ETV Bharat / state

দৰঙত 18 হাজাৰ টকা ঘোচ লৈ গ্ৰেপ্তাৰ লাট মণ্ডল

author img

By

Published : Sep 7, 2022, 4:06 PM IST

Updated : Sep 7, 2022, 8:28 PM IST

lat mondal caught red handed for accepting bribe
lat mondal caught red handed for accepting bribe

দৰং জিলাৰ পাথৰিঘাট চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ লাট মণ্ডলক গ্ৰেপ্তাৰ (Lat mondal caught red handed) ৷ মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাৰ জালত পৰিল খোচখোৰ মণ্ডল (corrupted govt employee arrested)৷

মঙলদৈ, 7 ছেপ্টেম্বৰ: দুৰ্নীতিগ্ৰস্ত কৰ্মচাৰীৰ বিৰুদ্ধে শেহতীয়াকৈ অধিক তৎপৰ হোৱা দেখা গৈছে মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখা (Operation against corruption)৷ ইতিমধ্যে ঘোচ লৈ হাত-লোটে ধৰা পৰিছে বহুকেইগৰাকী চৰকাৰী কৰ্মচাৰী ৷ এই ঘোচখোৰ কৰ্মচাৰীৰ তালিকাত উচ্চ পদস্থ বিষয়াৰ পৰা বিদ্যালয়ৰ শিক্ষকলৈকে বহুতৰে নাম সন্নৱিষ্ট হৈছে (corrupted govt employee arrested) ৷ বৰ্তমানলৈকে প্ৰায় অৰ্ধ শতাধিক এনে দুৰ্নীতিগ্ৰস্ত কৰ্মচাৰীক গ্ৰেপ্তাৰ কৰা হৈছে ৷

বুধবাৰে, দৰং জিলাৰ পাথৰিঘাট চক্ৰ বিষয়াৰ কাৰ্যালয়ত উৎকোচ লৈ গ্ৰেপ্তাৰ হ’ল এজন লাট মণ্ডল (Lat mondal caught red handed) ৷ গ্ৰেপ্তাৰ হোৱা লাটমণ্ডল গৰাকীৰ নাম হৰি দাস সিনহা ৷ মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাই 18 হাজাৰ টকা উৎকোচ লওঁতেই গ্ৰেপ্তাৰ কৰে লাট মণ্ডল হৰি দাস সিনহাক ৷

ইয়াৰ পূৰ্বে যোৱা তিনি ছেপ্টেম্বৰত নগাঁও জিলাৰ কচুৱাত উৎকোচ লৈ গ্ৰেপ্তাৰ হৈছিল কচুৱা থানাৰ উপ পৰিদৰ্শক অনুপ কাকতি ৷

যোৱা 26 আগষ্টতো একেদিনাই দুৰ্নীতি নিবাৰক শাখাই ঘোচ লোৱাৰ অপৰাধত কৰিমগঞ্জত এজন লাট মণ্ডল আৰু ধুবুৰীত এজন সৰ্ব শিক্ষা অভিযান মিছনৰ জিলা প্ৰকল্প বিষয়াক গ্ৰেপ্তাৰ কৰে ৷ তাৰ আগ দিনা অৰ্থাৎ 25 আগষ্টত একে অপৰাধত গ্ৰেপ্তাৰ হয় ধেমাজি জিলা পৰিবহন বিষয়াৰ কাৰ্যালয়ৰ এজন কৰ্মচাৰী ৷

একেদৰে 24 আগষ্টত গ্ৰেপ্তাৰ হয় বিশ্বনাথ জিলা উপায়ুক্ত কাৰ্যালয়ৰ এজন কৰ্মী ৷ এইদৰে প্ৰায় প্ৰতিদিনেই ৰাজ্যত গ্ৰেপ্তাৰ হ’বলৈ ধৰিছে ঘোচখোৰ চৰকাৰী বিষয়া ৷ কিন্তু তাৰ পাচতো এই অভিযান দেখি যেন একাংশৰ গা লৰা নাই ৷

লগতে পঢ়ক: শিৱসাগৰত আদালতৰ পৰাই ভলুকা চোৰৰ পলায়ন

Last Updated :Sep 7, 2022, 8:28 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.