অসম

assam

জোনাইত PMAYৰ নামত ব্যাপক দুৰ্নীতি

By

Published : Aug 30, 2022, 12:57 PM IST

প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ নামত ব্যাপক দুৰ্নীতি (PMAY corruption at Jonai)। দৰিদ্ৰ লোকৰ পৰিৱৰ্তে অট্টালিকা আৰু বিলাসী বাহন থকা লোকে পালে আঁচনিৰ ঘৰ । দুৰ্নীতিৰ তদন্তৰ দাবী হিতাধিকাৰীৰ ।

PMAY
জোনাইত PMAYৰ নামত ব্যাপক দুৰ্নীতি

জোনাই,৩০ আগষ্ট :জোনাইৰ মূৰ্কংচেলেক খণ্ড উন্নয়ন বিষয়া কাৰ্যালয়ৰ অন্তৰ্গত কেমি জেলেম গাঁও পঞ্চায়তত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ (Pradhan Mantri Awas Yojana) হিতাধিকাৰী বাছনি কৰাৰ ক্ষেত্ৰত ব্যাপক দুৰ্নীতি আৰু অনিয়ম সংঘটিত হৈছে (PMAY Beneficiary Selection corruption)। অভিযোগ অনুসৰি দৰিদ্ৰ সীমা ৰেখাৰ তলৰ বহু পৰিয়ালক বঞ্চিত কৰি এই আঁচনিৰ গৃহ লাভ কৰিছে ধনী শ্ৰেণীৰ লোকসকলে ।

অভিযোগ অনুসৰি হিতাধিকাৰী তালিকাত দুখীয়া পৰিয়ালৰ নামবোৰ অন্তৰ্ভুক্ত হয় যদিও পিছত ৰহস্যজনকভাৱে নামবোৰ নোহোৱা হৈ যায় । আনকি এই নামবোৰ সঠিকভাৱে দিয়াৰ নামত ৱাৰ্ড সদস্যই প্ৰতিটো দুখীয়া পৰিয়ালৰ পৰা ১০০-১৫০ টকা সংগ্ৰহ কৰাৰো অভিযোগ তুলিছে ভুক্তভোগী ৰাইজে । বিশেষকৈ কেমি জেলেম গাঁও পঞ্চায়তৰ অন্তৰ্গত এজন শৰ্মা উপাধিৰ বহু সম্পত্তিৰ গৰাকীয়ে কেনেকৈ দুখীয়াৰ বাবে চৰকাৰে দিয়া PMAY আঁচনিৰ গৃহ লাভ কৰিবলৈ সক্ষম হ'ল তাক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে ।

জোনাইত PMAYৰ নামত ব্যাপক দুৰ্নীতি

জানিব পৰা মতে এই শৰ্মা উপাধিৰ হিতাধিকাৰীগৰাকীৰ আছে পাঁচটাকৈ অট্টালিকাৰ ভাড়াঘৰ, বিলাসী গাড়ী, দুটা ধান মিলৰ লগতে বহু সম্পত্তি । মুঠতে প্ৰকৃত হিতাধিকাৰীক বাদ দি পঞ্চায়ত প্ৰতিনিধি তথা কৰ্মচাৰীসকলে একমাত্ৰ ধনৰ বিনিময়ত এনে কাৰ্য সংঘটিত কৰাৰ সন্দেহ কৰিছে ৰাইজে । সেয়ে এই সমগ্ৰ কেলেংকাৰী বন্ধ কৰি সঠিকভাৱে হিতাধিকাৰী বাছনি কৰিবলৈ গাঁৱৰ ৰাইজে আহ্বান জনাইছে । আনহাতে এই দুৰ্নীতিৰ সৈতে জড়িত সকলৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণৰো আহ্বান জনাই বঞ্চিত লোকসকলে ।

লগতে পঢ়ক :উন্নয়নৰ জয়জয় ময়ময় কালত ভগা বাঁহৰ দলঙেৰে যাতায়াত নাওবৈচাৰ একাংশ লোকৰ

ABOUT THE AUTHOR

...view details