অসম

assam

ধেমাজিত শিশু সংহত উন্নয়ন প্ৰকল্প কাৰ্যালয়ত ব্যাপক অৰাজকতা

By

Published : Aug 28, 2020, 1:45 PM IST

অংগনবাড়ী কেন্দ্ৰত খাদ্য যোগান ধৰাৰ নামত ধেমাজিৰ চিচিবৰগাঁও সংহত শিশু উন্নয়ণ প্ৰকল্প কাৰ্যালয়ত বিষয়াৰ মইমতালি। ক্ষুদ্ধ ৰাইজে আৱদ্ধ কৰি ৰাখিলে সামগ্ৰী কঢ়িওৱা ট্ৰাক । অংগনবাড়ী কেন্দ্ৰসমূহত নিম্নমানৰ খাদ্য সামগ্ৰী যোগান ধৰাৰ অভিযোগ স্থানীয় ৰাইজৰ।

ধেমাজিত শিশু সংহত উন্নয়ণ প্ৰকল্প কাৰ্যালয়ত ব্যাপক অৰাজকতা
ধেমাজিত শিশু সংহত উন্নয়ণ প্ৰকল্প কাৰ্যালয়ত ব্যাপক অৰাজকতা

ধেমাজি, ২৮ আগষ্ট :ধেমাজিত শিশু সংহত উন্নয়ণ প্ৰকল্প কাৰ্যালয়ত ব্যাপক অনিয়ম । অংগনবাড়ী কেন্দ্ৰত খাদ্য যোগান ধৰাৰ নামত প্ৰকল্প বিষয়াৰ মইমতালিত অতিষ্ঠ হৈ পৰিছে স্থানীয় ৰাইজৰ লগতে বিভিন্ন দল-সংগঠন । ক্ষুদ্ধ ৰাইজে আৱদ্ধ কৰি ৰাখিলে সামগ্ৰী কঢ়িওৱা ৩ খন ট্ৰাক । ধেমাজিৰ চিচিবৰগাঁও সংহত শিশু উন্নয়ণ প্ৰকল্প কাৰ্যালয়ত বৃহস্পতিবাৰে সংঘটিত হয় এই ঘটনা । গোটেই দিনটো কাৰ্যালয়ৰ চৌহদত সামগ্ৰী কঢ়িওৱা ৩ খন ট্ৰাক আবদ্ধ কৰি ৰাখিলে ৰাইজে ।

ধেমাজিত শিশু সংহত উন্নয়ণ প্ৰকল্প কাৰ্যালয়ত ব্যাপক অৰাজকতা

প্ৰকল্প বিষয়াৰ আশীৰ্বাদপুষ্ট লোকে চালান বিহীনভাৱে বিভিন্ন সামগ্ৰী কাৰ্যালয়ত যোগান ধৰাৰ অভিযোগ ৰাইজে উত্থাপন কৰিছে । শিশু সংহত উন্নয়ণ প্ৰকল্পৰ জিলা বিষয়াৰ নিৰ্দেশমৰ্মে চালান নথকা স্বত্বেও ট্ৰাককেইখনে সামগ্ৰী আনিছিল বুলি মন্তব্য কৰিছে এগৰাকী মহিলা কৰ্মচাৰীয়ে । এই সামগ্ৰীসমূহ অঞ্চলটোৰ ৫০৭ টা অংগনবাড়ী কেন্দ্ৰত বিতৰণ কৰা হ'ব ।

লগতে পঢ়ক :কৃষিকৰ্মৰে পৰিচয় দাঙি ধৰা আছু নেতাগৰাকী

ABOUT THE AUTHOR

...view details