থাওৰাত হাইভল্টেজ পলিটিকেল ড্ৰামা !

author img

By

Published : Sep 16, 2021, 8:04 PM IST

Updated : Sep 16, 2021, 9:47 PM IST

high-voltage-political-drama-before-by-election-in-thowra-lac

বিজেপিৰ কাৰণে হেনো ফেক্টৰেই নহয় ধৈৰ্য্য কোঁৱৰ ৷ উপ-নিৰ্বাচনত বিপুল ভোটত জয় লাভ কৰিব নেকি বিজেপিয়ে ? উন্নয়নৰ বাবে নাই নেকি বিজেপিৰ বিকল্প ? আহক এই সম্পৰ্কত জানো সাংসদ তপন গগৈৰ ভাষ্য ৷

ডিব্ৰুগড়, 16 ছেপ্টেম্বৰ : ৰাজ্যত এতিয়া উপ-নিৰ্বাচনৰ বতাহ বলিছে ৷ কি শাসক কি বিৰোধী সকলোৰে দৃষ্টি নিবদ্ধ হৈ পৰিছে ছটাকৈ সমষ্টিত হ’ব লগীয়া উপ-নিৰ্বাচনত ৷ এই উপ নিৰ্বাচনত এটা হাইভল্টেজ সমষ্টিত পৰিণত হৈছে থাওৰা সমষ্টি ৷ বিশেষকৈ কৃষক মুক্তি সংগ্ৰাম সমিতি ত্যাগ দি ৰাইজৰ দলত যোগদান কৰা ধৈৰ্য্য কোঁৱৰক থাওৰাৰ প্ৰাৰ্থী হিচাপে অখিল গগৈ তথা ৰাইজৰ দলে প্ৰক্ষেপ কৰাৰ পিছত সুশান্ত বৰগোঁহাই বনাম ধৈৰ্য্য কোঁৱৰৰ সাম্ভাব্য নিৰ্বাচনী যুঁজ খন বেচ আকৰ্ষণীয় হৈ পৰিছে ৷

এনে সময়তে সাংসদ তপন গগৈয়ে ধৈৰ্য্য কোঁৱৰ সন্দৰ্ভত আগবঢ়াইছে বিশেষ মন্তব্য ৷ ইফালে, দলৰ নিৰ্বাচন কেন্দ্ৰিক প্ৰস্তুতি সন্দৰ্ভতো confidence প্ৰকাশ পালে সাংসদ গগৈৰ ভাষ্যত ৷ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমক ভাৰতবৰ্ষৰ প্ৰথম পাঁচখন ৰাজ্যৰ ভিতৰত স্থাপন কৰাৰ বাবে প্ৰচেষ্টা অব্যাহত থকাৰ কথাও উল্লেখ কৰিলে গগৈয়ে ।

থাওৰাত হাইভল্টেজ পলিটিকেল ড্ৰামা !

ইফালে, বিজেপি অবিহনে ৰাজ্যৰ উন্নতি সম্ভৱ নহয় বুলিও মন্তব্য কৰিলে গগৈয়ে ৷ মৰিয়নীৰ প্ৰাক্তন বিধায়ক ৰূপজ্যোতি কুৰ্মী অথবা সুশান্ত বৰগোঁহাইৰ বিজেপিত যোগদানো ইয়াৰে পৰিচায়ক বুলিও মন্তব্য কৰিলে তেওঁ ৷ সাতে-সোতৰই এতিয়া শাসক বিৰোধীৰ উভয় পক্ষক উদ্দেশ্য কৰি কৰা তীব্ৰ বাক্য বাণে উপ-নিৰ্বাচনক ইতিমধ্যে এখন suspence thriller ত পৰিণত কৰিছে ৷

লগতে পঢ়ক : মই পৃথিৱীৰ বেছিভাগ কামেই জানো, সুশান্তই কেৱল দালালি কৰিব জানে: অখিল

Last Updated :Sep 16, 2021, 9:47 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.