অসম

assam

ওৰাং ৰাষ্ট্ৰীয় উদ্যানত মৃত অৱস্থাত উদ্ধাৰ ঢেকীয়াপতীয়া

By

Published : Nov 4, 2021, 11:57 AM IST

bengal tiger found death at orang
ওৰাং ৰাষ্ট্ৰীয় উদ্যানত ঢেকীয়াপতীয়া বাঘৰ মৃত্যু

মঙলবাৰে পুৱাৰ ভাগত ওৰাং ৰাষ্ট্ৰীয় উদ্যান(Orang National Park)ৰ ৰামকোং(Ramkong) বন শিবিৰৰ সমীপত মৃত অৱস্থাত উদ্ধাৰ হয় এটা ঢেকীয়াপতীয়া বাঘ(Bengal Tiger) ৷ 3 ফুট ওখ আৰু 5.3 ফুট দীঘল পূৰ্ণ বয়স্ক বাঘটো আন এটা বাঘৰ সৈতে হোৱা সংঘৰ্ষৰ ফলত মৃত্যু হোৱা বুলি নিশ্চিত কৰে ঘটনাস্থলীত উপস্থিত থকা পশু চিকিৎসকৰ দলটোৱে ৷

দলগাঁও, 4 নৱেম্বৰ : ওৰাং ৰাষ্ট্ৰীয় উদ্যান(Orang National Park)ত মৃত্যু হয় এটি ঢেকীয়াপতীয়া বাঘ(Bengal Tiger)ৰ ৷ মঙলবাৰে পুৱাৰ ভাগত ৰামকোং(Ramkong) বন শিবিৰৰ সমীপতে বাঘটো মৃত অৱস্থাত প্ৰত্যক্ষ কৰে উদ্যানখনৰ তহলদাৰীয়ে ৷ ইয়াৰ পাচতে খবৰ পাই উদ্যানখনত উপস্থিত হয় বন বিষয়া প্ৰদীপ্ত বৰুৱাৰ লগতে পশু চিকিৎসক, NTCA আৰু সাংবাদিকৰ এটা দল ।

ওৰাং ৰাষ্ট্ৰীয় উদ্যানত ঢেকীয়াপতীয়া বাঘৰ মৃত্যু

ঘটনাস্থলীত উপস্থিত হৈ ঢেকীয়াপতীয়াটোৰ মৃত্যু সন্দৰ্ভত অনুসন্ধান আৰম্ভ কৰে বিষয়া-কৰ্মচাৰীসকলে । অনুসন্ধানত 3 ফুট ওখ আৰু 5.3 ফুট দীঘল পূৰ্ণ বয়স্ক বাঘটো আন এটা বাঘৰ সৈতে হোৱা সংঘৰ্ষ ফলত মৃত্যু হোৱা বুলি নিশ্চিত কৰে পশু চিকিৎসকৰ দলটোৱে ।

ওৰাং ৰাষ্ট্ৰীয় উদ্যানত ঢেকীয়াপতীয়া বাঘৰ মৃত্যু

মৃত বাঘটোৰ মৰণোত্তৰ পৰীক্ষা কৰি NTCAৰ নীতি-নিৰ্দেশনা অনুসৰি বাঘটোৰ অন্তিম সৎকাৰ কৰা হয় । উল্লেখ্য যে, মাত্ৰ 79.8 বৰ্গ কিল’মিটাৰ পৰিসীমাৰ ওৰাং ৰাষ্ট্ৰীয় উদ্যানত 32 টাকৈ ঢেকীয়াপতীয়া বাঘে বিচৰণ কৰি আছে ৷

ওৰাং ৰাষ্ট্ৰীয় উদ্যানত ঢেকীয়াপতীয়া বাঘৰ মৃত্যু

লগতে পঢ়ক :হোজাই জিলাত ৫ নৱেম্বৰত স্থানীয় বন্ধ ঘোষণা

ABOUT THE AUTHOR

...view details