অসম

assam

ধুবুৰী ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত কান্দোনৰ ৰোল

By

Published : Oct 2, 2022, 10:31 PM IST

ধুবুৰী ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত কান্দোনৰ ৰোল (Dhubri boat accident) । ৰাজহ চক্ৰ বিষয়া সঞ্জু দাসৰ মৃতদেহ শ্ৰদ্ধাঞ্জলিৰ বাবে কাৰ্যালয়ত লৈ যোৱাৰ পাছতেই কাৰ্যালয়ত সৃষ্টি হয় শোকাকুল পৰিৱেশৰ (Circle officer Sanju Das body found) ৷ ৷ সদা নিষ্ঠাবান ৰাজপত্ৰিত বিষয়াগৰাকীলৈ শেষ বিদায় জনায় কান্দোনত ভাগি পৰে কাৰ্যালয়টোৰ কৰ্মচাৰী ৷

mourning atmosphere after found sanju das dead body at Dhubri Revenue Circle Officer
ধুবুৰী ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত কান্দোনৰ ৰোল

ধুবুৰী,২ অক্টোবৰ:বৃহস্পতিবাৰ অৰ্থাৎ 29 ছেপ্টেম্বৰৰ দিনা ধুবুৰীত সংঘটিত হোৱা শোকাৱহ নাও দুৰ্ঘটনাটোৰ 72 ঘণ্টা পাছত উদ্ধাৰ হ'ল ৰাজপত্ৰিত বিষয়া সঞ্জু দাসৰ নশ্বৰ দেহ(Circle officer Sanju Das body found) ৷ বিষয়াগৰাকীৰ নশ্বৰ দেহ ধুবুৰী ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত উপস্থিত হোৱাৰ পাছতেই কাৰ্যালয়ত বিৰাজ কৰে শোকাকুল পৰিৱেশে ৷

উল্লেখ্য যে ঘটনাটো সংঘটিত হোৱাৰ দিনা অৰ্থাৎ ২৯ ছেপ্টেম্বৰৰ পুৱা ৭ বজাতেই গৰাখহনীয়া অঞ্চল পৰিদৰ্শন কৰিবৰ বাবে ওলাই গৈছিল ৰাজপত্ৰিত বিষয়াগৰাকী ৷ এজন লাট মণ্ডল আৰু এজন কৰ্মচাৰী লগত লৈ ধুবুৰীৰ আমিনেৰ চৰৰ খহনীয়া অঞ্চলৰ ক্ষয় ক্ষতিৰ বুজ লৈ দহ বজাত নিজৰ কাৰ্যালয়ত উপস্থিত হোৱাৰ লক্ষ্য আছিল বুলি জানিবলৈ পোৱা গৈছে ৷ কিন্তু এক অনাকাংশিত ঘটনাই যেন সলায় দিলে সকলো (Dhubri Boat Capsize) ৷

সম্পূৰ্ণ চাৰিদিন অৰ্থাৎ প্ৰায় 72 ঘণ্টা পাছত ৰাজপত্ৰিত বিষয়াগৰাকীৰ নশ্বৰ দেহ আহি উপস্থিত হ'ল ধুবুৰীস্থিত কাৰ্যালয়ত ৷ দুৰ্ঘটনাস্থলীৰ পৰা প্ৰায় এক কিল'মিটাৰ নিলগত উদ্ধাৰ হয় সঞ্জু দাসৰ মৃতদেহ । পাছত ঘটনাস্থলীৰ পৰা মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰি নশ্বৰদেহ ধুবুৰী চক্ৰ বিষয়া কাৰ্যালয়লৈ লৈ যোৱা হয় (Deadbody take to dhubri circle office)৷

ধুবুৰী ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত কান্দোনৰ ৰোল

কাৰ্যালয়টোৰ কৰ্মচাৰীসকলৰ লগতে জিলা প্ৰশাসনৰ মুৰব্বী বিষয়াসকলে ৰাজপত্ৰিত বিষয়াগৰাকীলৈ অশ্ৰুসিক্ত নয়নেৰে শেষ শ্ৰদ্ধাঞ্জলী জনায় । ধুবুৰী জিলা উপায়ুক্ত, আৰক্ষী অধীক্ষকৰ লগতে জিলা প্ৰশাসনৰ সকলো বিষয়াই শ্ৰদ্ধাঞ্জলি জনায় চক্ৰ বিষয়াগৰাকীৰ নশ্বৰদেহত । কাৰ্যালয়ত শেষ শ্ৰদ্ধাঞ্জলি জনোৱাৰ পাছতেই জিলা প্ৰশাসনৰ উদ্যোগত বিষয়াগৰাকীৰ নশ্বৰদেহ স্থল পথেৰে শিলচৰৰ বাসগৃহলৈ লৈ যোৱা হয় ৷

লগতে পঢ়ক:অৰ্থনীতি টনকিয়াল কৰাৰ বাবে চৰকাৰে ৰাজ্যত বোৱাব সুৰাৰ বন্যা

ABOUT THE AUTHOR

...view details