অসম

assam

পৃথক বড়োলেণ্ডৰ দাবীৰে নতুন উগ্ৰপন্থী সংগঠন ULBৰ আত্মপ্ৰকাশ

By

Published : Sep 17, 2021, 8:31 AM IST

Updated : Sep 17, 2021, 1:54 PM IST

new militant ULB formed

ডিভাইড আছাম 50/50 দাবীৰে নতুন উগ্ৰপন্থী(Militant) সংগঠন ইউনাইটেড লিবাৰেশ্যন ফ’ৰ বড়োলেণ্ড (ULB)ৰ আত্মপ্ৰকাশ ৷ পৃথক বড়োলেণ্ড গঠনৰ দাবীত 15 ছেপ্তেম্বৰত বিবৃতি আৰু এক ভিডিঅ’যোগে আত্মপ্ৰকাশ কৰে উগ্ৰপন্থী সংগঠনটোৱে ৷

চিৰাং, 17 ছেপ্তেম্বৰ: বড়োলেণ্ডত(Bodoland) শান্তি স্থাপনৰ লক্ষ্যৰে বিগত বৰ্ষৰ 27 জানুৱাৰীত সম্পন্ন হৈছিল ঐতিহাসিক বিটিআৰ চুক্তি(BTR Accord) ৷ কিন্তু চুক্তি স্বাক্ষৰৰ এবছৰ পাৰ হৈছিলহে মাত্ৰ, এনে সময়তে পূৰ্বৰ পৃথক বড়োলেণ্ডৰ দাবীৰে গা কৰি উঠিছে এক নতুন উগ্ৰপন্থী(Militant) সংগঠনে ৷ ডিভাইড আছাম 50/50 দাবীৰে ইউনাইটেড লিবাৰেশ্যন ফ’ৰ বড়োলেণ্ড (ULB) নামৰ নতুন উগ্ৰপন্থী সংগঠন এটাই এক বিবৃতি আৰু ভিডিঅ‘ৰ জৰিয়তে আত্মপ্ৰকাশ কৰিছে ৷

বিবৃতিত উল্লেখিত অনুসৰি সকলো ৰাজপত্ৰিত বিষয়া, চৰকাৰ আৰু ভাৰতৰ জনগণ তথা বিদেশীসকলৰ জ্ঞাতাৰ্থে বড়োসকলৰ অধিকাৰ পৃথক ৰাজ্য বড়োলেণ্ড গঠনৰ দাবীত নতুনকৈ সশস্ত্ৰ সংগঠন ‘United Liberation for Bodoland’ৰ জন্ম হয় ৷ বড়োসকল প্ৰাগজ্যোতিষপুৰ অথবা অসমৰ খিলঞ্জিয়া ভূমিপুত্ৰ । কিন্তু অন্য লোকে বহু ক্ষেত্ৰত বড়োসকলক ভাষা, সংস্কৃতি, ধৰ্ম, সমাজ, অৰ্থনৈতিক, ৰাজনৈতিক, শৈক্ষিক আদি ক্ষেত্ৰত ভাবুকি দি আহিছে ।

নতুন উগ্ৰপন্থী সংগঠন ULBৰ আত্মপ্ৰকাশ

বড়োসকলে পৃথক গৃহ ৰাজ্যৰ বাবে পূৰ্বৰ পৰাই আন্দোলন কৰি আহিছে, য’ত তেওঁলোকে শান্তিৰে মুকলিভাৱে বসবাস কৰিব । সংবাদ মাধ্যমযোগে প্ৰচাৰ কৰা ভিডিঅ’ত কোৱা হৈছে যে, বড়োসকলেও অন্যান্য জাতি-জনগোষ্ঠীৰ দৰেই সন্মান সহকাৰে শান্তিৰে জীয়াই থাকিব বিচাৰে । কঠোৰভাৱে ভাৰত চৰকাৰ আৰু অসম চৰকাৰৰ ওচৰত পৃথক ৰাজ্য বড়োলেণ্ড গঠনৰ বাবে দাবী জনায় নৱ গঠিত সংগঠনটোৱে ।

15 ছেপ্তেম্বৰত এই সশস্ত্ৰ সংগঠনটোৰ জন্ম হোৱা বুলি বিবৃতিত উল্লেখ কৰা হৈছে ৷ শেষ উশাহ থকালৈকে এই অধিকাৰৰ বাবে যুঁজ দি যাব ইউ এল বিয়ে ৷ সংগঠনটোৰ দাবী অনুসৰি ‘আমি বড়োলেণ্ড বিচাৰো’, ‘এই ভূমি আমাৰ ভূমি’, ‘ইউএলবি দীৰ্ঘজীৱি হওক’, ‘বড়ো জাতিৰ জয় হওক’ আদি দাবীসমূহ বিবৃতিখনত উল্লেখ আছে । অৱশ্যে সংগঠনটোত কোন কোন জড়িত হৈ আছে বা ইয়াৰ নেতৃত্বত কোন আছে, সেয়া বিবৃতিখনত উল্লেখ কৰা হোৱা নাই ৷

উগ্ৰপন্থী সংগঠনটোৱে সংবাদ মাধ্যমলৈ জাৰি কৰা ভিডিঅ’যোগে কয় যে, ‘‘আমি আকৌ জংগললৈ ঘুৰি আহিবলগীয়া হ’ল । এয়া বড়ো জাতিৰ বাবে বহু দুখ লগা কথা । কিয়নো আমি বড়ো জাতিয়ে শান্তি বিচাৰিছিলো, কিন্তু আজি ৰাজনৈতিক লাভালাভৰ বাবে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই(Himanta Biswa Sarma) বড়োসকলৰ মনত আঘাত দিছে’’ ।

‘‘তামুলপুৰত আহি মুখ্যমন্ত্ৰী হিমন্ত বিশ্বই কৈছিল যে, অসম কেতিয়াও বিভাজন নহয় । ইংৰাজৰ দৰে হিমন্তই কোৱা কথা আমি মানি নলও । আমি ইউ এল বিয়ে বড়োলেণ্ড নোপোৱালৈ জিৰণি নলও । আমি আমাৰ জাতি শান্তিত জীয়াই থাকিবৰ বাবে সংগ্ৰাম কৰিম । বড়োলেণ্ড নহ’লে কেতিয়াও আমাৰ শান্তি নহয় । অসম চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ বাবে আমি আকৌ জংগললৈ আহিবলগীয়া হৈছে’’ ।

পৃথক বড়োলেণ্ড লাভ নকৰালৈকে সংগ্ৰাম অব্যাহত ৰাখিব বুলি সংগঠনটোৱে ভিডিঅ’যোগে সদৰী কৰে ৷ অসম চৰকাৰক সকীয়নি দি সংগঠনটোৱে ধেমাজি, শোণিতপুৰ, গহপুৰ বিটিআৰত(BTR) অন্তৰ্ভুক্ত কৰিবলৈ আহ্বান জনায় । ভিডিঅ’ বাৰ্তাত সংগঠনটোৱে স্পষ্টকৈ জনায় যে, ইউ এন ডিৰ নেতৃত্বত বি মুখাং, সহকাৰী হিচাপে বি খাউছেথি, শোণিতপুৰ জিলাৰ কামাণ্ডাৰ হিচাপে ডি মোব্লাউ, চিৰাং জিলা কামাণ্ডাৰ হিচাপে ডি ৰোইৰোব, ধেমাজি জিলাৰ কামাণ্ডাৰ হিচাপে ডি মুকথাং, বাক্সা জিলাৰ কামাণ্ডাৰ ডি মোইব্ৰুব, ধুবুৰী জিলাৰ কামাণ্ডাৰ হিচাপে ডি খাংখ্ৰাই আৰু কোকৰাঝাৰ জিলাৰ কামাণ্ডাৰ হিচাপে বি ছাউখ্ৰেৱক দায়িত্ব দিয়া হৈছে ৷

নতুনকৈ গঠন হোৱা এই উগ্ৰপন্থী সংগঠনটোক লৈ এতিয়া আৰক্ষী-নিৰাপত্তা বাহিনীৰ মাজত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ । পুনৰ অসম ৰাজ্য অশান্ত হোৱাৰ আশংকা প্ৰকাশ কৰা হৈছে ৷ শেহতীয়াকৈ বিটিআৰ চুক্তিৰ জৰিয়তে স্থায়ী শান্তি প্ৰতিষ্ঠাৰ কথা কোৱা হৈছে যদিও আকৌ উগ্ৰপন্থী সংগঠনৰ জন্মই কি ইংগিত বহন কৰিছে, তাক লৈও প্ৰশ্নৰ অৱতাৰণা হৈছে সচেতন মহলৰ মাজত ।

লগতে পঢ়ক:থাওৰাত হাইভল্টেজ পলিটিকেল ড্ৰামা !

Last Updated :Sep 17, 2021, 1:54 PM IST

ABOUT THE AUTHOR

...view details