অসম

assam

ধেমাজিৰ বৃদ্ধাশ্ৰম-চিকিৎসালয়ত ফলমূল বিতৰণ বিজেপিৰ কৰ্মকৰ্তাৰ

By

Published : Sep 21, 2021, 4:43 PM IST

Dhemaji BJP leaders distributed fruits

বিজেপিৰ মহিলা মৰ্চাৰ ধেমাজি জিলা সমিতিৰ উদ্যোগত সোমবাৰে ফলমূল বিতৰণ কাৰ্যসূচী ৰূপায়ণ কৰা হয় । জিলাখনৰ বৃদ্ধাশ্ৰম, চিকিৎসালয়, অনাথ আশ্ৰম আদিত ফলমূল বিতৰণ কৰে বিজেপিৰ কৰ্মকৰ্তাসকলে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ওপজা দিন উপলক্ষে আয়োজিত ২১ দিনীয়া কাৰ্যসূচীৰ অংশ হিচাপে সোমবাৰে ফলমূল বিতৰণ কৰে দলীয় কৰ্মীসকলে ।

ধেমাজি, ২১ ছেপ্টেম্বৰ: যোৱা ১৭ ছেপ্টেম্বৰত ৭১ বছৰত ভৰি দিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী(Narendra Modi)য়ে । প্ৰধানমন্ত্ৰীগৰাকীৰ ওপজা দিনটো বিজেপিয়ে এইবাৰ ২১ দিনীয়াকৈ পালন কৰিছে । এই ২১টা দিনত হস্ততাঁত মেলা, ৰক্তদান কাৰ্যসূচীকে ধৰি বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে । এই 20 দিনীয়া কাৰ্যসূচীৰ অংশ হিচাপে সোমবাৰে বিজেপিৰ মহিলা মৰ্চাৰ ধেমাজি(Dhemaji) জিলা সমিতিৰ উদ্যোগত সোমবাৰে জিলাখনৰ বৃদ্ধাশ্ৰম, চিকিৎসালয়, অনাথ আশ্ৰম আদিত ফলমূল বিতৰণ কৰা হয় ।

ধেমাজিৰ বৃদ্ধাশ্ৰম, চিকিৎসালয়ত ফলমূল বিতৰণ বিজেপিৰ কৰ্মকৰ্তাৰ

লগতে ধেমাজি নগৰস্থিত বৃদ্ধাশ্ৰম "জ্যেষ্ঠ কুঞ্জ"ৰ আবাসী আইতা-ককাসকলক জিলা বিজেপি(BJP)ৰ সভাপতি প্ৰেম দত্ত, মহিলা মৰ্চাৰ সভানেত্ৰী পুষ্পাঞ্জলি বৰগোহাঁই আদিৰ নেতৃত্বত যোৱা বিজেপিৰ কৰ্মকৰ্তাসকলে ফলমূল দিয়াৰ লগতে এযোৰকৈ বস্ত্ৰ প্ৰদান কৰি আইতা-ককাসকলৰ পৰা আশীৰ্বাদ লয় ৷ ইয়াৰ পাছতে ধেমাজি অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা ৰোগীৰ মাজত ফলমূল বিতৰণ কৰে বিজেপিৰ কৰ্মকৰ্তাসকলে ৷

ধেমাজিৰ বৃদ্ধাশ্ৰম, চিকিৎসালয়ত ফলমূল বিতৰণ বিজেপিৰ কৰ্মকৰ্তাৰ

একেদৰে জিলাৰখনৰ মাছখোৱা বৰাজানস্থিত অনাথ আশ্ৰম থকা শিশুসকলৰ মাজতো ফলমূলৰ বিতৰণ কৰা হয় । লগতে দলটোৰ বিভিন্ন মণ্ডল সমিতিয়ে নিজ নিজ এলেকাৰ চিকিৎসালয়ত ৰোগীৰ মাজত ফলমূল বিতৰণ কৰে ।

ধেমাজিৰ বৃদ্ধাশ্ৰম, চিকিৎসালয়ত ফলমূল বিতৰণ বিজেপিৰ কৰ্মকৰ্তাৰ

লগতে প্ৰধানমন্ত্ৰীগৰাকীৰ সু-স্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰি আশিস লয় ৷ কেৱল ধেমাজি জিলাতে নহয়, ৰাজ্যৰ আন আন জিলাতো এনে ধৰণৰ কাৰ্যসূচী অব্যাহত আছে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ জন্মদিন উপলক্ষে আয়োজিত এই ২১ দিনীয়া কাৰ্যসূচীক সফল কৰি তোলাৰ বাবে প্ৰয়াস কৰিছে বিজেপিৰ কৰ্মীসকলে ।

লগতে পঢ়ক:ক্ষতিপূৰণ লাভৰ পৰা বঞ্চিত ডিব্ৰুগড়ৰ ৫৯ গৰাকী গাহৰি পালক

ABOUT THE AUTHOR

...view details