ETV Bharat / state

প্ৰকৃতিৰ উপদ্ৰৱত ভাগি পৰিল জুবিন গাৰ্গৰ সংগীতানুষ্ঠানৰ পেণ্ডেল - HEAVY STORM atDHARAPUR

author img

By ETV Bharat Assamese Team

Published : Apr 28, 2024, 8:10 AM IST

Zubeen Garg's concert pandal collapses due to storm in Dharapur
প্ৰকৃতিৰ উপদ্ৰৱত ভাগি পৰিল জুবিন গাৰ্গৰ সংগীতানুষ্ঠানৰ পেণ্ডেল

Zubeen garg bihu program : মহানগৰীৰ ধাৰাপুৰত বিহুৰ অনুষ্ঠানৰ মাজতে প্ৰকৃতিৰ তাণ্ডৱ । বিহুৰ পেণ্ডেল ভাঙি পৰিল দৰ্শকৰ মূৰৰ ওপৰত । আৱদ্ধ হৈ পৰিল জুবিন গাৰ্গৰ সংগীতানুষ্ঠান উপভোগ কৰিবলৈ অহা দৰ্শক । সাংবাদিকে স্থানীয় লোকৰ লগত আৱদ্ধ হৈ থকা দৰ্শকক উদ্ধাৰ কৰাৰ পাচত বাতৰি পৰিৱেশন কৰিবলৈ যাওঁতে আৰক্ষী বিষয়াই আক্ৰমণ কৰাৰ অভিযোগ ।

প্ৰকৃতিৰ উপদ্ৰৱত ভাগি পৰিল জুবিন গাৰ্গৰ সংগীতানুষ্ঠানৰ পেণ্ডেল

মিৰ্জা, ২৮ এপ্ৰিল : মহানগৰীত বিহুৰ অনুষ্ঠানত অঘটন । এইবাৰ বতৰে বিধি-পথালি দিলে জুবিন গাৰ্গৰ সংগীতানুষ্ঠানত । শনিবাৰে নিশা অহা ধুমুহা বৰষুণৰ বাবে বাতিল কৰিবলৈ বাধ্য হ'ল ধাৰাপুৰৰ আঞ্চলিক ৰঙালী বিহুৰ জুবিন গাৰ্গৰ সংগীতানুষ্ঠান । ধুমুহাৰ তাণ্ডৱত পেণ্ডেলৰ ৰভা আৰু মঞ্চ ভাগি পৰিল দৰ্শকৰ মূৰৰ ওপৰত ।

ফলত বহু সময় ধৰি পেণ্ডেলৰ তলত আবদ্ধ হৈ থাকে প্ৰায় হেজাৰোধিক মহিলাসহ বহু শিশু দৰ্শক । ৰভা ভাগি পৰাৰ পাচত সেই স্থানৰ পৰা পলায়ন কৰে ধাৰাপুৰ আঞ্চলিক ৰঙালী বিহুৰ সভাপতি সম্পাদকসহ কমিটিৰ দায়িত্বত থকা সদস্যসকল । অৱশ্যে পৰৱৰ্তী সময়ত স্থানীয় লোক, জুবিন গাৰ্গৰ অনুষ্ঠানৰ বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিকৰ লগতে বিহু উপভোগ কৰিবলৈ অহা লোকৰ তৎপৰাত উদ্ধাৰ কৰা হয় মহিলা আৰু শিশুসকলক ।

তাৰে মাজতে ধুমুহা বৰষুণৰ ফলত বহু লোক কম বেছি পৰিমাণে কিছু লোক আহত হয় বুলি জানিব পৰা গৈছে । আহতসকলক প্ৰথমে আজাৰা প্ৰাথমিক চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও পৰৱৰ্তী সময়ত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল(GHMC) লৈ প্ৰেৰণ কৰা হয় ।

ইফালে সাংবাদিক আৰু স্থানীয় লোকে আৱদ্ধ হোৱা শিশু মহিলাক উদ্ধাৰ কৰাৰ পাচত সংবাদ মাধ্যমৰ লোকে বাতৰি পৰিৱেশন কৰিবলৈ যাওঁতেই আজাৰা আৰক্ষীৰ এজন আৰক্ষী বিষয়াই আক্ৰমণ কৰে সাংবাদিকৰ দলক । আৰক্ষীয়ে সাংবাদিকক আক্ৰমণ আৰু দুব্যৱহাৰ কৰা ভিডিঅ' আৱদ্ধ হৈ ৰয় কেমেৰাত ।

পাচত জুবিন গাৰ্গৰ সংগীতানুষ্ঠান উপভোগ কৰিবলৈ অহা লোকে আৰক্ষীলৈ শিলগুটি নিক্ষেপ কৰে । ফলত আহত হয় আৰক্ষীৰ লোক । পৰৱৰ্তী সময়ত আৰক্ষীয়ে নিয়ন্ত্ৰণ কৰে পৰিস্থিতি ।

লগতে পঢ়ক : জুবিনৰ মায়াবী কন্ঠত মতলীয়া ডিব্ৰুগড়ৰ হাজাৰ হাজাৰ অনুৰাগী - Zubeen garg bihu program

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.