অসম

assam

Garukhuti Eviction case: গৰুখুটিৰ উচ্ছেদিতক দলগাঁৱলৈ স্থানান্তৰ

By

Published : Feb 15, 2022, 9:55 PM IST

মঙলবাৰে গৰুখুটিৰ পৰা উচ্ছেদিত মুঠ 51টা পৰিয়ালক স্থানান্তৰ কৰা হ’ল দলগাঁও ৰাজহ চক্ৰৰ অন্তৰ্গত ৰৌমাৰী, আৰিমাৰি অঞ্চললৈ (Garukhuti evicted Families have been shifted to Dalgaon) । পুৱাৰে পৰা উচ্ছেদিত লোকসকলক স্থানান্তৰ কৰাৰ উদ্দেশ্যে দৰং জিলা প্ৰশাসনৰ তৰফৰ পৰা গ্ৰহণ কৰা হয় বিভিন্ন ব্যৱস্থা ৷

Garukhuti Eviction case
গৰুখুটিৰ উচ্ছেদিতক দলগাঁৱলৈ স্থানান্তৰ

দৰং, 15 ফেব্ৰুৱাৰী: চৰ্চাত আকৌ গৰুখুটিৰ উচ্ছেদৰ প্ৰসংগ (Garukhuti Eviction case) ৷ গৰুখুটিৰ উচ্ছেদ সন্দৰ্ভত জিলা প্ৰশাসনে গ্ৰহণ কৰিছে এক গুৰুত্বপূৰ্ণ পদক্ষেপ ৷ মঙলবাৰে গৰুখুটিৰ পৰা উচ্ছেদিত মুঠ 51 টা পৰিয়ালক স্থানান্তৰ কৰা হয় দলগাঁও ৰাজহ চক্ৰৰ অন্তৰ্গত ৰৌমাৰী, আৰিমাৰি অঞ্চললৈ (Garukhuti evicted Families have been shifted to Dalgaon)। জানিব পৰা মতে, উচ্ছেদিত লোকসকলক স্থানান্তৰ কৰিবলৈ জিলা প্ৰশাসনে যোগান ধৰে 100 খন টেক্টৰ ৷

প্ৰাপ্ত তথ্য অনুসৰি, গৰুখুটি কৃষি প্ৰকল্পত থকা মুঠ ২০৫১ টা পৰিয়ালক কৰা হৈছিল উচ্ছেদ । বিভিন্ন দল সংগঠনৰ সৈতে জিলা প্ৰশাসনৰ লগত হোৱা আলোচনাৰ মাধ্যমেৰে শান্তিপূৰ্ণভাৱে আগবাঢ়িছে এই উচ্ছেদ অভিযানৰ কাৰ্যসূচী । ইফালে উচ্ছেদিত লোকসকলকৰ দাবী, উচ্ছেদিত লোকসকলক সংস্থাপন কৰা নিৰ্ধাৰিত স্থানত প্ৰাশাসনে কৰি দিয়ক সকলো সুবিধা ৷

গৰুখুটিৰ উচ্ছেদিতক দলগাঁৱলৈ স্থানান্তৰ

উল্লেখ্য যে, বিগত বৰ্ষত গৰুখুটিত দৰং জিলা প্ৰশাসনৰ তৰফৰ পৰা চলোৱা হৈছিল উচ্ছেদ অভিযান ৷ এই অভিযান কালত সৃষ্টি হৈছিল এক অ-প্ৰীতিকৰ ঘটনা ৷ য’ত আৰক্ষীৰ গুলীত নিহত হৈছিল 2 জনকৈ উচ্ছেদিত প্ৰতিবাদকাৰী ৷

আনকি গৰুখুটিৰ উচ্ছেদ অভিযানৰ দ্বিতীয় দিনা বাধা প্ৰদান কৰিছিল বেদখলকাৰীসকলে । উচ্ছেদৰ বাবে যোৱা আৰক্ষী তথা প্ৰশাসনলৈ শিলাবর্ষণো কৰিছিল বেদখলকাৰীসকলে । যাৰ ফলত এগৰাকী মহিলা কনিষ্টবলসহ ৮ গৰাকী আৰক্ষী আঘাতপ্ৰাপ্ত হৈছিল ।

মঙলবাৰে দৰং জিলাৰ ৰাজহ চক্ৰ বিষয়াগৰাকীয়ে উল্লেখ কৰা অনুসৰি, ‘‘চৰকাৰী ভূমিত অবৈধভাৱে বেদখল কৰিলে পূৰ্বৰ দৰে অৱস্থাৰ সৃষ্টি হ’ব পাৰে ৷ সেয়ে কোনেও যাতে চৰকাৰী ভূমি বেদখল নকৰে’’ ৷

লগতে পঢ়ক :Eviction Drives: নিজে বেদখল ভূমি এৰিলে ধলপুৰৰ ৮৫ টা পৰিয়ালে

ABOUT THE AUTHOR

...view details