অসম

assam

সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ সোণোৱালৰ শপত গ্ৰহণ

By

Published : Sep 7, 2022, 7:18 PM IST

Updated : Sep 7, 2022, 8:00 PM IST

সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ নৱনিৰ্বাচিত মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ সোণোৱালৰ শপত গ্ৰহণ (Sonowal Kasari Autonomous Council CEM takes oath) । জাতীয় সংগঠন আৰু ৰাইজৰ সহযোগত পৰিষদখনক কৰিব শক্তিশালী । উন্নয়নমুখী কামৰ লগতে শিক্ষা, ক্ৰীড়া, সাংস্কৃতিক দিশত দিব অগ্ৰাধিকাৰ ।

Jonai
Jonai

জোনাই, ৭ ছেপ্টেম্বৰ :সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ চতুৰ্থগৰাকী মুখ্য কাৰ্যবাহী সদস্য হিচাপে আজি শপত গ্ৰহণ কৰে টংকেশ্বৰ সোণোৱালে (Tankeswar Sonowal takes oath as CEM of SKAC) । ডিব্ৰুগড়ৰ মানকটাস্থিত সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যালয়ৰ প্ৰাঙ্গণত আজি অনুষ্ঠিত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত পৰিষদখনৰ চতুৰ্থগৰাকী মুখ্য কাৰ্যবাহী সদস্য হিচাপে শপত গ্ৰহণ কৰে তেওঁ (Sonowal Kasari Autonomous Council CEM takes oath)।

অনুষ্ঠানত ডিব্ৰুগড় জিলাৰ উপায়ুক্তৰ প্ৰতিনিধি হিচাপে ডিব্ৰুগড় জিলাৰ অতিৰিক্ত উপায়ুক্ত জিতু কুমাৰ দাসে টংকেশ্বৰ সোণোৱালক পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য হিচাপে শপত বাক্য পাঠ কৰায় (Sonowal Kasari Autonomous Council) ।

শপত গ্ৰহণ কৰি সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ নৱনিৰ্বাচিত মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ সোণোৱালে কয়, সোণোৱাল কছাৰীসকলৰ ঐতিহাসিক কলা-সংস্কৃতি, অৰ্থনৈতিক, শৈক্ষিক আদি দিশৰ উত্তৰণৰ বাবে জনগোষ্ঠীটোৰ জাতীয় সংগঠনৰ উদ্যোগত আৰু ৰাইজৰ পূৰ্ণ সহযোগত দীঘলীয়া গণতান্ত্ৰিক আন্দোলনৰ ফলশ্ৰুতিত ২০০৫ চনত এই স্বায়ত্ত শাসন ব্যৱস্থা লাভ কৰিবলৈ সক্ষম হৈছে ।

সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ সোণোৱালৰ শপত গ্ৰহণ

পৰিষদখনে সীমিত ক্ষমতা আৰু পুঁজিৰ দ্বাৰা প্ৰতিষ্ঠাকালৰে পৰাই জনগোষ্ঠীটোৰ ৰাইজৰ সৰ্বাঙ্গীণ বিকাশ আৰু উন্নয়নৰ বাবে বিভিন্ন জনমুখী আঁচনি গ্ৰহণ কৰি ৰূপায়ণৰ কাম কৰি আহিছে (Development schemes of SKAC) । আগন্তুক দিনত সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদক শক্তিশালী আৰু এক জনমুখী অনুষ্ঠান হিচাপে গঢ় দিবলৈ জাতীয় সংগঠন আৰু ৰাইজৰ পূৰ্ণ সহযোগিতা নিশ্চিতৰূপত প্ৰয়োজন হ'ব বুলি উল্লেখ কৰি পৰিষদৰ আন আন বিভাগৰ লগতে অগ্ৰাধিকাৰ ভিত্তিত শিক্ষা, ক্ৰীড়া আৰু সাংস্কৃতিক বিভাগৰ জৰিয়তে জনগোষ্ঠীটোক আগুৱাই লৈ যোৱাৰ প্ৰচেষ্টা হাতত লোৱা হ'ব বুলি নিজৰ বক্তব্যত কয় সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ নৱনিৰ্বাচিত সদস্যগৰাকীয়ে ।

অনুষ্ঠানত ডিব্ৰুগড় বিধানসভা সমষ্টিৰ বিধায়ক প্ৰশান্ত ফুকন (Dibrugarh MLA Prasanta Phukan), বিজেপিৰ ডিব্ৰুগড় জিলা সমিতিৰ সভাপতি জগদ্বীশ ৰাজকোঁৱৰ, ধেমাজি জিলা সমিতিৰ সভাপতি প্ৰেম দত্তই সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদখনৰ জৰিয়তে সোণোৱাল কছাৰী জনগোষ্ঠীৰ সৰ্বসাধাৰণ ৰাইজৰ উন্নয়ন আৰু বিকাশ সাধন কৰি যাবলৈ আহ্বান জনায় ।

শপত গ্ৰহণ অনুষ্ঠানত পৰিষদৰ অধ্যক্ষ মদন হাজৰিকা, প্ৰধান সচিব ৰীণা মেচ, ডিব্ৰুগড় উন্নয়ন প্ৰাধীকৰণৰ সভাপতি অসীম হাজৰিকা, মূল বাইথ' শালৰ প্ৰাক্তন মজিন্দাৰ প্ৰমোদ সোণোৱাল, সদৌ অসম সোণোৱাল কছাৰী ছাত্র সন্থা, সোণোৱাল কছাৰী জাতীয় পৰিষদ, সদৌ অসম সোণোৱাল কছাৰী নাৰী সন্থা, সদৌ অসম সোণোৱাল কছাৰী কল্যাণ সংঘ, সোণোৱাল কছাৰী সাহিত্য সভাৰ নেতৃবৃন্দ, সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য মিলন সোণোৱাল, দণ্ডী সোণোৱাল, পৰিষদৰ কাৰ্যবাহী সদস্য, সাধাৰণ সদস্যসকল উপস্থিত থাকে ।

লগতে পঢ়ক :দৰঙত 18 হাজাৰ টকা ঘোচ লৈ গ্ৰেপ্তাৰ লাট মণ্ডল

Last Updated : Sep 7, 2022, 8:00 PM IST

ABOUT THE AUTHOR

...view details