ক্ষতিপূৰণ লাভৰ পৰা বঞ্চিত ডিব্ৰুগড়ৰ ৫৯ গৰাকী গাহৰি পালক

author img

By

Published : Sep 21, 2021, 3:22 PM IST

Local Pig farmers issue

অনিশ্চয়তাত ভুগিছে ডিব্ৰুগড় জিলাৰ গাহৰি পালকসকলে । বিগত বৰ্ষত আফ্ৰিকান স্বোৱাইন ফিভাৰত আক্ৰান্ত হৈ বহু গাহৰিৰ মৃত্যু হোৱাৰ পাছত ক্ষতিগ্ৰস্ত গাহৰি পালকসকললৈ ক্ষতিপূৰণ প্ৰদানৰ কথা ঘোষণা কৰিছিল ৰাজ্য চৰকাৰে । ডিব্ৰুগড়ত একাংশ গাহৰি পালক বাদ পৰিছে ক্ষতিগ্ৰস্ত গাহৰি পালকসকলৰ তালিকাৰ পৰা । সেয়ে, সোমবাৰে এই বিষয়ত উপায়ুক্তক এখন স্মাৰকপত্ৰ প্ৰদান কৰে টি এম পি কে আৰু ক্ষতিপূৰণ লাভৰ পৰা বঞ্চিত গাহৰি পালকসকলে ।

মৰাণ, ২১ ছেপ্টেম্বৰ: বিগত বৰ্ষত ক'ভিডৰ ভয়াৱহ সংক্ৰমণৰ মাজতে আফ্ৰিকান স্বোৱাইন ফিভাৰত আক্ৰান্ত হৈ ৰাজ্যত লাখ লাখ গাহৰিৰ মৃত্যু হৈছিল । ইয়াৰ পাছত ৰাজ্য চৰকাৰে ৰাজ্যখনত গাহৰিৰ চাহিদা পূৰণৰ বাবে আমদানি কৰিবলগীয়া হৈছিল বহিঃৰাজ্যৰ গাহৰি । কিন্তু গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কঠোৰ নিৰ্দেশনাৰ পিছত বন্ধ হৈছিল বহিঃৰাজ্যৰ গাহৰিৰ আমদানি‌ । শেহতীয়াকৈ ৰাজ্য চৰকাৰে থলুৱা গাহৰি উৎপাদনত গুৰুত্ব দিয়াৰ সমান্তৰালকৈ ক্ষতিগ্ৰস্ত গাহৰি পালকসকলক ক্ষতিপূৰণ আদায় দিয়াৰ কথা ঘোষণা কৰিছিল ।

ক্ষতিপূৰণ লাভৰ পৰা বঞ্চিত ডিব্ৰুগড়ৰ ৫৯ গৰাকী গাহৰি পালক

সেইমতে, জিলা প্ৰশাসন আৰু পশু চিকিৎসকৰ দলে গাঁৱে গাঁৱে জৰীপ চলাই ক্ষতিগ্ৰস্ত গাহৰি পালকৰ নাম তালিকাভুক্ত কৰে । কিন্তু শেহতীয়াকৈ গাহৰি পালন কৰি পৰিয়াল পোহপাল দিয়া ডিব্ৰুগড় জিলাৰ বহু গাহৰি পালকৰ নাম বাদ পৰিল ক্ষতিগ্ৰস্তৰ তালিকাৰ পৰা । কাৰ ভুলৰ বাবে এইসকল ক্ষতিগ্ৰস্তৰ নাম বাদ পৰিল তাক লৈ প্ৰতিক্ৰিয়া অব্যাহত থকাৰ সময়তে ক্ষতিগ্ৰস্তৰ তালিকাৰ পৰা নাম বাদ পৰি যোৱা একাংশ গাহৰি পালক কাষ চাপিল ডিব্ৰুগড় জিলা উপায়ুক্তৰ । জিলাখনৰ চাউলখোৱা মিচিং গাঁৱৰ ৫৯ গৰাকী গাহৰি পালকৰ নাম ক্ষতিগ্ৰস্তৰ তালিকাত অন্তৰ্ভুক্ত নোহোৱা সন্দৰ্ভত সোমবাৰে ডিব্ৰুগড় জিলাৰ উপায়ুক্তক সাক্ষাৎ কৰি এখন স্মাৰক পত্ৰ প্ৰদান কৰে গাহৰি পালক, টি এম পি কেৰ সদস্যসকলে ।

শীঘ্ৰে এই গাহৰি পালকসকলৰ নাম হিতাধিকাৰীৰ তালিকাত অন্তৰ্ভুক্ত কৰাৰ লগতে তেওঁলোকক তালিকাত অন্তৰ্ভুক্ত নকৰা বিষয়টোৰ তদন্তৰ ব্যৱস্থা কৰি দোষীক কঠোৰ শাস্তি বিহিবলৈ দাবী জনায় টি এম পি কেয়ে ।

লগতে পঢ়ক:গৈছিল পৰীক্ষা দিবলৈ; পালেগৈ ৰঙাঘৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.