাঞ্জল ঘাটোৱাৰৰ বিজেপিত যোগদানৰ খবৰ যদি সঁচা হয়, তেনেহ'লে ডিব্ৰুগড় লোকসভা সমষ্টি অথবা মৰাণ বিধানসভা সমষ্টিৰ বহু বিজেপি নেতাৰ ৰাজনৈতিক কেৰিয়াৰত আউল লগাৰ সম্ভৱনা প্ৰকট হৈ পৰিছে ।

লগতে পঢ়ক:দিল্লী চৰকাৰৰ শিক্ষাৰ আৰ্হিৰ বিৰুদ্ধে সৰৱ কংগ্ৰেছ

ABOUT THE AUTHOR

...view details