অসম

assam

Mayodia natural beauty : মায়'ডিয়াৰ সৌন্দৰ্যই আপ্লুত কৰিছে পৰ্যটকক

By

Published : Jan 10, 2023, 6:08 PM IST

mayodia
মায়'ডিয়াৰ সৌন্দৰ্যই আপ্লুত কৰিছে পৰ্যটকক ()

উত্তৰ-পূৱৰ মিনি ছুইজাৰলেণ্ড খ্যাত অৰুণাচল প্ৰদেশৰ নামনি ডিবাং ভেলিৰ মায়'ডিয়া পাছত ভিৰ কৰিছে পৰ্যটকে (Natural beauty of Mayodia pass)। বৰফৰ শুভ্ৰ আচ্ছাদনৰ সাক্ষী হ'বলৈ দেশী-বিদেশী পৰ্যটকৰ আগমন হৈছে সেই স্থানলৈ । মায়'ডিয়াৰ অপৰূপ সৌন্দৰ্য দেখি আপ্লুত পৰ্যটক ।

মায়'ডিয়াৰ সৌন্দৰ্যই আপ্লুত কৰিছে পৰ্যটকক

জোনাই, ১০ জানুৱাৰী :প্ৰাকৃতিক সম্পদ আৰু ভৌগলিক পৰিৱেশৰ বাবে উত্তৰ-পূৰ্বাঞ্চল পৃথিৱী বিখ্যাত । পাহাৰ, নদ-নদী আদিৰে আৱৰা উত্তৰ-পূৱলৈ সেয়ে প্ৰতিবছৰে লাখ লাখ পৰ্যটকৰ আগমন হয় (North East tourist hot spots) । পৃথিৱীৰ ভিন্ন প্ৰান্তৰ পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু উত্তৰ-পূৱৰ আটাইকেইখন ৰাজ্য । ইয়াৰ ভিতৰত অন্যতম হৈছে অৰুণাচল প্ৰদেশ । ৰাজ্যখনৰ প্ৰাকৃতিক পৰিৱেশে প্ৰতিবছৰে আকৰ্ষণ কৰে পৰ্যটকক ।

এইবাৰো দেশী-বিদেশী পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দুত পৰিণত হৈছে অৰুণাচলৰ মায়’ডিয়া পাছ (Arunachal Mayodia Pass) ৷ বৰফৰ শুভ্ৰ আচ্ছাদনে আৱৰি ৰাখিছে অৰুণাচলৰ মায়'ডিয়া পাছক ৷ চাৰিওফালে কেৱল বৰফ আৰু বৰফ (Mayodia snow)। ৰাজ্যখনৰ বিভিন্ন ঠাইৰ মনোমোহা সৌন্দৰ্যই আপ্লুত কৰিছে পৰ্যটকক । যাৰ বাবে বিগত কেইটামান দিনত উত্তৰ-পূৱৰ ছুইজাৰলেণ্ড খ্যাত অৰুণাচললৈ যথেষ্ট পৰ্যটকৰ আগমন দেখিবলৈ পোৱা গৈছে ।

মায়'ডিয়াৰ সৌন্দৰ্য উপভোগ কৰিবলৈ বিপদসংকুল পথ অতিক্ৰম কৰি পৰ্যটকে ভিৰ কৰিছে । কণ কণ শিশুৰ পৰা আৰম্ভ কৰি পুৰুষ-মহিলা সকলোৱে বৰফৰ মাজত খেলিছে । মুঠতে আনন্দত মতলীয়া হৈ পৰিছে পৰ্যটকসকল । সচৰাচৰ ডিচেম্বৰ মাহৰ শেষৰ পৰা জানুৱাৰী মাহৰ শেষলৈকে মায়'ডিয়াক বৰফে ঢাকি ৰাখে । যান্ত্ৰিকতাৰ ব্যস্ততাৰ পৰা আতৰি সেয়ে এই সময়চোৱাৰ মায়'ডিয়াৰ বুকুত ভিৰ কৰে পৰ্যটকে (Natural beauty of Mayodia pass)।

এইবাৰো ব্যতিক্ৰম হোৱা নাই । মায়'ডিয়ালৈ কোনোৱে যদি দুচকীয়া বাহন লৈ গৈছে, কোনোৱে আকৌ পৰিয়াল তথা বন্ধুবৰ্গৰ সৈতে অৱসৰ বিনোদনৰ বাবে মায়'ডিয়ালৈ আহিছে । মায়'ডিয়াৰ এই অপৰূপ সৌন্দৰ্য দেখি অভিভূত হৈ পৰিছে দেশ-বিদেশৰ পৰ্যটকসকল । অসমৰ পৰাও বহু পৰ্যটকে চুবুৰীয়া ৰাজ্যৰ এই মায়'ডিয়াৰ প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিবলৈ যোৱা পৰিলক্ষিত হৈছে (Beauty of Mayodia has attracted tourists)।

এক কথাত ক'বলৈ গ'লে শীত ভালপোৱা, বৰফ ভালপোৱা সকলো পৰ্যটককে হাত বাউলি মাতিছে মায়'ডিয়াই । আনকি মায়'ডিয়াৰ এই সৌন্দৰ্য উপভোগ কৰিবলৈ আন আন লোকসকলকো আহ্বান জনাইছে পৰ্যটকসকলে ।

উল্লেখ্য যে তিনিচুকীয়া জিলাৰ শদিয়াৰ পৰা প্ৰায় ৭০ কিলোমিটাৰ দূৰত্বত আৰু সাগৰপৃষ্ঠৰ পৰা ৭৮১১ ফুট উচ্চতাত অৱস্থিত মিনি ছুইজাৰলেণ্ড খ্যাত নামনি ডিবাংভেলি জিলাৰ এই মায়'ডিয়া পাছ (Arunachal Mayodia Pass) ৷ বিগত বছৰত জানুৱাৰী মাহৰ শেষৰ ফালে কম সময়ৰ কাৰণে বৰফ পৰা পৰিলক্ষিত হয় যদিও এইবাৰ পবিত্ৰ বৰদিনৰ পৰাই মায়'ডিয়াত তুষাৰপাত (Snowfall in Miyodia) হোৱা দেখা গৈছে ।

লগতে পঢ়ক :Rupkowar Theater Festival 2023 : যোৰহাটত অনুষ্ঠিত হ’ব ৰূপকোঁৱৰ নাট্য উৎসৱ 2023

ABOUT THE AUTHOR

...view details