ETV Bharat / state

কৃষিকৰ্মৰে পৰিচয় দাঙি ধৰা আছু নেতাগৰাকী

author img

By

Published : Aug 28, 2020, 12:31 PM IST

এগৰাকী প্ৰাক্তন আছু নেতা ৷ যিগৰাকী নেতাই দীৰ্ঘসময় ধৰি কামৰূপ জিলা ছাত্ৰ সন্থাক সন্মুখৰ পৰা নেতৃত্ব প্ৰদান কৰি আহিছিল, এতিয়া কৃষিকৰ্মৰে জীৱন জাতীয় সত্বাৰ পৰিচয় দাঙি ধৰিছে ৷

কৃষিকৰ্মৰে পৰিচয় দাঙি ধৰা আছু নেতাগৰাকী
কৃষিকৰ্মৰে পৰিচয় দাঙি ধৰা আছু নেতাগৰাকী

বাইহাটা, 28 আগষ্ট : এগৰাকী প্ৰাক্তন আছু নেতা, যিগৰাকী নেতাই কামৰূপ জিলা ছাত্ৰ সন্থাক দীৰ্ঘসময় ধৰি সন্মুখৰ পৰা নেতৃত্ব প্ৰদান কৰিছিল ৷ এতিয়া আছু এৰি এইগৰাকী ছাত্ৰ নেতাই কৃষিকাৰ্যত মনোনিবেশ কৰিছে । ৰাজপথত ওলাই আহি শ্লোগান দিলে সমস্যা সমাধান নহয় । আগতে কৰ্মসংস্কৃতি তাৰ পিছতহে শ্লোগান । ইয়াকে সৰোগত কৰি এইদৰে আক্ষেপেৰে কয় প্ৰাক্তন আছু নেতা হেমেন দাসে ।

এতিয়া 20 বিঘা মাটি পাঁচ বছৰৰ বাবে লিজত লৈ কমলপুৰৰ আঠগাঁৱৰ এইগৰাকী উদ্যোমী যুৱকে 16বিঘা মাটিৰ এটি বৃহৎ আকাৰৰ পুখুৰী খান্দি মৎস্য পালন কৰাৰ লগতে পুখুৰীটোত মেলি দিছে সহস্ৰাধিক হাঁহ । পুখুৰীৰ পাৰত ৰোপণ কৰিছে হাজাৰ-হাজাৰ মালভোগ কলৰ পুলিৰ লগতে আৰু অমিতা গছৰ পুলি । প্ৰাক্তন ছাত্ৰ নেতাগৰাকীয়ে সকলো ছাত্র তথা যুৱক যুৱতীকে কৰ্মসংস্কৃতিৰ প্ৰতি আগ্ৰহী হোৱাৰ আহ্বান জনাইছে । কৰ্মসংস্কৃতিৰ জৰিয়তেহে অসমৰ গ্ৰাম্য অৰ্থনীতিত সুদূৰ প্ৰসাৰী প্ৰভাৱ পৰিব বুলি উল্লেখ কৰে প্ৰাক্তন ছাত্ৰ নেতাগৰাকীয়ে । যিটো তেওঁ কৰি দেখুৱাইছে ।

কৃষিকৰ্মৰে পৰিচয় দাঙি ধৰা আছু নেতাগৰাকী

এতিয়া অন্য নিৱনুৱা যুৱক-যুৱতীৰ বাবে আদৰ্শ তথা প্ৰেৰণাৰ উৎস হৈ পৰিছে হেমেন দাস । হেমেন আছিল কামৰূপ জিলা ছাত্ৰ সন্থাৰ প্ৰাক্তন সহকাৰী সম্পাদক আৰু ৰঙিয়া মহকুমা ছাত্র সন্থাৰ প্ৰাক্তন সভাপতি ।

লগতে পঢ়ক : থলুৱা ফলমূলৰ চৰ্বত প্ৰস্তুত কৰি স্বাৱলম্বী হাঁহচৰাৰ মহিলা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.