অসম

assam

India Book of Records : ৫ মাহত দুখনকৈ গ্ৰন্থ প্ৰকাশৰ অভিলেখ ১১ বছৰীয়া অক্ষিতাৰ

By

Published : Jan 25, 2023, 1:27 PM IST

Dibrugarh

India book of Records-ত নাম লিপিবদ্ধ কৰিলে ডিব্ৰুগড়ৰ ১১ বছৰীয়া অক্ষিতা চাংকাকতিয়ে । কম সময়ৰ ব্যৱধানত দুখনকৈ গ্ৰন্থ প্ৰকাশৰ কনিষ্ঠতম লেখৰ অভিলেখ অক্ষিতাৰ (Akshita Changkakoti IBR record) ।

India book of Records-ত নাম লিপিবদ্ধ অক্ষিতা চাংকাকতিৰ

মৰাণ, ২৫ জানুৱাৰী :অসমলৈ সুনাম কঢ়িয়াই আনিছে ডিব্ৰুগড়ৰ এটি শিশুৱে । ভাৰতীয় সন্মানীয় ইণ্ডিয়া বুক অব ৰেকৰ্ডছত নাম সন্নিৱিষ্টি কৰি এই সন্মান কঢ়িয়াই আনিছে তেওঁ । অসম সন্তান ১১ বছৰীয়া অক্ষিতা চাংকাকতিয়ে সন্মানীয় India Book of Records-ত নিজৰ নাম লিপিবদ্ধ কৰিবলৈ সক্ষম হৈছে (Akshita Changkakoti IBR record) ৷ মাত্ৰ পাঁচ মাহৰ ভিতৰতে দুখনকৈ কিতাপ লিখি প্ৰকাশ কৰি অক্ষিতাই অতি কম সময়ৰ ব্যৱধানত দুখনকৈ কিতাপ প্ৰকাশ কৰা আটাইতকৈ কম বয়সীয়া লেখিকা হিচাপে স্বীকৃতি লাভ কৰিছে (Akshita Changkakoti youngest author record) ৷

উল্লেখ্য, ২০২২ চনৰ জুলাই মাহত তেওঁৰ প্ৰথমখন গল্প সংকলন 'Mimi's Magical Adventures'-ৰ সফলতাৰ পিছত সেই একে বছৰৰে ১৯ ডিচেম্বৰত অক্ষিতাৰ দ্বিতীয়খন গ্ৰন্থ “The Unbeatable Friends-The End of Evil" প্ৰকাশ পায় ৷ ইংৰাজী ভাষাত প্ৰণীত তেওঁৰ দুয়োখন গ্ৰন্থয়ে ইতিমধ্যেই দেশ-বিদেশৰ পঢ়ুৱৈৰপৰা সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে ৷ উল্লেখ্য, ২০২২ চনৰ ৩১ ডিচেম্বৰত India Book of Records কৰ্তৃপক্ষই অক্ষিতাই আটাইতকৈ কম বয়সীয়া লেখিকা হিচাপে অভিলেখ সৃষ্টি কৰা বুলি নিশ্চিত কৰে ৷

অক্ষিতা হৈছে মেঘালয়ৰ এসময়ৰ ৰাজ্যিক টেবুল টেনিছ জুনিয়ৰ শাখাৰ ৰাজ্যিক দলক প্ৰতিনিধিত্ব কৰা খেলুৱৈ, বৰ্তমান পুনেত কৰ্মৰত অংশু চাংকাকতি আৰু এসময়ৰ ডিব্ৰুগড়ৰ আকাশবাণী তথা দূৰদৰ্শনৰ এগৰাকী জনপ্ৰিয় অনুষ্ঠান পৰিবেশিকা আৰু আকাশবাণী দিল্লীৰ বাতৰি পৰিবেশিকা প্ৰাৰ্থনা বৰদলৈৰ একমাত্ৰ কন্যা ৷ কিতাপ লিখাৰ উপৰি ছবি আঁকি, কিতাপ পঢ়ি, গান গাই, কীবোৰ্ড বজাই আৰু ফটোগ্ৰাফী কৰি ভালপোৱা অক্ষিতা পুনেৰ Bharti Vidyapith Ravindranath Tagore School of Excellence-ৰ পঞ্চম শ্ৰেণীৰ ছাত্ৰী ৷ অক্ষিতাৰ ইতিমধ্যে প্ৰকাশ পোৱা দুয়োখন গ্ৰন্থ amazon আৰু flipkart-ত kindle আৰু paperback এই দুয়োটা ধৰণে উপলব্ধ ৷

উল্লেখ্য, Notion Press-ৰ দ্বাৰা প্ৰকাশিত, 'The Unbeatable Friends: The Defeat of Evil' শীৰ্ষক গ্ৰন্থখনত 39 টা অধ্যায় আছে আৰু 'Mimi's Magical Adventures' নামৰ গ্ৰন্থখন হৈছে এজনী ছোৱালীৰ কাহিনীৰ সংকলন, যিয়ে তেওঁৰ যাদুকৰী বন্ধুসকলৰ সহায়ত বিভিন্ন দেশলৈ যাদুকৰী অনুসন্ধান আৰু দুঃসাহসিক অভিযানলৈ যায় ।

লগতে পঢ়ক :Memories of freedom struggle: স্বাধীনতা সংগ্ৰামৰ স্মৃতি সোঁৱৰিলে ৯৮ বছৰীয়া দুৰ্গেশ্বৰ কলিতাই

ABOUT THE AUTHOR

...view details