ETV Bharat / state

উন্নয়নৰ জয়জয় ময়ময় কালত ভগা বাঁহৰ দলঙেৰে যাতায়াত নাওবৈচাৰ একাংশ লোকৰ

author img

By

Published : Aug 29, 2022, 8:56 PM IST

চৰকাৰে যাতায়তৰ ক্ষেত্ৰত উন্নয়ন হোৱা বুলি দাবী কৰি অহাৰ সময়তে এখন ভগ্ন দলঙে যমৰ যাতনা খুৱাইছে লখিমপুৰ জিলাৰ ১১০নং নাওবৈচা সমষ্টিৰ ফুলবাৰী পঞ্চায়তৰ অধীনস্থ ধেমাগড় গাঁৱৰ ৰাইজক (Broken bamboo bridge in Phulbari) ৷ উক্ত ভগা দলঙখনেৰে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীকে ধৰি একাংশ লোকে মৰণত শৰণ দি বিপদশংকুল যাত্ৰা অব্যাহত ৰাখিছে ৷

broken bamboo bridge in Phulbari
নাওবৈচাত উৱলিযোৱা দলঙেৰে যাতায়ত

নাওবৈচা, ২৯ আগষ্ট: ডিজিটেল ইণ্ডিয়াৰ যুগটো ৰাজ্যত পৰিস্ফুট হৈছে উন্নয়নৰ ফোঁপোলা স্বৰূপ । এই ফোঁপোলা স্বৰূপ এইবাৰ প্ৰতিফলিত হৈছে লখিমপুৰ জিলাৰ ১১০নং নাওবৈচা সমষ্টিৰ ফুলবাৰী পঞ্চায়তৰ অধীনস্থ ধেমাগড় গাঁৱত (Broken bamboo bridge in Naoboicha)। যোৱা ছয় বছৰে বিধ্বস্ত বাঁহৰ দলঙৰে যাতায়ত অব্যাহত কৰিছে গাঁওখনৰ ৰাইজে ।

এখন ভগা বাঁহৰ দলঙেৰে অহা-যোৱা কৰিছে গাঁওখনৰ কণ কণ ছাত্ৰ ছাত্ৰী আৰু বাকী ৰাইজে । তদুপৰি ৰোগীক নিবলৈ নাহে এম্বুলেঞ্চ । উল্লেখ্য় যে, ছয় বছৰৰ পূৰ্বে পাভ নদীৰ মথাউৰি ছিগাৰ লগতে গাঁওখনৰ মাজৰে যোৱা পথটো ওপৰত থকা কালৰ্ভাট ছিঙি নিয়ে ৷ ইয়াৰ পাছৰে পৰাই গাঁওখনৰ এটা স্থানৰ পৰা আনটো স্থানলৈ যাতায়াত কৰাত ব্যাহত হৈ পৰে । আনকি জৰুৰী অৱস্থাৰ সময়ত এখন উদ্ধাৰকাৰী বাহনো আহিব নোৱাৰে উক্ত স্থানলৈ ৷ এইক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষক বাৰম্বাৰ অৱগত কৰাৰ স্বত্বেও কোনো সুফল লাভ নকৰিলে অঞ্চলটোৰ ৰাইজে (Pathetic road connectivity in Naoboicha) ৷

উন্নয়নৰ ফোঁপোলা স্বৰূপ

গাঁওবাসীয়ে বহুবাৰ আবেদন-নিবেদন কৰাৰ পিছত বিগত ২০১৯-২০বৰ্ষত ফুলবাৰী গাঁও পঞ্চায়তৰ যোগেদি চতুৰ্দশ বিত্তীয় আয়োগৰ পুঁজিৰে (Scam in 14th Finance Commission Fund) কালভাৰ্টটো নিৰ্মাণ কৰিবলৈ ৯ লাখ টকাৰ আৱন্টন দিছিল । পৰিতাপৰ বিষয় যে, পঞ্চায়তখনৰ সভানেত্ৰী সেৱিকা বৰা আৰু কালভাৰ্টটো নিৰ্মাণকাৰী দালাল চক্ৰটোৱে কালভাৰ্টটো সম্পূৰ্ণকৈ নিৰ্মাণ নকৰি ৯ লাখ টকা আত্মসাৎ কৰাৰ বাবে গাঁওবাসীয়ে নিজেই কালভাৰ্টটো ওপৰত বাঁহৰ দলং সাজি ইপাৰ-সিপাৰ কৰি থাকিব লগীয়া হৈছে বুলি অভিযোগ কৰে (Broken bamboo bridge in Phulbari)।

গাঁওবাসীয়ে অভিযোগ কৰা মতে, পঞ্চায়ত সভানেত্ৰী সেৱিকা বৰা আৰু দালাল চক্ৰটোৱে কালভাৰ্টটো নিৰ্মাণৰ নামত কেৱল তলৰ অংশ নিৰ্মাণ কৰিয়েই ৯ লাখ টকা আত্মসাৎ কৰে । এই সম্পৰ্কত গাঁওখনৰ ৰাইজে পঞ্চায়ত সভানেত্ৰী অৱগত কৰাত কালভাৰ্টটো নিৰ্মাণ কৰি দিব বুলি কোৱাৰ পিছতো আজি দুটা বছৰে তেনেকৈ পেলাই থ’লে । বিশেষকৈ গাঁওখনৰ কণ কণ ছাত্ৰ-ছাত্ৰী সকলে মৰণত শৰণ দি ভগা বাঁহৰ দলঙৰে অহা যোৱা কৰি আহিছে যদিও পঞ্চায়ত কৰ্তৃপক্ষই এই ক্ষেত্ৰত কোনো গুৰুত্ব প্ৰদান নকৰাত গাঁওবাসী অধিক ক্ষুব্ধ হৈ পৰিছে ।

লগতে পঢ়ক:চাবুৱাৰ পুলুঙা গাঁও পঞ্চায়তৰ প্ৰাক্তন সভানেত্ৰীৰ মৃতদেহ উদ্ধাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.