ETV Bharat / bharat

দিল্লীত কূটাঘাতৰ পৰিকল্পনা কৰা ৩ ষড়যন্ত্ৰকাৰীক গ্ৰেপ্তাৰ NIA-ৰ

author img

By

Published : Sep 24, 2022, 5:26 PM IST

nia
nia

ধৃত তিনিওজনকে বিভিন্ন ধৰণৰ অপৰাধমূলক কাৰ্যকলাপত অপৰাধী দলৰ সৈতে জড়িত থকাৰ বাবে 'ৱাণ্টেড' হৈ আছিল । তাৰে ভিতৰত আছে হত্যাৰ অপৰাধ, চিণ্ডিকেট আৰু সন্ত্ৰাসবাদী কাৰ্যকলাপৰ বাবে ধন সংগ্ৰহ আদিৰ লগতে জনসাধাৰণক সন্ত্ৰাসিত কৰাৰ দৰে কাৰ্যকলাপ (NIA arrested 3 wanted criminals) ।

নিউজ ডেস্ক, ২৪ ছেপ্টেম্বৰ : ভাৰত আৰু বিদেশত অপৰাধমূলক চিণ্ডিকেট চলোৱা গোচৰ ৰুজু থকা আৰু ৰাষ্ট্ৰীয় ৰাজধানীত সন্ত্ৰাসবাদী কাৰ্যকলাপ সংঘটিত কৰাৰ ষড়যন্ত্ৰ ৰচনা কৰাৰ বাবে ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাই তিনিজন গেংষ্টাৰক গ্ৰেপ্তাৰ কৰিছে (NIA arrested 3 gangsters) ।

এনআইএৰ এগৰাকী মুখপাত্ৰই এক বিবৃতিত কয় যে গ্ৰেপ্তাৰ হোৱা তিনিজন গেংষ্টাৰক সন্ত্ৰাসবাদী কাৰ্যকলাপৰ (conspiracy to commit terror acts) ষড়যন্ত্ৰৰ বাবে গ্ৰেপ্তাৰ কৰা হৈছে । তিনিওজনক শুকুৰবাৰে গ্ৰেপ্তাৰ কৰা হয় । ধৃত তিনিজন গেংষ্টাৰ হৈছে দিল্লীৰ বাৱানা গাঁৱৰ নীৰজ চেহৰাৱ, হাৰিয়ানাৰ গুৰুগ্ৰামৰ কৌশল ওৰফে নৰেশ চৌধাৰী আৰু পঞ্জাবৰ চাহিবজাদা অজিত সিং নগৰৰ ভূপিন্দৰ সিং ওৰফে ভূপিন্দৰ ৰাণা ।

মুখপাত্ৰগৰাকীয়ে লগতে কয় যে তিনিওজনেই বিভিন্ন ধৰণৰ অপৰাধমূলক কাৰ্যকলাপত অপৰাধী গেঙৰ (criminal gangs) সৈতে জড়িত থকা গোচৰত ৱাণ্টেড হৈ আছিল । ধৃত তিনিওজনকে বিভিন্ন ধৰণৰ অপৰাধমূলক কাৰ্যকলাপত অপৰাধী দলৰ সৈতে জড়িত থকাৰ বাবে 'ৱাণ্টেড' হৈ আছিল । তাৰে ভিতৰত আছে হত্যাৰ অপৰাধ, চিণ্ডিকেট আৰু সন্ত্ৰাসবাদী কাৰ্যকলাপৰ বাবে ধন সংগ্ৰহ আদিৰ লগতে জনসাধাৰণক সন্ত্ৰাসিত কৰাৰ দৰে কাৰ্যকলাপ (criminal syndicates and activities) ।

"এই গেংবোৰে ড্ৰাগছ আৰু অস্ত্ৰ-শস্ত্ৰৰ চোৰাং ব্যৱসায়ৰ (smuggling of drugs and weapons) জৰিয়তে এনে ধৰণৰ অপৰাধমূলক কাৰ্যকলাপ চলাবলৈ পুঁজি সংগ্ৰহ কৰি আছিল ।" NIA-ৰ মুখপাত্ৰগৰাকীয়ে কয় । "গোচৰটো প্ৰথমতে দিল্লী আৰক্ষীয়ে (Delhi Police Special Cell) 7 আগষ্টৰ এজাহাৰ নং 247 ত আঠজন অভিযুক্ত ব্যক্তি আৰু আন অজ্ঞাত ব্যক্তিৰ বিৰুদ্ধে পঞ্জীয়ন কৰিছিল । তাত উল্লেখ আছিল যে ভাৰত আৰু বিদেশত অৱস্থিত এটা অপৰাধী চিণ্ডিকেট/গেঙৰ সদস্যসকলে দিল্লী আৰু দেশৰ অন্যান্য প্ৰান্তত সন্ত্ৰাসবাদী কাৰ্যকলাপ সংঘটিত কৰাৰ ষড়যন্ত্ৰ ৰচনা কৰিছিল । ২৬ আগষ্ট NIA-ই ইয়াক পুনৰ পঞ্জীয়ন কৰিছিল ।" মুখপাত্ৰজনে লগতে কয় । গোচৰটোৰ অধিক তদন্ত চলি আছে বুলিও বিবৃত্তিটোত কোৱা হৈছে ।

লগতে পঢ়ক :সন্ধানহীন ৩ ভাৰতীয়ক মালয়েছিয়াত উদ্ধাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.