অসম

assam

ধেমাজিত প্ৰদীপ দত্ত ৰায়, দীপক দেৰ পুত্তলিকা দাহ বীৰ লাচিত সেনা অসমৰ

By

Published : Sep 3, 2021, 9:50 PM IST

veer lachit sena protests in dhemaji

ধেমাজিত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিলে বীৰ লাচিত সেনা অসমে ৷ বীৰ লাচিত সেনাৰ প্ৰতিবাদকাৰীয়ে প্ৰদীপ দত্ত ৰায় আৰু দীপক দেৰ পুত্তলিকা দাহ কৰাৰ লগতে বঙালী ছাত্ৰ ফেডাৰেচন বিৰোধী শ্ল'গানেৰে উত্তাল কৰি তোলে প্ৰতিবাদস্থলী ৷

ধেমাজি, 3 ছেপ্টেম্বৰ :বঙালী ছাত্ৰ ফেডাৰেচনৰ বিৰুদ্ধে ধেমাজিত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিলে বীৰ লাচিত সেনা অসমে ৷ বঙালী ছাত্ৰ ফেডাৰেচনৰ উপদেষ্টা প্ৰদীপ দত্ত ৰায় আৰু সভাপতি দীপক দেয়ে বীৰ লাচিত সেনাৰ বিৰুদ্ধে কৰা আপত্তিজনক মন্তব্যৰ বিৰোধীতা কৰি ক্ষোভ প্ৰকাশ কৰে বীৰ লাচিত সেনাৰ কৰ্মীসকলে ৷

সংগঠনটোৰ ধেমাজি জিলাৰ সমিতিৰ উদ্যোগত ৰূপায়ন কৰা এই প্ৰতিবাদী কাৰ্যসূচীত শতাধিক কৰ্মীয়ে অংশগ্ৰহণ কৰে ৷ বীৰ লাচিত সেনাৰ প্ৰতিবাদকাৰীয়ে প্ৰদীপ দত্ত ৰায় আৰু দীপক দেৰ পুত্তলিকা দাহ কৰাৰ লগতে বঙালী ছাত্ৰ ফেডাৰেচন বিৰোধী শ্ল'গানেৰে উত্তাল কৰি তোলে প্ৰতিবাদস্থলী ৷

ধেমাজিত প্ৰদীপ দত্ত ৰায়, দীপক দেৰ পুত্তলিকা দাহ বীৰ লাচিত সেনা অসমৰ

লগতে পঢ়ক:ৰাজ্যৰ বিভিন্ন প্ৰান্তত উদযাপন অভিৰুচি ক্ৰীড়া দিৱস

বীৰ লাচিত সেনাৰ ধেমাজি জিলাৰ সমিতিৰ সম্পাদক যাদৱ নাথে কয়, বৰাকত পাবত গজা এটা বঙালী সংগঠনে বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাৰ ওপৰত ষড়যন্ত্ৰমূলকভাৱে এটি গোচৰ জাপি দিছে ৷ ইয়াৰ দ্বাৰা অসমীয়া বাংলাৰ মাজত সংঘাত সৃষ্টি কৰিব বিচাৰিছে বঙালী সংগঠনটোৱে ৷ বঙালী ছাত্ৰ ফেডাৰেচনৰ ষড়যন্ত্ৰমূলক আচৰণক অসমীয়াই কেতিয়াও মানি নলয় ৷

অসমত খিলঞ্জীয়াসকল কেতিয়াও দ্বিতীয় শ্ৰেণী নাগৰিক হিচাপে জীয়াই থাকিব নোৱাৰে ৷ বীৰ লাচিত সেনাই অসম বিৰোধী কাৰ্যৰ সদায়ে বিৰোধীতা কৰিব ৷ বঙালী ছাত্ৰ ফেডাৰেচনৰ ষড়যন্ত্ৰক বীৰ লাচিত সেনাই প্ৰত্যুত্তৰ দিব বুলি সকিয়াই দিয়ে ধেমাজি জিলাৰ সমিতিৰ সম্পাদক যাদৱ নাথে ৷

লগতে পঢ়ক:বৃহৎ নদী বান্ধ অসমৰ জৈৱ-বৈচিত্ৰৰ প্ৰতি ভাবুকি; লখিমপুৰত বীৰ লাচিত সেনাৰ প্ৰতিবাদ

ABOUT THE AUTHOR

...view details