দিল্লী চৰকাৰৰ শিক্ষাৰ আৰ্হিৰ বিৰুদ্ধে সৰৱ কংগ্ৰেছ

author img

By

Published : Sep 24, 2022, 8:22 PM IST

দিল্লী চৰকাৰৰ শিক্ষাৰ আৰ্হিৰ বিৰুদ্ধে সৰৱ কংগ্ৰেছ

কেজৰিৱাল চৰকাৰে প্ৰচাৰ কৰা শিক্ষাৰ আৰ্হি 'প্ৰৱঞ্চনাৰ আৰ্হি'(model of fraud) বুলি আখ্য়া কংগ্ৰেছৰ । এআইচিচিৰ মুখ্য কাৰ্যালয়ত(AICC headquarter in Delhi) এখন সংবাদমেলত এইদৰে কয় কংগ্ৰেছৰ মুখপাত্ৰ সন্দীপ দীক্ষিতে ।

নেশ্য়নেল ডেস্ক, ২৪ছেপ্টেম্বৰ: দিল্লীত অৰবিন্দ কেজৰিৱাল চৰকাৰে প্ৰচাৰ কৰা শিক্ষাৰ আৰ্হি 'প্ৰৱঞ্চনাৰ আৰ্হি'(model of fraud) বুলি আখ্য়া দিছে কংগ্ৰেছে । শনিবাৰে কেজৰিৱাল চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ কংগ্ৰেছে অভিযোগ কৰি কয় যে যদি এই আৰ্হি আন ৰাজ্যত প্ৰয়োগ কৰা হয় তেতিয়াহ'লে সমগ্ৰ শিক্ষা ব্যৱস্থা ধ্বংস হ'ব । কংগ্ৰেছৰ মুখপাত্ৰ সন্দীপ দীক্ষিতে (Congress spokesperson on model of fraud )কয় যে আম আদমী পাৰ্টিৰ তথাকথিত শিক্ষাৰ আৰ্হিৰ প্ৰকৃত ৰূপটো উন্মোচন কৰাটো গুৰুত্বপূৰ্ণ যাতে আন ৰাজ্যত চলি থকা শিক্ষা ব্যৱস্থা ধ্বংস নহয় ।

কংগ্ৰেছৰ মুখপাত্ৰগৰাকীয়ে এআইচিচিৰ মুখ্য কাৰ্যালয়ত (AICC headquarter in Delhi) এখন সংবাদমেলত এই সন্দৰ্ভত কয়, "এয়া শিক্ষাৰ আৰ্হি নহয়, কিন্তু প্ৰৱঞ্চনাৰ এক আৰ্হি, মডেলিঙৰ এক আৰ্হি ।" এই ক্ষেত্ৰত পৰিসংখ্যা উল্লেখ কৰি দীক্ষিতে লগতে দাবী কৰে যে যদি কেজৰিৱালৰ "তথাকথিত শিক্ষা আৰ্হি" আন ৰাজ্যত গ্ৰহণ কৰা হয়,তেন্তে সমগ্ৰ শিক্ষা ব্যৱস্থা ধ্বংস হ'ব । তেওঁ পুনৰ কয় যে যেতিয়া ১৯৯৮ চনত দিল্লীত কংগ্ৰেছ চৰকাৰ গঠন কৰা হৈছিল দ্বাদশ শ্ৰেণীৰ ৬৪ শতাংশ শিশু চৰকাৰী বিদ্যালয়ত উত্তীৰ্ণ হৈছিল । ২০১৩-১৪ বৰ্ষত যেতিয়া কংগ্ৰেছ ক্ষমতাৰ পৰা আঁতৰি গৈছিল ৮৯ শতাংশ শিশু উত্তীৰ্ণ হৈছিল ।"এতিয়া ৯৬ শতাংশ শিশু উত্তীৰ্ণ হৈছে। যাৰ অৰ্থ হৈছে যে শীলা দীক্ষিতৰ চৰকাৰৰ (Sheila Dikshits government) ১৫ বছৰত উত্তীৰ্ণ হোৱাৰ সংখ্যা ২৫ শতাংশ বৃদ্ধি পাইছিল । আনহাতে,কেজৰিৱাল চৰকাৰৰ আঠ বছৰত উত্তীৰ্ণৰ সংখ্যা মাত্ৰ সাত শতাংশ বৃদ্ধি হৈছে ।

তেওঁ পুনৰ কয় যে শীলা দীক্ষিত চৰকাৰৰ অধীনত দশম শ্ৰেণীৰ শিক্ষাৰ্থীৰ সংখ্যা ৩৪ শতাংশৰ পৰা ৯০ শতাংশলৈ বৃদ্ধি পাইছিল । আনহাতে, কেজৰিৱাল চৰকাৰত ৮০ শতাংশ শিশু কষ্টেৰে উত্তীৰ্ণ হৈছে । কংগ্ৰেছ চৰকাৰে দিল্লীত ১৫০ খন বিদ্যালয় নিৰ্মাণ কৰিছিল বুলি তেওঁ দাবী কৰে । আনহাতে,কেজৰিৱাল চৰকাৰে ২০ খন বিদ্যালয়হে নিৰ্মাণ কৰিছে ।

কংগ্ৰেছ চৰকাৰ আৰু শীলা দীক্ষিতে কেতিয়াও তেওঁলোকৰ কাম প্ৰদৰ্শন কৰা নাছিল বুলি কংগ্ৰেছৰ মুখপাত্ৰগৰাকীয়ে উল্লেখ কৰি কয় যে এই ক্ষেত্ৰত কেতিয়াও বিদেশী বাতৰি কাকতত প্ৰবন্ধ লিখা নাছিল । কংগ্ৰেছ চৰকাৰে কেৱল দিল্লীৰ উন্নয়নৰ ওপৰত হে গুৰুত্ব দিছিল । প্ৰাক্তন মুখ্যমন্ত্ৰী শীলা দীক্ষিতৰ পুত্ৰ দীক্ষিতে লগতে কয় যে এক আৰটিআই প্ৰশ্নত আপ চৰকাৰে কিমান চাকৰি দিছে বুলি সোধাত মাত্ৰ ৪৪০ টা চাকৰি দিয়া বুলি উত্তৰ দিছিল ।

লগতে পঢ়ক:দিল্লীত কূটাঘাতৰ পৰিকল্পনা কৰা ৩ ষড়যন্ত্ৰকাৰীক গ্ৰেপ্তাৰ NIA-ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.