ETV Bharat / bharat

সন্ধানহীন ৩ ভাৰতীয়ক মালয়েছিয়াত উদ্ধাৰ

author img

By

Published : Sep 24, 2022, 2:14 PM IST

মালয়েছিয়াত সন্ধানহীন হৈছিল ৩ ভাৰতীয় (3 Indians missing in Malaysia)। উপকূলৰক্ষী বাহিনী আৰু ক্ৰমে ছিংগাপুৰ, ইণ্ডোনেছিয়া আৰু মালয়েছিয়াৰ বিশেষ উদ্ধাৰকাৰী দলৰ অভিযানৰ অন্তত উদ্ধাৰ লোককেইজন । মুঠ ১৬ গৰাকী লোকক উদ্ধাৰ কৰিছে দলটোৱে ।

3 Indians missing in Malaysia
সন্ধানহীন ৩ ভাৰতীয়ক মালয়েছিয়াত উদ্ধাৰ

নেশ্যনেল ডেস্ক,২৪ ছেপ্টেম্বৰ : ভাৰতীয় উপকূলৰক্ষী বাহিনীয়ে ছিংগাপুৰ, ইণ্ডোনেছিয়া আৰু মালয়েছিয়াৰ বিশেষ উদ্ধাৰকাৰী দলৰ সহযোগত মালয়েছিয়াত বিশেষ উদ্ধাৰ অভিযান চলায় (Indian coast guard search operation)। যুটীয়া দলটোৱে সন্ধানহীন ৩ ভাৰতীয় নাগৰিকসহ ১৬ গৰাকী লোকক উদ্ধাৰ কৰিবলৈ সক্ষম হয় (SAR team rescued 16 person in Malaysia)। জানিব পৰা মতে সন্ধানহীন লোকক বিচাৰি মালয়েছিয়াত শুকুৰবাৰে চলিছিল এই অভিযান ।

উপকূলৰক্ষী বাহিনীয়ে এক বিবৃতিত উল্লেখ কৰা মতে ২৫ আগষ্টত মুম্বাইৰ সামুদ্ৰিক উদ্ধাৰ সমন্বয় কেন্দ্ৰই (MRCC) মালয়েছিয়াৰ উপকূলৰ ওচৰৰ গুয়ানাৰ পতাকা লগোৱা এখন নাও এম টি ভোৰাৰ পৰা তিনিগৰাকী ভাৰতীয় সন্ধানহীন হোৱাৰ তথ্য লাভ কৰিছিল । লগে লগে মুম্বাইৰ MRCCয়ে ছিংগাপুৰ, ইণ্ডোনেছিয়া আৰু মালয়েছিয়াৰ উদ্ধাৰকাৰী সংস্থাৰ সৈতে যোগাযোগ কৰে আৰু উদ্ধাৰ অভিযানৰ বাবে সহযোগিতা বিচাৰে ।

উদ্ধাৰ অভিযান আৰম্ভ হয় আৰু অৱশেষত নাওখনৰ অৱস্থিতি ধৰা পৰিছিল । ২৬ আগষ্টত নাওখনৰ অৱস্থিতি মালয়েছিয়াৰ উপকূলত ধৰা পৰিছিল । বিবৃতিত উল্লেখ কৰা মতে নাওখনৰ ইন্ধন শেষ হৈছিল যাৰ বাবে নাওখন আৰু যাত্ৰীসকল আৱদ্ধ হৈ আছিল । সন্ধানহীন ভাৰতীয় কেইজনৰ লগতে মুঠ ১৬ গৰাকী নাগৰিকক ইতিমধ্যে উদ্ধাৰ কৰি মালয়েছিয়ালৈ লৈ যোৱা হৈছে বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক :কম খৰচতে কৰক উত্তৰ-পূব ভাৰতৰ কিছু মনোমোহা ঠাইৰ ভ্ৰমণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.